Home স্থানীয় আক্ৰাছুৰ প্ৰাক্তন সভাপতিৰ ছত্ৰছায়াত চলিছে আক্ৰাছু ধ্বংসৰ অভিযান : ৩,৪ অক্টোবৰত বঙাইগাঁওত...

আক্ৰাছুৰ প্ৰাক্তন সভাপতিৰ ছত্ৰছায়াত চলিছে আক্ৰাছু ধ্বংসৰ অভিযান : ৩,৪ অক্টোবৰত বঙাইগাঁওত অনুষ্ঠিত হ’ব আক্ৰাছুৰ পূৰ্ণাঙ্গ অধিৱেশন

271
0



গণ বাৰ্তা,মুছলপুৰ,৭ চেপ্তেম্বৰ:
 কোচ ৰাজবংশী জনগোষ্ঠীৰ আবেগ জড়িত হৈ থকা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সংগ্ৰামী সত্বাক নিশেষ কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে আক্ৰাছুৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু ভাৰপ্ৰাপ্ত সম্পাদক বুলি নিজকে দম্ভালি ফুৰা কোকৰাঝাৰৰ দ্বীপেন ৰায় আৰু বাক্সাৰ কেশৱ ৰায়ে। আক্ৰাছু ধ্বংসৰ এই ব্যৰ্থ মহাযজ্ঞত ঘি ঢালিছে ক্ষমতালিপ্সু, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ  সাধাৰণ সদস্য পদ লাভ কৰি সুখী নোহোৱা আক্ৰাছুৰ এজন প্ৰাক্তন সভাপতিয়ে। আজি এক প্ৰেছ বিবৃতিযোগে এই অভিযোগ উত্থাপন কৰি আক্ৰাছু ধ্বংসৰ ষড়যন্ত্ৰত লিপ্ত হোৱা মেৰুদণ্ডহীন এনে লোকৰ পুলি পোখাই উঘালি পেলোৱাৰ সকীয়নি প্ৰদান কৰে আক্ৰাছুৰ তদৰ্থ সমিতিৰ সভাপতি ক্ষিতীশ বৰ্মন আৰু সাধাৰণ সম্পাদক ভাৰত ৰাজবংশীয়ে। বিবৃতিটোত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যকৰী সদস্য পদ লাভ নকৰি লজ্জিত হোৱা আক্ৰাছুৰ এসময়ৰ দুৰ্বল সভাপতি অৰুণ কুমাৰ ৰায়ে আক্ৰাছুৰ সংবিধান অনুসৰণ নকৰাকৈ নীতি বহিৰ্ভূত ভাৱে ততাতৈয়াকৈ আক্ৰাছুৰ শক্তিশালী সাধাৰণ সম্পাদক গোকুল বৰ্মন সহিতে কেইবাজনকো অব্যাহতি দিয়ে আৰু নিজে সভাপতি পদ খামোচ মাৰি ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে কেশৱ ৰায়ক দায়িত্ব দিয়া বুলি উল্লেখ কৰে। সকলো জিলা সমিতিৰ উপস্থিতিত আক্ৰাছুৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত নকৰি মইমতালিৰে সংগঠন চলাবলৈ গৈ পুনৰ হঠাৎ দ্বীপেন ৰায়ক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়ে। লক্ষণীয় যে ভাৰপ্ৰাপ্ত সভাপতি আৰু ভাৰপ্ৰাপ্ত সম্পাদক দুগৰাকীৰ গৃহ জিলাতে তেওলোকক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় সমিতি তথা জিলা সমিতিৰ অগোচৰে চলি থকা এনে খেলিমেলিত বিতুষ্ট হৈ প্ৰায় ২০ খন জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে যোৱা পাঁচ নৱেম্বৰত বঙাইগাঁও বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি অৰুণ কুমাৰ ৰায় আৰু গোকুল বৰ্মনৰ নেতৃত্বত থকা মূল সমিতিৰ প্ৰতি অনাস্থা আনি সমিতি ভংগ কৰি