Home Uncategorized সদৌ অসম পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট সন্থাৰ গোৱালপাৰা জিলা সমিতি গঠন

সদৌ অসম পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট সন্থাৰ গোৱালপাৰা জিলা সমিতি গঠন

188
0

গণবাৰ্তা ৪ জুন, গোৱালপাৰা: যোৱাকালি শুক্ৰবাৰ দিনা গোৱালপাৰা প্ৰেছ ক্লাৱত সদৌ অসম পঞ্জীয়ন ভুক্ত ফাৰ্মাচিষ্ট সন্থাৰ এখন সভা অনুষ্ঠিত হয় আৰু সেই সভাত সদৌ অসম পঞ্জীয়ন ভুক্ত ফাৰ্মাচিষ্ট সন্থাৰ গোৱালপাৰা জিলা সমিতিখন গঠন কৰা হয়। দিল মহম্মদ পিয়াৰা ৰাছুলক সভাপতি আৰু ইনামুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী জিলা সমিতি গঠন কৰা হয়। সভাখনত ফাৰ্মাচিষ্ট সকলৰ বিভিন্ন সমস্যা সমূহৰ বিষয়ে আলোচনা কৰাৰ উপৰিও ভুৱা ফাৰ্মাচিষ্ট আৰু অবৈধ ফাৰ্মাচী মুক্ত অসমৰ গঢ়াৰ হুংকাৰ প্ৰদান কৰে।
সভাখনত উপস্থিত থাকে সদৌ অসম পঞ্জীয়ন ভুক্ত ফাৰ্মাচিষ্ট সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিগন্ত চক্ৰৱৰ্তী ডাঙৰীয়াৰ লগতে আন আন কেন্দ্ৰীয় বিষয় ববীয়া সকল। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি জাকিৰ হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here