Home Main Stories প্ৰাক্তন ছাত্ৰ নেতা , অসম সাহিত্য সভাৰ প্ৰাক্তন বিষয়ববীয়া , জাতীয়তাবাদৰ পুৰোধা...

প্ৰাক্তন ছাত্ৰ নেতা , অসম সাহিত্য সভাৰ প্ৰাক্তন বিষয়ববীয়া , জাতীয়তাবাদৰ পুৰোধা ব্যক্তি সমীৰণ বৰদলৈৰ দেহাৱসান

193
0

যোৰহাটত বহু দল সংগঠনৰ শোক প্ৰকাশ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ৩০ মে’ :   অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ অন্যতম হোতা , সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ নেতা , অগ্ৰণী সমাজ সংগঠক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান, ছুইমিং ছ’চাইটিৰ সভাপতি , সমীৰণ বৰদলৈৰ আজি পুৱা প্ৰায় ৭:১৩ মান বজাত  যোৰহাট ১ নং সোনাৰী গাঁওস্থিত নিজা বাসগৃহত ইহলীলাবৰণ কৰে । মৃত্যুৰ সময়ত তেওঁৰ  বয়স আছিল  ৬৩ বছৰ  । উল্লেখ্য যে  যোৱা কিছু দিন ধৰি দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ আছিল । আজি পুৱা  স্বাস্থ্যৰ অৱনতি ঘটি মৃত্যুবৰণ কৰে  । বহুমুখী প্ৰতিভা তথা প্ৰচণ্ড মনোবলৰ অধিকাৰী সমগ্ৰ যোৰহাটবাসীৰ বাবে প্ৰচুৰ তথ্য আৰু শক্তিৰ ভঁৰাল স্বৰূপ বিশিষ্ট সমাজ সংগঠক জনৰ মৃত্যুত যোৰহাটত গভীৰ শোকৰ ছাঁ পৰিছে । উল্লেখ্য যে  ১৯৫৮ চনৰ ২২ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা বৰদলৈয়ে যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা  সুখ্যাতিৰে পৰিসংখ্যা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে । অসমৰ এগৰাকী বিশিষ্ট মুক্তিযুঁজাৰু প্ৰয়াত তিলেশ্বৰ বৰদলৈৰ জ্যেষ্ঠ  পুত্ৰ সমীৰণ বৰদলৈয়ে মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাত যোগদান কৰি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল । অসমৰ বিদেশী খেদোৱা আন্দোলনত অত্যন্ত সক্ৰিয় ভূমিকা পালন কৰা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে বিশ্ববিদ্যালয়ৰ ক’ৰ্ট সদস্যৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক হিচাপে অসম আন্দোলনৰ জটিল সময়ত কাৰ্যনিৰ্বাহ কৰিছিল । তেখেতৰ নেতৃত্বত সেইসময়ত অসম আন্দোলনৰ সুৰ বাহিনীয়ে এক নতুন গতি লাভ কৰিছিল । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সদায় জাতীয়তাবাদী সত্বাৰ লগত নিজকে একাত্মভাৱে জড়িত কৰি ৰখা বৰদলৈয়ে বিভিন্ন ক্ৰীড়া অনুষ্ঠান , সাংস্কৃতিক অনুষ্ঠান , সামাজিক অনুষ্ঠানত লগত জড়িত হৈ পৰে। যোৰহাটত প্ৰতিষ্ঠা হোৱা অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰো তেওঁ অন্যতম প্ৰতিষ্ঠাপক আছিল । ইয়াৰোপৰি মৃত্যু পৰ্যন্ত তেওঁ তৰাজান শ্মশান উন্নয়ন সমিতিৰ সভাপতি আৰু অসম পেৰা অলিম্পিক