ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৬ মে’ ঃ ৰাজ্যৰ ৰাজনীতিত অব্যাহত আছে দল সলনিৰ প্ৰক্ৰিয়া৷ বিগত কেইমাহমানৰ ভিতৰত বিভিন্ন ৰাজনৈতিক দলৰ কেইবাজনো দিগ্বজ নেতাই ইটো দলৰ পৰা সিটো দললৈ নিজৰ ঠিকনা সলনি কৰাৰ পিছত সোমবাৰে পুনৰ আৰু এগৰাকী প্ৰাক্তন বিধায়কৰ লগতে কে’বাজনো নেতাই সলনি কৰে নিজৰ ৰাজনৈতিক ঠিকনা৷ সোমবাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে [আপ]ত যোগদান কৰে নাওবৈচা বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰী, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য ব্ৰজেন কুমাৰ সন্দিকৈ আৰু এ আই ইউ ডি এফৰ মুখপাত্ৰ ৰেজাউল হাছানে৷ ‘আপ’ৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত দলটোৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীৰ উপস্থিতিত কেউজনে অনুষ্ঠানিকভাৱে যোগদান কৰে আম আদমী পাৰ্টীত৷ দলটোত যোগদান কৰি এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে অসমৰ ৰাইজক সততাৰে সেৱা কৰিবলৈ তেওঁ আপত যোগদান কৰাৰ সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰে৷ তেওঁ কয় যে আপৰ নেতা অৰবিন্দ কেজৰিৱালৰ সততা আৰু উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ তেওঁ [আপ]ত যোগদান কৰিছে৷ নিজস্ব কোনো ৰাজনৈতিক স্বাৰ্থ পূৰণৰ উদ্দেশ্যে তেওঁ আপত যোগদান কৰা নাই বুলি স্পষ্ট কৰি দিয়ে৷ ইপিনে, ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে এইসকল নেতাৰ যোগদানে অসমত [আপ]ক অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰে৷ ইপিনে, সংখ্যালঘুৰ বিভিন্ন সমস্যাৰ লগতে ডি ভোটাৰ, ডিটেনশ্বন কেম্পক লৈ আইনী প্ৰক্ৰিয়া চলাই নিয়া ছয়গাঁৱৰ মানৱ অধিকাৰ কৰ্মী তথা গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অধিবক্তা এগৰাকীয়ে আপত যোগদান কৰাৰ চিন্তা-চৰ্চা চলাই থকা বুলি জানিব পৰা গৈছে৷ এইগৰাকী মানৱ অধিকাৰ কৰ্মী বৰ্তমান বিদেশত আইনৰ উচ্ছ শিক্ষা গ্ৰহণত ব্ৰতী হৈ আছে৷ শীঘ্ৰেই এইগৰাকী মানৱ অধিকাৰ কৰ্মীয়ে কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীত যোগদান কৰিব৷ একেদৰে চেঙা সমষ্টিৰ আৰক্ষীৰ উচ্ছপদস্থ এগৰাকী বিষয়াও ৰাইজৰ হেঁচাত আপত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অতি কম দিনৰ ভিতৰতেই এইগৰাকী আৰক্ষী বিষয়া তথা লেখকে আপত যোগদান কৰি সামাজিক সেৱাত জড়িত হৈ পৰিব বুলি জানিব পৰা গৈছে৷
Home Uncategorized প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ ‘আপ’ত যোগদান, মানৱ অধিকাৰ কৰ্মী-অধিবক্তা, আৰক্ষীৰ...