Home Main Stories জাগীৰোডত পেডেল মাৰি মাৰি চাইকেল চলালে বনমন্ত্ৰী পৰিমল শুক্লবদ্যই

জাগীৰোডত পেডেল মাৰি মাৰি চাইকেল চলালে বনমন্ত্ৰী পৰিমল শুক্লবদ্যই

86
0

গছপুলি ৰোপণৰে নৱনিৰ্মীত পৰিৱেশ অধ্যয়ন উপকেন্দ্ৰ মুকলি কৰে মন্ত্ৰীগৰাকীয়ে

গণ বাৰ্তা, জাগীৰোড, ৫ জুন : আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰাকৃতিৰ সৌন্দৰ্যৰে ভৰপূৰ অসম সম্প্ৰতি একাংশ দুষ্টচক্ৰৰ কবলত পৰি ধ্বংস হ’বলৈ ধৰিছে বনাঞ্চলসমূহ। সেয়ে ৫ জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা আগবাঢ়ি আহিছে প্ৰকৃতিপ্ৰেমী ৰাইজ আৰু ৰোপণ কৰিছে গছপুলি । বিশ্ব পৰিৱেশ দিৱসৰ দিনাই বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পেডেল মাৰি মাৰি চাইকেল চলালে জাগীৰোডত । লগত আমোলা-বিষয়াক লৈ আমচৈৰ ৰাজপথত চাইকেল চলালে মন্ত্ৰীগৰাকীয়ে । বিশ্ব পৰিৱেশ দিৱসৰ এই বিশেষ দিনটোত জাগীৰোডৰ নেলীত উপস্থিত থাকে বন তথা পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। নেলীত বন বিভাগৰ অধীনত নৱনিৰ্মিত পৰিৱেশ অধ্যয়ন উপকেন্দ্ৰ মুকলি কৰে মন্ত্ৰীগৰাকীয়ে । উপকেন্দ্ৰটো মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰকৃতিৰ বুকুত গঢ় লৈছে মানৱ সভ্যতা, প্ৰকৃতিৰ বিষয়ে যাতে আজিৰ কণ কণ শিশুসকলে জানিব পাৰে তাৰে এক প্ৰয়াস কৰিছে বন বিভাগে । আনহাতে গছপুলি ৰোপণৰ লগতে ‘কাজিৰঙা’ নামৰ এখন তথ্যগ্ৰন্থও উন্মোচন কৰে পৰিমল শুক্লবৈদ্যই। ইফালে আগন্তুক দিনত বন বিভাগত প্ৰায় তিনি হাজাৰ খালী পদ পূৰণ কৰা হ’ব আৰু ৰাজ্যৰ বেদখলকৃত চৰকাৰী ভূমি অতিশীঘ্ৰে বেদখলমুক্ত কৰা হ’ব বুলি মন্তব্য কৰে বনমন্ত্ৰীগৰাকীয়ে। লগতে প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ অসমক প্ৰকৃতি সংৰক্ষণৰ বাবে প্ৰতিজন ৰাজ্যবাসীক দায়িত্ব ল’বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here