Home Main Stories কোৰোনাত আক্ৰান্ত হৈ থকা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালক ফাৰ্ম-টু-ফুডে প্ৰদান কৰিলে...

কোৰোনাত আক্ৰান্ত হৈ থকা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালক ফাৰ্ম-টু-ফুডে প্ৰদান কৰিলে খাদ্য সামগ্ৰীৰ টোপোলা

31
0

গণ বাৰ্তা ,পশ্চিম যোৰহাট, ২২ মে’ : কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত ৰাজ্যত পৰিচালিত হৈ থকা বেচৰকাৰী সংগঠন ফাৰ্ম-টু-ফুডৰ হৈ কৰ্মীসকলে কোৰনাত আক্ৰান্ত হৈ ঘৰতে আবদ্ধ হৈ থকা ৰাজ্যখনৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালসমূহক প্ৰদান কৰি আছে একোটাকৈ খাদ্য সামগ্ৰীৰ টোপোলা। টোপোলাটোত আছে ২৫ কেজি চাউল,৫ কেজি মচুৰ,৫ কেজি চিৰা,১০ কেজি আলু,২ কেজি পিঁয়াজ,৩ লিটাৰ মিঠাতেল,১ কেজি নিমখ,২ কেজি চেনী,২৫০ গ্ৰাম চাহপাত,২ টা ৰঙালাউ,১ টা কোমোৰাৰ লগতে চেনিটাইজাৰ আৰু ৬ খনকৈ মাস্ক। যোৰহাট জিলাখনৰ অন্যান্য স্থানৰ লগতে পশ্চিম যোৰহাট অঞ্চলৰ পুলিবৰ ডেকাগাঁৱৰ ১৫ টা, পকামূৰা বৰশইকীয়াৰ ১১ টা, বাহেক গাঁৱৰ ১৩ টা, কাঠনিবাৰীৰ ৪ টা পৰিয়ালক উক্ত খাদ্য সামগ্ৰীৰ একোটাকৈ টোপোলা ফাৰ্ম-টু-ফুডৰ হৈ বাণী হাজৰিকা, বিকাশ গগৈ আৰু পৰাগ মহন্তই পৰিয়ালসমূহক ২২ মে’ তাৰিখে প্ৰদান কৰে। এই ক্ষেত্ৰত স্থানীয় কেইজনমান লোকে ফাৰ্ম-টু-ফুডৰ কৰ্মীসকলক নিজ নিজ এলেকাত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণত সহযোগিতা কৰাৰ পাছতে ছ’চিয়েল মেডিয়াত ফ’টোসহ সহযোগিতা কৰা কৰ্মীসকলে জড়িত থকা অনুষ্ঠান-সংগঠনৰ হৈ খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰা বুলি প্ৰচাৰ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।আনৰ সান্দহেৰে বিহু পতা বুলি এইসকল সমাজকৰ্মীক ৰাইজে আখ্যা দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here