Home স্থানীয় প্ৰাক্তন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰৰ অৱস্থা সংকটজনক: জিএমচিএইচৰ আইচিইউত চিকিৎসাধীন

প্ৰাক্তন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰৰ অৱস্থা সংকটজনক: জিএমচিএইচৰ আইচিইউত চিকিৎসাধীন

338
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ ছেপ্টেম্বৰ : ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আব্দুল মুহিব মজুমদাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। হাস্পাতাল কতৃÇপক্ষই প্ৰকাশ কৰা অনুসৰি আব্দুল মুহিব মজুমদাৰৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক। এইগৰাকী বৰ্ষীয়ান নেতা মুখ্যমন্ত্ৰী আনোৱাৰ টাইমুৰ আৰু হিতেশ্বৰ শইকীয়াৰ শাসনকালৰ সময়ছোৱাত আইনমন্ত্ৰীৰূপে আছিল। আনহাতে,  তেওঁ ইউপিপিয়ে দল গঠন কৰি এই দলৰ পৰা একমাত্ৰ প্ৰাৰ্থীৰূপে নিৰ্বাচিত হৈ অগপৰ সৈতে মিত্ৰজোঁট কৰি প্ৰফুল্ল কুমাৰ মহন্তৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালত মন্ত্ৰীৰূপেও আছিল। অতি শেহতীয়াকৈ পুনৰ কংগ্ৰেছ দলৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈ তৰুণ গগৈৰ চৰকাৰৰ সংখ্যালঘু আয়োগৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰায় ৯০ বছৰীয়া এইগৰাকী বৰ্ষীয়ান কংগ্ৰেছ নেতা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাও। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহা-অধিবক্তাৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। এনে এগৰাকী বৰ্ষীয়ান নেতা জিএমচিএইচত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকাত তেওঁৰ আশু আৰোগ্য কামনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছ বিধায়িনী দলৰ জলপতি দেৱব্ৰত শইকীয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰী, আব্দুছ চবুৰ তাপাদাৰ, কংগ্ৰেছ নেতা মেহদী আলম বৰা আৰু ছাহজাহান তালুকদাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here