Home স্থানীয় কাজিৰঙাত ৫০ লক্ষাধিক টকা মূল্যৰ বিদেশী চিগাৰেট জব্দ

কাজিৰঙাত ৫০ লক্ষাধিক টকা মূল্যৰ বিদেশী চিগাৰেট জব্দ

271
0


গণ বাৰ্তা, বোকাখাত, ৩ : কঁহৰা আৰক্ষীয়ে আজি ৫০ লক্ষাধিক টকাৰ বিদেশী চিগাৰেট কঢ়িয়াই অনা এখন ১১০৯ কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। কাজিৰঙাৰ এজন সাংবাদিকৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰে কন্টেইনাৰখন। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, এএছ০১-এইচচি-২৫৯৯ নম্বৰৰ তিনিচুকীয়াৰ পৰা অহা ১১০৯ কন্টেইনাৰখনে যোৰহাটৰ গড়আলিস্থিত এমএছ ৰোহিণী এন্টাৰপ্ৰাইজ আৰু যোৰহাটৰে চিনামৰাৰ অ’এনজিচিৰ সমীপৰ এমএছ জিএছ এন্টাৰপ্ৰাইজ নামৰ ব্যৱসায় প্ৰতিষ্ঠান দুটাৰ পৰা এই চিগাৰেটৰ পেকেটসমূহ কন্টেইনাৰখনত উঠাইছিল। ১০টাকৈ বৃহৎ কাৰ্টনত চিগাৰেটসমূহ পেকেট কৰা আছিল। জানিব পৰা অনুসৰি, কাৰ্টনৰ ভিতৰত থকা একোটা সৰু চিগাৰেটৰ পেকেটৰ ভাৰতীয় বজাৰ মূল্য ৩৪০ টকা। সেই হিচাপে ইয়াত অহা বৃহৎ পৰিমাণৰ চিগাৰেটখিনি প্ৰায় ৫০ লাখ টকা মূল্যৰ হ’ব বুলি সন্দেহ কৰা হৈছে। লক্ষ্যণীয়ভাৱে, সামগ্ৰীখিনি পৰিবহণ কৰিছিল ৰিভিগ’ নামৰ এটা কুৰিয়াৰ ছাৰ্ভিচে। এতিয়া এই কুৰিয়াৰ প্ৰতিষ্ঠানটোলৈও সন্দেহৰ আঙুলি তুলিছে সচেতন ৰাইজে। কিয়নো, কন্টেইনাৰখন গুৱাহাটীৰ দিশে নি থকা অৱস্থাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত কঁহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিভুৱন শইকীয়াৰ নেতৃত্বত আৰক্ষীয়ে কালি নিশা জব্দ কৰে যদিও গাড়ীত কাপোৰ লৈ অহা হৈছে বুলি ভুৱা ইনভইচ দেখুৱাই আৰক্ষীক বিপথে পৰিচালিত কৰি চালকে চিগাৰেটখিনি সৰকাই নিবলৈ চেষ্টা কৰে। কিন্তু আৰক্ষীৰ সন্দেহ হোৱাত কুৰিয়াৰ সেৱা প্ৰতিষ্ঠানটোৰ মানুহক মাতি পঠিয়ায়। আজি দিনৰ ভাগত কুৰিয়াৰ ছাৰ্ভিচটোৰ এজন ব্যক্তি কঁহৰা আৰক্ষী থানাত উপস্থিত হোৱাত গাড়ীচালক আৰু সাংবাদিকৰ উপস্থিতিত কন্টেইনাৰখনৰ তলা ভঙা হয়। ভিতৰত থকা বৃহৎ আকাৰৰ কাৰ্টন খুলি চাওঁতেই জোলোঙাৰ মেকুৰি ওলাই পৰে। কিয়নো ইয়াৰ ভিতৰত আছিল GUDANG GARAM নামৰ ব্ৰেণ্ডৰ হাজাৰ হাজাৰ পেকেট ম্যানমাৰত নিৰ্মিত চিগাৰেট। চিগাৰেটখিনি ম্যানমাৰৰ পৰা ইণ্ডোনেছিয়া হৈ নাগালেণ্ডৰ মাজেৰে মৰিয়নীত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে। ইফালে, কুৰিয়াৰ ছাৰ্ভিচৰ তৰফৰ পৰা তেওঁলোকে কাৰ্টনবোৰৰ ভিতৰত প্ৰথমে কাপোৰ আছে বুলি ন দি কয় যদিও পৰৱৰ্তী সময়ত কি আছে সেয়া অৱগত নাছিল বুলি দায় সৰাৰ চেষ্টা কৰা দেখা গৈছে। যাৰ বাবে সমগ্ৰ ঘটনাটোত কুৰিয়াৰ ছাৰ্ভিচটোৰ লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে। সেয়েহে কুৰিয়াৰ ছাৰ্ভিচটোকো তদন্তৰ আওতালৈ আনিবলৈ ৰাইজে দাবী জনাইছে। ইতিমধ্যে কুৰিয়াৰ ছাৰ্ভিচটোৰ ৰূপম কাকতি নামৰ এজন অধিকাৰীৰ লগতে কন্টেইনাৰখনৰ চালক পৰাণ আলীক আৰক্ষীয়ে আটক কৰিছে। কুৰিয়াৰ ছাৰ্ভিচটোৰ সন্দৰ্ভত অধিক তদন্তৰ বাবে ৰূপম কাকতিক লৈ কঁহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিভুৱন শইকীয়া যোৰহাটলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে। ইফালে, বোকাখাতৰ নুমলীগড়ত এটা কাষ্টম বিভাগ থকাৰ পিছতো বিভাগটোৰ বিয়াগোম বিষয়াসকলৰ নাকৰ তলেদিয়েই কেনেদৰে চৰকাৰক লাখ লাখ টকাৰ কৰফাঁকি দি এনে বৃহৎ পৰিমাণৰ অবৈধ সামগ্ৰী সৰবৰাহ হ’ব পাৰিছে সেয়াও লক্ষ্যণীয়। যাৰ বাবে এনে পৰিবহণত কাষ্টম বিভাগৰ লোকো জড়িত থকাৰ সন্দেহ কৰিছে সচেতন ৰাইজে। বিষয়টোৰ সন্দৰ্ভত ৰাইজে অধিক তদন্তৰ দাবী জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here