Home স্থানীয় আসাম চিভিল ছ’চাইটীৰ গোসাঁইগাঁও জিলা সমিতি গঠন

আসাম চিভিল ছ’চাইটীৰ গোসাঁইগাঁও জিলা সমিতি গঠন

311
0

গুৱাহাটী, ১১ আগষ্ট: সাম্প্ৰতিক সময়ত লক্ষ্য কৰিলে দেখা যায় যে আমাৰ দেশ তথা ৰাজ্যখন ৰাজনৈতিক আৰু আৰ্থ-সামাজিক ক্ষেত্ৰত এক জটিল পৰিস্থিতৰ মাজত সোমাই পৰিছে। ধৰ্মৰ ভিত্তিত সাধাৰণ মানুহক বিভাজন কৰাৰ ষড়যন্ত্ৰ বিগত কেবাটা বছৰৰ পৰা অব্যাহত আছে। ফলত সাধাৰণ মানুহৰ জীৱন আৰু জীৱিকাৰ লগত জড়িত বিষয়সমূহৰ গুৰুত্ব হেৰাই গৈছে। এতিয়া শাসনত তিষ্ঠি থকাৰ বাবে শাসকীয় দলে মন্দিৰ, মছজিদ, কোৰান, গীতা, মোগল, দুই সভ্যতাৰ যুঁজ, ৩৫ বনাম ৬৫ শতাংশ ধৰণৰ কথাৰে সাধাৰণ মানুহক ব্যস্ত কৰি ৰখাৰ অপচেষ্টা চলাইছে। ইয়াৰ বিৰুদ্ধে সংখ্যাগুৰু, সংখ্যালঘু, বিভিন্ন জাতি, জনগোষ্ঠীৰ মাজত পাৰস্পৰিক বুজাবুজি, সদ্ভাৱ, ঐক্য-সংহতি অটুট ৰখা, মুখ্য অৰ্থনৈতিক-সামাজিক বিষয়বোৰৰ চিনাক্তকৰণ কৰি প্ৰকৃত বিষয়সমূহ দাঙি ধৰাৰ জৰিয়তে সাম্প্ৰদায়িক মেৰুকৰণৰ ষড়যন্ত্ৰক প্ৰতিহত কৰাটো জনসাধাৰণৰ প্ৰতি দায়বদ্ধ সকলো সচেতন সামাজিক সংগঠন আৰু ব্যক্তিৰ জৰুৰী কৰ্তব্য। এই ক্ষেত্ৰত সংখ্যাগুৰু, সংখ্যালঘূ  উভয়ে নিজ নিজ দায়িত্ব পালন কৰিব লাগিব। অসমৰ সামাজিকভাৱে বঞ্চিত, অৱহেলিত জনগোষ্ঠীসমূহৰ সুৰক্ষা আৰু উন্নয়ন, সাম্প্ৰদায়িক ভেদভাৱৰ উপশম, ঠেক মনোভাৱধাৰাৰ বিৰুদ্ধে সচেতনতা, সামাজিক-সাংস্কৃতিক- ৰাজনৈতিক চিন্তা চৰ্চা আৰু ভাতৃত্ববোধৰ উৎকৰ্ষ সাধন আৰু ৰাজ্যখনৰ মূলসুতিৰ জনসাধাৰণৰ লগত ঐক্য-সংহতি শক্তিশালী কৰাৰ উদ্দেশ্য আগত ৰাখি অসমৰ আগশাৰীৰ কেইগৰাকীমান শিক্ষাবিদ, সাংবাদিক, সমাজকৰ্মীৰ উদ্যোগত ২০১৭ চনত জন্ম হৈছিল আসাম চিভিল ছ’চাইটিৰ। বৰ্তমান সময়ত উক্ত চিভিল ছ’চাইটিৰ গুৰুত্ব বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ কাম-কাজৰ সম্প্ৰসাৰণ ঘটোৱাৰ বাবে গোসাইগাঁও মহকুমাৰ ভোমৰাবিল হাইস্কুল প্ৰাংগনত আসাম চিভিল ছ’চাইটিৰ সাধাৰণ সম্পাদক তথা অৱসৰপ্ৰাপ্ত উপায়ুক্ত আব্দুৰ ৰহিম শেখৰ উপস্থিতিত এখন নাগৰিক সভাৰ জৰিয়তে গোসাইগাঁও জিলা তদৰ্থ সমিতি এখন গঠন কৰা হয়। সেই অনুসৰি— সভাপতি আব্দুল হাই মিঞা, উপ-সভাপতি- ইউছুফ আলী মণ্ডল, সাধাৰণ সম্পাদক মাফিজুৰ ৰহমান, সহঃ সাধাৰণ সম্পাদক নুৰুল ইছলাম, সদস্য ক্ৰমে— ৰহম আলী শেখ, মোস্তাফিজুৰ ৰহমান, আব্দুল হামিদ খান, আকতাৰ হুছেইন, ৰফিকুল হাছান তালুকদাৰ, আফতাব উদ্দিন শেখ, ইউনুছ আলী, বুলবুল আহমেদ, ইমামুল হক, মোস্তাফিজুৰ ৰহমান, উপদেষ্টা মণ্ডলী— আজহাৰ আলী, আব্দুল জব্বাৰ শেখ, আব্দুল আজিজ খান, আজাহাৰুল ইছলাম লৈ এখনি তদৰ্থ কমিটী গঠন কৰা হয়। তেওঁলোকে কম সময়ৰ ভিতৰত এই সমিতিখন পূৰ্ণাংগৰূপে গঠন কৰিব আৰু সকলোৱে সহায়-সহযোগিতা কৰিব বুলি আশা প্ৰকাশ কৰে আসাম চিভিল ছ’চাইটিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম শেখে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here