দিয়ে। সেই সভাতে ক্ষিতীশ বৰ্মনক সভাপতি আৰু ভাৰত ৰাজবংশীক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া তদৰ্থ সমিতি গঠন কৰি দিয়ে। এই  তদৰ্থ সমিতিৰ উদ্যোগত অহা ৩ আৰু ৪ অক্টোবৰত বঙাইগাঁওত আক্ৰাছুৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰি প্ৰতিনিধি সভাত নতুন বিষয়-বাব বাচনি কৰা হ’ব বুলি বিবৃতিত উল্লেখ কৰে তদৰ্থ সমিতিৰ সভাপতি, সম্পাদকে। অসাংবিধানিক ভাৱে ভাৰপ্ৰাপ্ত সভাপতি, সম্পাদক হৈ শূণ্যতে গদা ঘুৰাই থকা মুকুট বিহীত সম্ৰাট এই দুজন স্বয়ম্ভূ নেতাই এতিয়া এগৰাকী প্ৰাক্তন সভাপতিৰ উচটনিত নাচি তদৰ্থ সমিতিৰ সভাপতি, সম্পাদক তথা কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মন আৰু কাৰ্যবাহী সদস্য প্ৰদীপ ৰায়ৰ বিৰুদ্ধে ভিত্তিহীন, অপপ্ৰচাৰত লিপ্ত হৈছে। যাৰ নেতৃত্বত জনগোষ্ঠীটোৱে কমতাপুৰ নামেৰে স্বায়ত্বশাসিত পৰিষদৰ মৰ্যদা পাইছে তেওঁলোকক জাতিদ্ৰোহী আখ্যা দিয়াত উঠি পৰি লাগিছে এই সকল পাবত গজা আৰু ক্ষমতালোভী নেতাই। এতিয়া কোচ ৰাজবংশী ৰাইজে নিশ্চিত কৰিব আচলতে জাতিদ্ৰোহী কোন?  গোকুল বৰ্মনে সংগঠনো বিভাজিত নোহোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই আছে। কিন্তু তথাকথিত প্ৰাক্তন সভাপতি গৰাকীয়ে আনৰ হতুৱাই ব্যক্তিক আক্ৰমণেৰে জাতিটোক লজ্জানত কৰি আহিছে। কোচ ৰাজবংশী ছাত্ৰ সন্থাক বিভিন্ন ভাগত বিভক্ত কৰিবলৈ চেষ্টা কৰি থকা জাতিৰ খলনায়কজনৰ মুখা পৰৱৰ্তী সময়ত খোল খাব বুলিও বিবৃতিত উল্লেখ কৰে। আক্ৰাছুত বিবাহিত- অবিবাহিত নেতাৰ প্ৰশ্ন উত্থাপন কৰা এই সকল সুবিধাবাদী নেতাই পাহৰি গৈছে যে ওপৰলৈ থুৱালে নিজৰ গাত পৰে। বিবৃতিটোত এতিয়া আক্ৰাছুত কোনো ভাৰপ্ৰাপ্ত সভাপতি, সম্পাদক নাই বুলি উল্লেখ কৰি যোৱা পাচঁ চেপ্তেম্বৰৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাই পূৰ্বৰ মুল সমিতি ভংগ কৰি গঠন কৰা তদৰ্থ সমিতিহে আছে বুলি কোচ ৰাজবংশী ৰাইজক অৱগত কৰে। অহা ৩ আৰু ৪ অক্টোবৰত অনুষ্ঠিতব্য অধিৱেশনে নিৰ্দ্ধাৰণ কৰিব আক্ৰাছুৰ পৰৱৰ্তী দায়িত্ব কোনে লাভ কৰিব। মিছাতে কোচ ৰাজবংশী ৰাইজক আভুৱা ভাৰি থকাতকৈ সাহস আছে যদি অহা অধিৱেশনত এজন দক্ষতা সম্পন্ন ব্যক্তি বুলি নিজকে চিনাকি দি জাতিৰ দায়িত্ব মূৰ পাতি লওঁক। বিবৃতিটোত পুনৰ কোচ ৰাজবংশী ৰাইজক বিপথে পৰিচালিত নকৰি বিবেকবান মানুহৰ পৰিচয় দি জাতিৰ সেৱা কৰিবলৈ আহ্বান জনায় লগতে সুবিধাবাদী চৰিত্ৰৰ লোকক সময় থাকোতে চিনি ল’বলৈও ৰাইজক আহ্বান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here