Home Main Stories চেপ্তেম্বৰত অৰণ্য মানৱ মেক্সিকোলৈ। ৰূপন কৰিব ৮ লাখ হেক্টৰ ভূমিত গছ পুলি

চেপ্তেম্বৰত অৰণ্য মানৱ মেক্সিকোলৈ। ৰূপন কৰিব ৮ লাখ হেক্টৰ ভূমিত গছ পুলি

242
0

ঋতুৰাজ ফুকন, যোৰহাট, ​৭ জুনঃ সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰ জৰিয়তে এখন অৰণ্য ভূমি স্থাপন কৰি বিশ্ববাসীৰ সন্মুখত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ লগতে যোৰহাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অৰণ্য মানৱ যাদৱ পায়েঙে আন এক গৌৰৱৰ অধিকাৰী হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ওৰেটো জীৱন প্ৰকৃতিৰ সুৰক্ষাৰ বাবে উৎসৰ্গা কৰা যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ বাসিন্দা যাদৱ পায়েঙে নিজা প্ৰচেষ্টাৰে ব্ৰহ্মপুত্ৰৰ চাপৰিত এখন অতৱ্য অৰণ্য গঢ়ি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে পদ্মশ্ৰী উপাধিৰেও সন্মনিত হৈছিল। প্ৰকৃতি ৰক্ষাৰ লগতে জীৱ জন্তু, চৰাই চিৰিকটিক আশ্ৰয় স্থল প্ৰদান কৰি বিশ্ব জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে বিশ্বৰ বহু দেশলৈ নিমন্ত্ৰণ লাভ কৰিবলৈ সক্ষম হোৱা পদ্মশ্ৰী যাদৱ পায়েঙক এক বিশেষ সন্মান প্ৰদান কৰিছে মস্কিকো চৰকাৰে। পদ্মশ্ৰী তথা অৰণ্য মানৱ যাদৱ পায়েঙৰ প্ৰকৃতিৰ প্ৰতি উৎসৰ্গিত মনোভাব দেখি মক্সিকো চৰকাৰে পদ্মশ্ৰী যাদৱ পায়েঙৰ লগত কৰিছে এক বিশেষ চুক্তি। বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত যাদৱ পায়েঙৰ লগত কৰা হৈছিল এই এই চুক্তি। এই চুক্তি অনুসৰি অৰণ্য মানৱ যাদৱ পায়েঙে দেশ খনত ৰোপণ কৰিব গছপুলি। উল্লেখযোগ্য যে ইতিমধ্যে মেক্সিকো চৰকাৰে এই গছপুলি ৰোপনৰ বাবে দেশখনত ক্ৰয় কৰিছে ৮ লাখ হেক্তৰ ভূমি। আনহাতে এই মহান কাৰ্য্য সম্পন্ন কৰাৰ বাবে ১০ বছৰৰ বাবে মস্কিকো চৰকাৰে পদ্মশ্ৰী যাদৱ পায়েঙৰ লগত চুক্তি কৰাৰ লগতে ভিচা প্ৰদান কৰিছে। আনহাতে অহা ছেপ্টেম্বৰ মাহত যাদৱ পায়েঙ উৰা মাৰিব মেক্সিকোলৈ। আনহাতে এই ১০ বছৰত প্ৰতি বছৰে তিনি মাহ দিন ধৰি যাদৱ পায়েঙ থাকিব মেক্সিকোত। এই তিনি মাহত প্ৰতিদিনেই দেশ খনৰ ১ লাখ ছাত্ৰ ছাত্ৰীক দিব গছপুলি ৰোপনৰ প্ৰশিক্ষণ। আনহাতে অসমৰ পৰা তামোল পুলি আৰু নাৰিকলৰ পুলি মক্সিকোলৈ লৈ গৈ পৰীক্ষা মূলক ভাবে ৰোপণ কৰিব সেই দেশ খনত। এই ক্ষেত্ৰত দেশ খনত পৰীক্ষা কৰিব অৰণ্য মানৱ যাদৱ পায়েঙে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here