Home Main Stories প্ৰথমবাৰলৈ আইচিচি টেষ্ট ৰেংকিঙৰ বেটছমেনৰ তালিকাৰ শীৰ্ষ-১০ৰ পৰা বাহিৰ বিৰাট কোহলী

প্ৰথমবাৰলৈ আইচিচি টেষ্ট ৰেংকিঙৰ বেটছমেনৰ তালিকাৰ শীৰ্ষ-১০ৰ পৰা বাহিৰ বিৰাট কোহলী

178
0

ডুবাই, ৭ জুলাই: বুধবাৰে প্ৰকাশিত শেহতীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) টেষ্ট ৰেংকিঙত বেটছমেনৰ তালিকাত ভাৰতৰ তাৰকা উইকেটকিপাৰ বেটছমেন ঋষভ পন্টে পাঁচটা স্থান আগুৱাই কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ পঞ্চম স্থানলৈ উন্নীত হয়, আনহাতে দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা বিৰাট কোহলী ছয় বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে শীৰ্ষ-১০ৰ পৰা বাহিৰ হৈছে। ক’ভিডৰ বাবে পিছুৱাই দিয়া পঞ্চম টেষ্টখন শেহতীয়াকৈ অনুষ্ঠিত হৈ যায়। যিখনত ইংলেণ্ডৰ বিৰুদ্ধে পণ্টে দুয়োটা ইনিংছতে ২৪৬ আৰু ৫৭ ৰান সংগ্ৰহ কৰে। পণ্টে যোৱা ছয়খন টেষ্ট ইনিংছত দুটা শতক আৰু তিনিটা অৰ্ধ-শতক অৰ্জন কৰিছে। ভাৰতৰ প্ৰাক্তন অধিনায়ক কোহলীয়ে অৱশ্যে চাৰিটা স্থান হেৰুৱাই বেটিং ৰেংকিঙত ১৩ তম স্থানলৈ অৱনমিত হৈছে। তেওঁ কিছু সময়ৰ পৰা দুৰ্বল ফৰ্মৰ সৈতে যুঁজি আছে। কোহলীয়ে ছয় বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে টেষ্ট ৰেংকিঙৰ শীৰ্ষ ১০ ৰ পৰা বাদ পৰিছে। ক’ভিড-১৯ পজিটিভ পোৱাৰ বাবে এজবাষ্টন টেষ্টৰ পৰা বাহিৰ হোৱা বৰ্তমানৰ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাইও ৰেংকিঙত এটা স্থান হেৰুৱাইছে। তেওঁ নৱম স্থানত আছে। এজবাষ্টনত ইংলেণ্ডৰ দ্বিতীয় ইনিংছত অপৰাজিত ১৪২ ৰান সংগ্ৰহ কৰা জ’ ৰুটে বেটিং ৰেংকিঙৰ শীৰ্ষত নিজৰ স্থান শক্তিশালী কৰিছে। তেওঁৰ ৯২৩ পইণ্ট আছে। অষ্ট্ৰেলিয়াৰ বেটছমেন মাৰ্নাছ লাবুচাগনে আৰু ষ্টিভ স্মিথ ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। ভাৰতৰ বিৰুদ্ধে পঞ্চম টেষ্টৰ দুয়োটা ইনিংছতে সুন্দৰ ফৰ্মৰ মাজেৰে গৈ শতক অৰ্জন কৰা জনি বেয়াৰষ্টোৱে ৰেংকিঙত ১১ টা স্থান জঁপিয়াই দশম স্থানত উপনীত হৈছে। বেয়াৰষ্টোৱে চলিত আইচিচি টেষ্ট চেম্পিয়নশ্বিপ চক্ৰত ছয়টা শতকৰ সহায়ত এতিয়ালৈকে ৫৫.৩৬ গড়ে ১২১৮ ৰান সংগ্ৰহ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here