Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰথমবাৰলৈ ৪ সাধাৰণ নাগৰিকক মহাকাশলৈ প্ৰেৰণ

প্ৰথমবাৰলৈ ৪ সাধাৰণ নাগৰিকক মহাকাশলৈ প্ৰেৰণ

141
0



ফ্ল’ৰিডা, ১৬ ছেপ্টেম্বৰ ঃ প্ৰখ্যাত উদ্যোগপতি এলেন মাক্সৰ আমেৰিকাৰ এয়াৰস্পেচ কোম্পানী ‘স্পেচএক্স’য়ে চাৰি সাধাৰণ নাগৰিকক মহাকাশলৈ প্ৰেৰণ কৰি এক বিৰল কৃতিত্ব অৰ্জন কৰিছে। প্ৰথমবাৰলৈ চাৰিজন সাধাৰণ নাগৰিক মহাকাশলৈ ৰাওনা হৈছে। স্পেচএক্সে আজি ইনস্পিৰেচন মিছনৰ জৰিয়তে প্ৰথমবাৰলৈ চাৰিগৰাকী সাধাৰণ নাগৰিকক মহাকাশলৈ প্ৰেৰণ কৰি ইতিহাস সৃষ্টি কৰিছে। আমেৰিকাৰ ফ্ল’ৰিডাস্থিত কেনেডি স্পেচ চেণ্টাৰৰ পৰা আজি পুৱা ভাৰতীয় সময় অনুসৰি প্ৰায় ৫.৩০ বজাত চাৰিজন সাধাৰণ নাগৰিকক লৈ স্পেচএক্সৰ ক্ৰু’ড্ৰেগন কেপছুল ফাক্লন-৯ ৰকেট মহাকাশলৈ ৰাওনা হয়। এই চাৰিগৰাকী মহাকাশ যাত্ৰী পৃথিৱীৰ পৰা ৫৭৫ কিলোমিটাৰ উচ্চতাত যাত্ৰা কৰি আছে। যাত্ৰীকেইগৰাকী তিনিদিন মহাকাশৰ কক্ষপথ পৰিভ্ৰমণ কৰিব। ভ্ৰমণৰ মূল গুৰুত্বপূৰ্ণ কথাটো হৈছে  যাত্ৰীকেইগৰাকীৰ কোনো এগৰাকী প্ৰশিক্ষিত মহাকাশচাৰী নহয়। এই মিছনত ইনস্পিৰেচন-৪ বুলি নামকৰণ কৰা হৈছে। ২০১৯ৰ পিছত প্ৰথমবাৰলৈ মানৱ জাতি পৃথিৱীৰ পৰা ৫৭৫ উচ্চতাত ভ্ৰমণ কৰি আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here