Home Main Stories স্বচ্ছ, নিকা আৰু সুৰক্ষিত উপ নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন আয়োগ: পাঁচ সমষ্টিত...

স্বচ্ছ, নিকা আৰু সুৰক্ষিত উপ নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন আয়োগ: পাঁচ সমষ্টিত ৭,৯৬,৪৫৬ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

269
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ অক্টোবৰ: আগন্তুক অসম বিধানসভাৰ উপ-নিৰ্বাচন মুক্ত, নিকা আৰু নিৰাপদভাৱে অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগ সাজু হৈ উঠিছে৷ অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতীন খাড়েৰ নেতৃত্বত বিভাগীয় প্ৰতিটো শাখাই নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰি আছে৷ আইন-শৃৃংখলা, ব্যয় আদি সকলো দিশতে নিৰীক্ষণ কৰাৰ উদ্দেশ্যে ইতিমধ্যে সাধাৰণ, আৰক্ষী আৰু ব্যয় পৰ্যৱেক্ষক নিয়োগ কৰা হৈছে৷ তদুপৰি প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোট গ্ৰহণত অংশগ্ৰহণ চমুকৈ SVEE ত যোগেদি সকলো নাগৰিককে ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে আৰু ক’ভিড বিধি মানি চলা সম্পৰ্কত সজাগ কৰাৰ বাবে বিশেষ সজাগতামূলক প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে৷ফলপ্ৰসূ নিৰীক্ষণ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই ভোট গ্ৰহণৰ নিৰীক্ষণ প্ৰক্ৰিয়াত ৱেবকাষ্টিঙৰ ব্যৱস্থা সংযোগ কৰিছে৷ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ প্তটা সমষ্টিৰ সৰ্বমুঠ ৰ,১৭৬টা ভোট গ্ৰহণ কেন্দ্ৰৰ প্ৰতিটোতে এই ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ ভিতৰত ২৮নং গোসাইগাঁৱত ২৮৫টা, ৪১নং ভৱানীপুৰত ২১৩টা, ৫৮নং তামুলপুৰত ৩২২টা, ১০১নং মৰিয়নীত ১৮৩টা আৰু ১০৭নং থাওৰা সমষ্টিত ১৭৩টা ভোট গ্ৰহণ কেন্দ্ৰ আছে৷ ইয়াৰে ৯৮৯টা মূল ভোট কেন্দ্ৰ আৰু ১৮৭ টা সহযোগী ভোট কেন্দ্ৰ৷ ৱেবকাষ্টিং ব্যৱস্থাৰ জৰিয়তে ভোট কেন্দ্ৰসমূহৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয় আৰু নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ পৰা পোনপটীয়াকৈ পৰ্যৱেক্ষণ কৰিব পাৰিব৷ তদুপৰি ভোট কেন্দ্ৰসমূহৰ সুৰক্ষাৰ বাবে প্ৰতিটো ভোট কেন্দ্ৰ স্থাপন কৰা স্থানত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ জোৱানৰ গোট মোতায়েন কৰা হৈছে৷ আনহাতে, প্ৰতিটো ভোট কেন্দ্ৰতে ক’ভিড প্ৰট’কল মানি চলাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ প্ৰতিটো ভোট কেন্দ্ৰতে ভোটাৰসকলৰ মাজত নিৰ্দিষ্ট দূৰত্ব বজাই চলাৰ বাবে ব্যৱস্থা লোৱাৰ উপৰি, মাস্ক, ছেনিটাইজাৰ আদি উপলব্ধ কৰি সকলো সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ আগন্তুক উপ-নিৰ্বাচনত মুঠ প্ত,৪১০গৰাকী ভোট গ্ৰহণ বিষয়া নিয়োগ কৰা হ’ব৷
আনহাতে, ভোট গ্ৰহণৰ বাবে ৰ,৮৬৯টা বেলট ইউনিট, ৰ,৮৪৪টা কণ্ট্ৰোল ইউনিট আৰু ৰ,৮৬১টা ভিভিপিএটি মেচিন সাজু কৰি তোলা হৈছে৷ আনহাতে, সমাগত উপ-নিৰ্বাচনত পাঁচোটা সমষ্টি মিলি মুঠ ৭,৯৬,৪৫৬গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব৷ ইয়াৰ ভিতৰত ৭,০৩,৩৭৪জন পুৰুষ, ৩,৯৩,০৭৮গৰাকী মহিলা আৰুগৰাকী তৃতীয় লিংগৰ ব্যক্তি৷ ইয়াৰ উপৰি ৩,১৬৫গৰাকী ছাৰ্ভিচ ভোটাৰ আছে৷ আনহাতে, ভোট গ্ৰহণ হ’বলগীয়া সমষ্টিকেইটাৰ ভিতৰত ২,১৭,৪৩২গৰাকী ভোটদাতাৰে তামুলপুৰ সমষ্টিত আটাইতকৈ অধিক ভোটদাতা থকাৰ বিপৰীতে থাওৰাসমষ্টিত আটাইতকৈ কম ৰ,১৫,৯৭১গৰাকী ভোটদাতা আছে৷ চলিত বৰ্ষৰ ৰ জানুৱাৰীক ভিত্তি তাৰিখ¸ হিচাপে লৈ যোৱাবৰ্ষৰ ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিশেষ সংক্ষিপ্ত সংশোধনীৰ যোগে যোৱা জ্জ্ব অক্টোবৰলৈ এইবাৰৰ ভোটাৰ তালিকাত এই সমষ্টিকেইটাত মুঠ ৪৩,২২৯গৰাকী ভোটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে৷ আনহাতে, এই উপ-নিৰ্বাচনত ৭,৮৬৪গৰাকী ৮০বছৰৰ ঊৰ্ধৰ ভোটাৰ আৰু চ্ছ্ৰ,৯৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ উল্লেখ্য যে ২৮নংগোসাইগাঁও সমষ্টিত আঠগৰাকী, ৪১নং ভৱানীপুৰত আঠগৰাকী, ৫৮নং তামুলপুৰত ছগৰাকী, ১০১নং মৰিয়নীত চাৰিগৰাকী আৰু ১০৭নং থাওৰা সমষ্টিত পাঁচগৰাকী মিলি মুঠ ৩১গৰাকী প্ৰাৰ্থীয়ে প্তটা সমষ্টিৰ বাবে অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে আগন্তুক উপ-নিৰ্বাচনত ভোটদানৰ বাবে দিব্যাংগসকলৰ সহায়ক হোৱাকৈ আন এটা এণ্ড্ৰৰইডভিত্তিক ম’বাইল এপ্লিকেচন প্ৰস্তুত কৰি উলিওৱা হৈছে৷ Divyaang Sarathi Nirvachan শীৰ্ষক এই এপ্লিকেচনটো ব্যৱহাৰ কৰি দিব্যাংগসকলে ভোটদানৰ বাবে ভোটকেন্দ্ৰলৈ অহা-যোৱা কৰিবলৈ বাহনৰ বাবে অনলাইন আবেদন জনাব পাৰিব৷ এই নিৰ্বাচনত নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ ভোটদান সুনিশ্চিত কৰিবৰ বাবে অসমৰ মুখ্য নিৰ্বাচন বিষয়া নীতীন খাড়েয়ে সংশ্লিষ্ট সকলোৰে প্ৰতি গোহাৰি জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here