সন্থাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল । অসম সাহিত্য সভাৰ দুৰ্যোগৰ সময়তো তেওঁ ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি অধিৱেশন অনুষ্ঠিত কৰিছিল । যোৰহাটৰ সামাজিক ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত সমীৰণ বৰদলৈ বকুলবন সমাজৰো সভাপতি হোৱাৰ লগতে সংগীত শিল্পী সন্থা , জ্যোতি চিনে ক্লাব ইত্যাদি অনুষ্ঠানৰ লগতো গভীৰভাৱে জড়িত হৈ আছিল । তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তৰাজান সোণাৰি গাঁৱৰ নিজা বাসগৃহত অগণন লোকৰ ভিৰ হয় । প্ৰয়াত ছাত্ৰনেতাগৰাকীৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা তথা নেছ’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য , আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । মৃত্যুৰ খবৰ পোৱাৰ পাছতে তেখেতৰ নশ্বৰ দেহত সদৌ অসম ছাত্ৰ সন্থাৰ শ্ৰেষ্ঠতম সন্মান হিচাপে আছুৰ ৰক্তিম পতাকা অৰ্পণ কৰে আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ড আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে । ইয়াৰ পাছতে যোৰহাট জিলাৰ উপায়ুক্ত অশোক বৰ্মন,অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন,অসম সাহিত্য সভা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি , যোৰহাট জিলা সমিতি , মহানগৰ সমিতি , যোৰহাট জিলা সাহিত্য সভা , যোৰহাট সাহিত্য সভা , যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী , প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী , তেওঁৰ একালৰ সতীৰ্থ তথা প্ৰাক্তন ছাত্ৰনেতা নিৰেন শৰ্মা , ৰাজা চক্ৰৱৰ্তী , সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি নৰেন বৰঠাকুৰ ,যোৰহাট মহকুমা ছাত্ৰ সন্থা ,যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা , পূব যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা,উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা,বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থা ,যোৰহাট জিলা কবি সন্মিলন , উত্তৰ পশ্চিম জিলা কবি সন্মিলন ,যোৰহাট জিলা ক্ৰীড়া সন্থা ,যোৰহাট জিল  সাহিত্য সভা,যোৰহাট সাহিত্য সভা,অসম গণ পৰিষদ , যোৰহাট বিধান পৰিষদ , অগপ,যোৰহাট জিলা সমতি,যোৰহাট টেনিছ ক্লাব ,ইন্দ্ৰপ্ৰস্থ সামূহিক উন্নয়ন সংস্থা ,জয়হিন্দ মইনা পাৰিজাত ,তৰাজান সন্মিলন,তৰাজান মহিলা চ’ৰা , যোৰহাট থিয়েটাৰ ,সংগীত শিল্পী সন্থা,যোৰহাট,জ্যোতি চিনে ক্লাব ,ড° ভূপেন হাজৰিকা ফাউণ্ডেশ্যন,জ্ঞানজ্যোতি প্ৰগতি সমাজ , সোণাৰি গাওঁ ,অসম কলেজ শিক্ষক সন্থা , যোৰহাট মণ্ডল , সোণাৰি গাওঁ নামঘৰ সমিতি ( হেমন্ত বৰদলৈ ), যোৰহাট নগৰ ব্লক কংগ্ৰেছ কমিতি , জয়হিন্দ থিয়েটাৰ , তৰাজান সোণাৰী গাওঁ , পূব যোৰহাট আৰ্থ-সামাজিক আৰু সাংস্কৃতিক সুৰক্ষা সমাজ ,অসম জাতীয় পৰিষদ,ৰাইজৰ দল , যোৰহাট জিলা সমিতি , চিনামৰা জাতীয় বিদ্যালয় , নেপথ্য সামাজিক সাংস্কৃতিক অনুষ্ঠান এণ্ড স্পৰ্টছ , নেছিয়া , প্ৰণৱ দলৈ , মুক্তি যুঁজাৰু সন্মিলন , যোৰহাট , যোৰহাট জিলা পেট্ৰলিয়াম ডিলাৰ এচ’ছিয়েচন,অসম পেৰা অলিম্পিক এছছিয়েচন , অসম , চেমফৰ্ড স্কুল , যোৰহাট , সহপাঠী , যোৰহাট , হেমন্ত বৰদলৈ ,সদৌ অসম কৰ্মচাৰী পৰিষদ, যোৰহাট জিলা কৰ্মচাৰী পৰিষদ ,সুৰৰ দেউল সংগীত বিদ্যালয় ,যোৰহাট উকীল সন্থা  ,যোৰহাট জিলা যুৱ ছাত্ৰ পৰিষদ , আকাশবাণী যোৰহাট কেন্দ্ৰ , বিপুল কলিতা ,বকুলবন সমাজ ,বকুলবন ন্যাস , যোৰহাট সাংস্কৃতিক মঞ্চ, লায়নছ ক্লাব যোৰহাট ,সংগীত শিল্পী সন্থাৰ জয়ন্ত নাথ,যোৰহাট চুইমিং ছচাইটি, যোৰহাট প্ৰেছ ক্লাব , যোৰহাট ,যোৰহাট জিলা সাংবাদিক সন্থা , আজু , যোৰহাট জিলা সমিতি ,ই-মেডিয়া সন্থা , যোৰহাট জিলা সমিতি ,উজনি অসম চেম্বাৰ্ছ অৱ কমাৰ্চ ,ফটো সাংবাদিক সন্থা যোৰহাট জিলা সমিতি ,পকামূৰা গুৰুযোগনীয়া যুৱ উন্নয়ন সমিতি ,জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভা, যোৰহাট মহাবিদ্যালয় ছাত্ৰ একতা সভা, চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় ছাত্ৰ একতা সভা, চিনামৰা মহাবিদ্যালয় ছাত্ৰ একতা সভা, সতীৰ্থ-৭৯ যোৰহাট গভত্ বয়জ , বন্ধু-৮৯ , যোৰহাট গভত্ বয়জ , ৰোমন্থন-৮৭ , যোৰহাট গভত্ বয়জ , যোৰহাট জিলা কাৰাটে সন্থা ,বিদ্যা সাৰথি জাতীয় বিদ্যালয়, সদৌ অসম মণ্ডল কাননাগো সন্থা,যোৰহাট জিলা মুক্তি যুঁজাৰু সন্মিলন ,অসম গণ পৰিষদ,শ্যামলী সাহিত্য সভা,কৃষিমন্ত্ৰী অতুল বৰাৰ প্ৰতিনিধ অসম চৰকাৰ, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিনিধি, তৰাজান শ্মশান উন্নয়ন সমিতি ,আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ , যোৰহাট জিলা , অসম সেনা , যোৰহাট মহানগৰ সমিতি ,অসম উন্নতি সভা , যোৰহাট জিলা সমিতি,অসম চেম্বাৰ্ছ অৱ কমাৰ্চ,যোৰহাট জিলা বেডমিণ্টন সন্থা , ইন্টেনডেম, সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাস , জাগ্ৰত শিল্পী সমাজ , সবাইবন্ধা, যোৰহাট জিলা ফটোগ্ৰাফাৰ সন্থা , জেইল ৰোড ক্লাব , যোৰহাট , শংকৰ-কৃষ্টি মন্দিৰ অতিলাগাওঁ ,অতিলাগাওঁ নাম-ধৰ্ম সমাজ , কমলাবৰীয়া যুৱ সংঘ,যোৰহাট সংগীত বিদ্যালয় , ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ড,সদৌ অসম সাংবাদিক সন্থা , যোৰহাট জিলা সমিতি,  সৰোজনী দেৱী বালিকা বিদ্যালয়,অসম কৃষি বিশ্ববিদ্যালয় কৃষি অনোৰধ শিক্ষক সন্থা,জেউতি,জেউতি চকু বেংক ,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যালয় ,আমি , নতুন পৃথিৱী, এনাজৰী ,সত্য ছাই সেৱা সংগঠন ,অসম সত্ৰীয়া সংগীত মহাবিদ্যালয় ,টংকেশ্বৰ হাজৰিকা বৰবায়ন , সেৱা, যোৰহাট , সোণাৰাম শৰ্মা বুঢ়াভকত , কমলাবাৰী সত্ৰ তিতাবৰ , সূৰ্য্য মোহন দাস, প্ৰাক্তন  সাধাৰণ সম্পাদক সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা,যোৰহাট জিলা টেবুল টেনিছ সন্থা ইত্যাদিয়ে সমাজ সংগঠক গৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।  বিভিন্ন অনুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত সুনাম থকা বৰদলৈদেৱে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জন্ম শতবাৰ্ষিকী আৰু গণধ্বনি নামেৰে মুকলি বিহুৰ অন্যতম উদ্যোক্তা ,  সদৌ অসম ছাত্ৰ সন্থাৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি , যোৱা কিছুদিন পূৰ্বে যোৰহাটত অনুষ্ঠিত হৈ যোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপেও দায়িত্ব লৈ অত্যন্ত ব্যতিক্ৰমীভাৱে সুচাৰুৰূপত অনুষ্ঠান পৰিচালনা কৰিছিল । তেখেতৰ অগ্ৰণী ভূমিকাৰ বাবেই তৰাজান শ্মশানখনত পাইপ গেচ সংযোগ, অত্যাধুনিক ৰূপত চুইমিং পুল নিৰ্মাণ , অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় পুনৰ নিৰ্মাণ ইত্যাদি সম্ভৱ হৈ উঠিছিল । মৃত্যুৰ সময়ত বৰদলৈয়ে পত্নী, তিনিগৰাকীকৈ জীয়ৰী , এজন জোঁৱাইকে ধৰি  অজস্ৰ মিতিৰ-কুটুম্ব আৰু গুণমুগ্ধক এৰি থৈ গৈছে । বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয়, যোৰহাটবাসী ৰাইজে এজন অভিভাৱক হেৰুৱালে , যিজন অভিভাৱক যোৰহাটৰ প্ৰত্যেকটো সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ লগতে অত্যন্ত ওতঃপ্ৰোতভাৱে জড়িত আছিল । বিপদৰ সময়ত সকলোৰে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰা প্ৰয়াত সমীৰণ বৰদলৈৰ দৰে এজন উজ্জ্বল নক্ষত্ৰৰ অকাল বিয়োগত আমি দিশহাৰা হৈ পৰিছোঁ । তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১৬ খন আঞ্চলিক ছাত্ৰ সন্থাই তিনিদিনৰ বাবে নিজ নিজ কাৰ্যালয়ত আঞ্চলিক ছাত্ৰ সন্থা সমূহৰ ৰক্তিম পতাকা আজিৰে পৰা তিনিদিনলৈ অৰ্ধনমিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৰদলৈয়ে লগতে কয় , প্ৰয়াত সমাজ সংগঠক গৰাকীৰ বিদেহ আত্মাৰ চিৰসদগতি কামনাৰে  আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১৬ খন আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ বেদী আৰু ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন কৰা হয় ।