Home Uncategorized কাজিৰঙাত গঁড়ৰ আক্ৰমণত কৰ্তব্যৰত বনকৰ্মী আহত

কাজিৰঙাত গঁড়ৰ আক্ৰমণত কৰ্তব্যৰত বনকৰ্মী আহত

142
0


গণ বাৰ্তা বিশেষ, বোকাখাত, ৭ এপ্ৰিল ঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে দুটাকৈ অঘটন৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলী বনাঞ্চলত গঁড়ৰ আক্ৰমণত এগৰাকী কৰ্তব্যৰত বনকৰ্মী আহত হোৱাৰ বাতৰি পোৱা গৈছে৷ জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ কিং-ক’ব্ৰা বন শিবিৰ এলেকাত নিয়মীয়া টহল দি থকা অৱস্থাতে সংঘটিত হয় উক্ত ঘটনা৷ কৰ্তব্যৰত অৱস্থাতে এজনী মাইকী গঁড়ে পহৰাদাৰী তিনিজনীয়া বনকৰ্মীৰ দলটোক অতৰ্কিতে আক্ৰমণ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দলটোৰ ৰূপম চেতিয়া নামৰ বনকৰ্মীজন৷ ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বনকৰ্মীজন ৰাষ্ট্ৰীয় উদ্যানখনত নিয়োজিত ৰাইন’ প্ৰটেকচন ফ’ৰ্চৰ জোৱান বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে আহত বনকৰ্মীজনক বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে৷ ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত এজন বন সুৰক্ষা কৰ্মীয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ বাতৰি পোৱা গৈছে৷ জানিব পৰা মতে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ অধীনত বুঢ়াপাহাৰ খণ্ড বন কাৰ্যালয়ত কৰ্তব্যৰত বৰপেটাৰ নিৱাসী, অসম বন সুৰক্ষা বাহিনীৰ হাবিলদাৰ গুণীন্দ্ৰ পাঠকে [৫৫] আজি দুপৰীয়া চিপ লৈ আত্মহত্যা কৰে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ বন বিষয়াই জানিবলৈ দিয়া মতে উক্ত খণ্ড বন কাৰ্যালয়ৰ সৈতে সংলগ্ন থকা বেৰেকত কোনো নথকা অৱস্থাত ৰান্ধনি ঘৰত চিপ লৈ হাবিলদাৰজনে আত্মহত্যা কৰে৷ কি কাৰণে আত্মহত্যা কৰিলে জানিব পৰা নাই৷ পৰৱৰ্তী সময়ত দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাই আৰক্ষীয়ে পৰিয়ালৰ লোকক গতাই দিয়াৰ ব্যৱস্থা কৰে৷ উল্লেখ্য, ইয়াৰ পূৰ্বেও চলিত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ অধীনত আন এজন বনকৰ্মীয়ে আত্মহত্যা কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here