Home Main Stories কাগজ কলৰ কৰ্মচাৰীৰ কল্যাণৰ অৰ্থে ২৫ কোটি টকাৰ পুঁজিৰে গঠন হ’ব ন্যাস,...

কাগজ কলৰ কৰ্মচাৰীৰ কল্যাণৰ অৰ্থে ২৫ কোটি টকাৰ পুঁজিৰে গঠন হ’ব ন্যাস, গুৱাহাটী আৰু জাগীৰোডৰ মাজত আঠশৰীয়া ‘ছুপাৰ হাইৱে’ নিৰ্মাণৰ বাবেও পৰিকল্পনা চৰকাৰৰ : মুখ্যমন্ত্ৰী

162
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী,৭ জুলাই ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত হিন্দুস্তান পেপাৰ কৰ্প’ৰেছন লিমিটেড [লিকুইডেটেড]ৰ প্ৰাক্তন কৰ্মচাৰী আৰু কৰ্মীসকলৰ বাবে অসম চৰকাৰৰ আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে হিন্দুস্তান পেপাৰ কৰ্প’ৰেছন লিমিটেডৰ নগাঁও আৰু কাছাৰস্থিত কাগজ কল দুটা বন্ধ হৈ যোৱাৰ ফলত আৰ্থিক দুৰ্দশাৰ সন্মুখীন হোৱা এই কল দুটাত কাম কৰা কৰ্মচাৰীসকললৈ মানৱীয়তাৰ আধাৰত আৰ্থিক সাহায্য প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই দুয়োটা কাগজ কলৰ সৈতে জড়িত সমস্যাৰাজি সমাধানৰ বাবদ ৰাজ্য চৰকাৰৰ ব্যয় হ’ব ৮১০.০২ কোটি টকা৷ ৰাজ্য চৰকাৰৰ এই সাহায্য পুঁজিয়ে কাগজ কল দুটাৰ ২,০০৩গৰাকী নিয়মীয়া কৰ্মচাৰী আৰু ৭৪৮ গৰাকী ঠিকাভিত্তিক কৰ্মীকে ধৰি ২,৭৫১ গৰাকী কৰ্মচাৰীক উপকৃত কৰিব৷ এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজিৰ দিনটো ৰাজ্যখনৰ বাবে অত্যন্ত ইতিবাচক দিন বুলি অভিহিত কৰে৷ তেওঁ কয় যে হিন্দুস্তান পেপাৰ কৰ্প’ৰেছন লিমিটেডৰ নগাঁও আৰু কাছাৰস্থিত কাগজ কল দুটা বন্ধ হৈ যোৱাৰ পিছত বিগত প্ত-৬ বছৰ ধৰি কল দুটাৰ কৰ্মচাৰী, কৰ্মীকে ধৰি তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ দুৰ্দশাই ৰাজ্যখনৰ জনসাধাৰণক উদ্বিগ্ন কৰি ৰখাৰ লগতে এই সন্দৰ্ভত সংবাদ মাধ্যমতো বিভিন্ন বাতৰি প্ৰকাশিত হৈছিল৷ ৰাজ্যত প্ৰথমবাৰৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পিছত কল দুটাৰ কৰ্মচাৰীসকললৈ বিনামূলীয়া বিদ্যুৎ সেৱা, কৰ্মচাৰীসকলৰ সন্তানৰ শিক্ষা গ্ৰহণত সহায়ক হোৱাকৈ বৃত্তি প্ৰদান আদিৰ দৰে ব্যৱস্থা লোৱা হৈছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখন দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দিক্‌নিৰ্দেশনা সাৰোগত কৰি কাগজ কল দুটা বন্ধ হৈ পৰাৰ ফলত সৃষ্টি হোৱা সমস্যাৰাজি সমাধানৰ অৰ্থে যাৱতীয় পদক্ষেপ লৈ পৰৱৰ্তী সময়ত কল দুটা ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে৷ তেওঁ লগতে মন্তব্য কৰে যে এই সময়ছোৱাত ৰাজ্য চৰকাৰে দুয়োটা কাগজ কলৰ কৰ্মচাৰী সংগঠনৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হৈ কল দুটা বন্ধ হোৱা দিনটোলৈকে আদায় দিবলৈ বাকী থকা দৰমহা, কল দুটাৰ নিয়োগযোগ্য কৰ্মচাৰীক তেওঁলোকৰ যোগ্যতা ভিত্তিত অসম চৰকাৰৰ অধীনত পুনৰ সংস্থাপনৰ ব্যৱস্থা আদিৰ দৰে সিদ্ধান্ত লোৱা হৈছিল৷ আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে কয় যে এই সাহায্য পেকেজৰ অধীনত ২৫ কোটি টকাৰ বৰ্ধিত পুঁজিৰে কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰ কল্যাণৰ অৰ্থে এটা ন্যাস গঠন কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ এই ন্যাসৰ পুঁজিৰ পৰা বছৰি লাভ কৰা সুতৰ টকা কৰ্মচাৰীসকলৰ চিকিৎসা, শৈক্ষিক আৰু সামাজিক সুৰক্ষাৰ দিশত ব্যয় কৰা হ’ব৷ কাছাৰ কাগজ কলটোৰ ভূমিত পুনৰ এটা কাগজ কল আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা ল’ব বুলিও তেওঁ ভাষণ প্ৰসংগত সদৰী কৰে৷ আনহাতে জাগীৰোড কাগজ কলৰ ভূমি ৰাজ্যৰ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে ব্যৱহৃত হ’ব বুলি তেওঁ কয়৷ ড॰ শৰ্মাই লগতে সদৰী কৰে যে দ্ৰুত যাতায়াতৰ সুবিধাৰ্থে গুৱাহাটী আৰু জাগীৰোডৰ মাজত আঠশৰীয়া ‘ছুপাৰ হাইৱে’ নিৰ্মাণৰ বাবেও ৰাজ্য চৰকাৰে পৰিকল্পনা লৈছে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে ৮৪গৰাকী নিয়োগযোগ্য কৰ্মচাৰীক তেওঁলোকৰ যোগ্যতাৰ ভিত্তিত অসম চৰকাৰৰ অধীনত পুনৰ সংস্থাপন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ আজিৰ অনুষ্ঠানতে কাগজ কল দুটাৰ নিয়োগযোগ্য ৬৬গৰাকী কৰ্মচাৰীক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়৷ মুখ্যমন্ত্ৰীয়ে কাগজ কল দুটাৰ একাংশ কৰ্মচাৰীলৈ আৰ্থিক সাহায্যৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰি তেওঁলোকক চৰকাৰৰ পৰা লাভ কৰা এই ধনৰাশিৰ উচিত ব্যৱহাৰৰ বাবে আহ৩ান জনায়৷ তেওঁ লগতে মন্তব্য কৰে যে যিকোনো ৰাজহুৱা প্ৰতিষ্ঠান বা বিভাগত অনিয়ম আৰম্ভ হোৱা বুলি অৱগত হোৱা মাত্ৰকে সংশ্লিষ্ট বিভাগ বা প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰীসকলে সেই সন্দৰ্ভত চৰকাৰক অৱগত কৰা উচিত৷ এনে পদক্ষেপৰ দ্বাৰা অধিক অনিয়ম সংঘটিত হোৱাৰ পথ ৰোধ কৰিব পৰা যায়৷ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব ড॰ লক্ষ্মণন এছ-এ আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়ায়ো ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, পৰিমল শুক্লবৈদ্য, অজন্তা নেওগ, যোগেন মহন, ৰঞ্জিত কুমাৰ দাস, সঞ্জয় কিষাণ, ইউ জি ব্ৰহ্ম, পীযূষ হাজৰিকা, নন্দিতা গাৰ্লোছা, এ আই ডি চিৰ অধ্যক্ষ তথা বিধায়ক প্ৰশান্ত ফুকনৰ উপৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া, কাগজ কল দুটাৰ কৰ্মচাৰীকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here