*অসম সাহিত্য সভাৰ শোক,মৰণোত্তৰ ভাৱে “গণ সুহৃদ” উপাধি প্ৰদান* : অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক সমীৰণ বৰদলৈৰ মৃত্যুত সভাই গভীৰ শোক প্ৰকাশ কৰে| সভাপতি ডঃ কুলধৰ শইকীয়া আৰু সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই শোক প্ৰকাশ কৰি কয় যে তেখেতৰ মৃত্যু অসম সাহিত্য সভা আৰু অসমীয়া জন জীৱনৰ বাবে এক বৃহৎ ক্ষতি| অসম সাহিত্য সভাৰ ২০১৫-২০১৮ বৰ্ষৰ কেন্দ্ৰীয় কাৰ্য্যালয়ৰ সহকাৰী সম্পাদক, বৰডুমচা অধিবেশনৰ ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক, শতবৰ্ষ উদ্বোধনী অনুষ্ঠানৰ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক, ৰপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা জন্ম শতবৰ্ষ উদযাপন সমিতিৰ সম্পাদক, সভাৰ কেইবাটাও কাৰ্য্যকালৰ কাৰ্য্যনিৰ্বাহক সদস্য তথা ২০১৮-২০ বৰ্ষৰ কৰ্ণধাৰ সমিতিৰ সদস্য মৃত্যুৰ সময়লৈকে চন্দ্ৰকান্ত সন্দিকৈ ভৱন অৱৰক্ষন সমিতিৰ কাৰ্য্যকৰী সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা বৰদলৈয়ে ২০০৩ বৰ্ষত জ্যোতিপ্ৰসাদ আগৰৱালা জন্ম শতবৰ্ষ উদযাপনৰ যোগেদি জ্যোতি সংগীত বিভিন্ন জনজাতীয় ভাষাত পৰিৱেশন কৰোৱাৰ উপৰিও জাতি জনগোষ্ঠীৰ সমন্বয়ৰ এক আদৰ্শ ডাঙি ধৰিছিল| বিভিন্ন বিতৰ্কই ম্লান পেলাবলৈ উপক্ৰম হোৱা সভাৰ শতবৰ্ষ উৎসৱ সফল ভাৱে দক্ষতাৰে ৰূপায়ন কৰিবলৈ বৰদলৈ সক্ষম হৈছিল| বৰদলৈ দেৱৰ প্ৰতি সন্মান জনাই অসম সাহিত্য সভাৰ পতাকা কেন্দ্ৰীয় কাৰ্য্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ লগতে আটাইকেইটা ভৱনতে অৰ্দ্ধনমিত কৰা হয়| আনহাতে বৰদলৈৰ নশ্বৰ দেহত সভাৰ পতাকা প্ৰদান কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়| অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাই বৰদলৈক “গণ সুহৃদ” উপাধি দিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহন কৰে যদিও তেখেতৰ অকাল বিয়োগত তেখেতক জীৱিত অৱস্থাত এই সন্মান দিব নোৱাৰা বাবে মৰনোত্তৰ ভাৱে এই উপাধি প্ৰদান কৰা হব বুলি জানিব দিয়ে| আনহাতে বাতৰি কাকতলৈ উজনি অসম মুছলিম কল্যান পৰিষদ , আমছু যোৰহাট জিলা সমিতি , যোৰহাট চেণ্ট্ৰেল ক্লাৱ , যোৰহাট জিলা কবি সন্মিলন , মহানগৰ কবি সন্মিলন , যোৰহাট জিলা কংগ্ৰেছ , ৰাইজৰ দলৰ যোৰহাট জিলা সমিতি, দক্ষিণ যোৰহাট ক’লা কৃষ্টি সাংস্কৃতিক আৰু গৱেষণা অনুষ্ঠান ,সামাজিক সাংস্কৃতিক অনুষ্ঠান প্রজ্ঞা সাৰথি,অন্তৰংগ ,পৰ্য্যটক ক্ৰীড়া সাংস্কৃতিক গোষ্ঠী, ব্ৰাহ্মণ সমাজ , অসম যুৱ পৰিষদৰ যোৰহাট জিলা সমিতি, অনুসূচীত জাতি পৰিষদ যোৰহাট জিলা সমিতি,ফেচবুক পেজ স্বয়ম ,নৃত্যাঞ্জলি, কলিতা জন গোষ্ঠী সন্মিলনৰ লগতে বহু দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰা বুলি প্ৰেছ বার্তাসমূহত উল্লেখ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here