Home অসম বংগমূলীয় খিলঞ্জীয়া মুছলমানৰ পৰিচয়ৰ বাবে সমন্বয়ক সমিতি গঠন

বংগমূলীয় খিলঞ্জীয়া মুছলমানৰ পৰিচয়ৰ বাবে সমন্বয়ক সমিতি গঠন

681
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ অক্টোবৰ : অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অৱদান আগবঢ়োৱা এটা জনগোষ্ঠী হ’ল মুছলমানসকল। শেহতীয়াকৈ এই মুছলমান জনগোষ্ঠীটোক বিভিন্ন মাধ্যমত বিভিন্ন লোকে বিভিন্ন নামেৰে নামকৰণ কৰি আহিছে। কেৱল বিভিন্ন নামেৰে আখ্যায়িত কৰাই নহয়, বিভিন্ন ধৰণে তুচ্ছ-তাচ্চিল্য কৰি আহিছে। ফলত উঠিঅহা নতুন প্ৰজন্মৰ মাজত এই জনগোষ্ঠীটোৰ এক সৰ্বসন্মত আৰু সৰ্বগ্ৰাহ্য পৰিচয়ৰ বাবে সৃষ্টি হৈছে চেতনা। ফলত, জনগোষ্ঠীটোৰ সৰ্বগ্ৰাহ্য এটা নাম কি হ’ব পাৰে সেই সন্দৰ্ভত আলোচনাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উদ্যোগত আজি গুৱাহাটী মহানগৰীৰ সিদ্ধিনাথ শৰ্মা ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ সভাপতি ড০ আতোৱাৰ ৰহমানৰ সভাপতিত্বত আৰু ডাঃ ৰেজাউল কৰিম, খবিৰ আহমেদ আৰু ইছমাইল হুছেইনকে আদি কৰি বিশিষ্ট লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত জনগোষ্ঠীটোৰ পৰিচয় সন্দৰ্ভত আলোচনা কৰাৰ অৰ্থে এখন সমন্বয় সমিতি গঠন কৰে। সমন্বয় সমিতিৰ আজিৰ সভাত উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ আতোৱাৰ ৰহমান, সাহিত্যিক ইছমাইল হোছেইন, ডাঃ ৰেজাউল কৰিম, বিশিষ্ট লেখক-কবি খবিৰ আহমেদ, অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল কায়ুম আল আমান, হাফলং চৰকাৰী মহাবিদ্যলায়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ মিজানুৰ ৰহমান, ফজলুল কৰিম, প্ৰাক্তন আৰক্ষী অধীক্ষক আব্দুল কুদ্দুছ, তচিমুদ্দিন আহমেদ, ডাঃ ছহিদুল ইছলাম, লেখক-শিক্ষক ফজল আলী আহমেদ, যুৱ সমাজকৰ্মী শাজাহান আলী আহমেদ, লেখিকা ৰমিছা বেগম, অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া এ এইচ খণ্ডকাৰ, নাজিবুল ইছলাম, সমাজসেৱক মহম্মদ আলী খলিফা, আব্দুল মজিদ, শিক্ষক মইনুল হক চৌধুৰী, মাইনুদ্দিন, অধিবক্তা হুমায়ুন কবিৰ, ড০ আব্দুল ৱাহাব, তাইজুদ্দিন আহমেদ, প্ৰাক্তন সৈনিক মীৰ সোমেজুদ্দিন, ড০ বৰকত উল্লাহ, ড০ আব্দুল খালেক, ড০ আবুল হুছেইন, ড০ আব্দুল মান্নান, ড০ জাকিৰ হুছেইন, প্ৰাক্তন অৱসৰপ্ৰাপ্ত উপায়ুক্ত আব্দুৰ ৰহিম শ্বেখ, প্ৰাক্তন সৈনিক চাদুল্লা আহমেদ, অধিবক্তা ওমৰ আলী চৌধুৰী, ড০ আব্দুল হালিম, সমাজকৰ্মী নেকিবুৰ ৰহমান হাজৰিকা, আনিচুৰ ৰহমান, মজিবুৰ ৰহমান, অধিবক্তা হাচিনা আহমেদ। উল্লেখ্য যে প্ৰয়োজন অনুসৰি পৰৱৰ্তী সময়ত বিভিন্ন জিলাৰ সদস্যৰে এই সমিতিৰ সম্প্ৰসাৰণ কৰা হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here