Home Main Stories প্ৰাক্তন মন্ত্ৰী শ্বৰিফা বেগম কৰোণাত আক্ৰান্ত : জি এম চি এইচত ভৰ্তি

প্ৰাক্তন মন্ত্ৰী শ্বৰিফা বেগম কৰোণাত আক্ৰান্ত : জি এম চি এইচত ভৰ্তি

330
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৩০ মে’ : নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ  প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী শ্বৰিফা বেগম মহামাৰী কভিডত আক্ৰান্ত হোৱাৰ খবৰে পৰিয়ালটোৰ লগতে তেওঁৰ অনুৰাগী সকল মৰ্মাহত হৈ পৰিছে। বিগত কিছুদিন ধৰি মৈৰাবাৰীৰ আত্মীয়ৰ ঘৰত থকা প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে দুদিন পূৰ্বে জ্বৰ-কাহত ভুগি থকাৰ পিছত তেওঁক কালি পৰিয়ালৰ লোকে নগাঁৱৰ খ্ৰীষ্টান পট্টিস্থ বাসগৃহলৈ লৈ আহে আৰু কভিড পৰীক্ষা কৰাত তেওঁৰ কভিড পজিটিভ আহে। লগে লগে বেগমক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত থকা কভিড কেয়াৰ হস্পিতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয়। আজি পুৱাৰে পৰা স্বাস-প্ৰশ্বাস লোৱাত কষ্ট অনুভৱ কৰাত তেওঁক আজি বিয়লিৰ ভাগত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ কভিড কেয়াৰ চেষ্টাৰৰ আই চি ইউত ভৰ্তি কৰোৱা হয় কৰা বুলি পৰিয়ালৰ এক।সুত্ৰে জানিব পৰা গৈছে। উল্লেখ্য যে প্ৰাক্তন বিত্ত মন্ত্ৰী প্ৰয়াত ইদ্ৰিছ আলীৰ সু-কন্যা শ্বৰিফা বেগম কংগ্ৰেছৰ দলৰ পৰা ৰূপহীহাট সমষ্টিৰ বিধায়ক হিচাপে ২০০১ চনত নিৰ্বাচিত হৈছিল আৰু মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন মন্ত্ৰী সভাত তেওঁ ২০০১-২০০৬ চনলৈ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী আছিল। তেওঁৰ ধ্ৰুত আশু আৰোগ্য কামণা কৰিছে সকলোৱে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here