Home নগাঁও নগাঁৱত ৮৫ লাখ টকা মূল্যৰ হিৰইন জব্দ: মহিলাসহ চাৰিজনক গ্ৰেপ্তাৰ

নগাঁৱত ৮৫ লাখ টকা মূল্যৰ হিৰইন জব্দ: মহিলাসহ চাৰিজনক গ্ৰেপ্তাৰ

107
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২০ অক্টোবৰ:
নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আজি পুৱতি নিশা নগাঁও জিলাৰ চাপৰমুখ ৰে’ল জংচনত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ এই সন্দৰ্ভত নগাঁও আৰক্ষীয়ে এগৰাকী মহিলাসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰnৱ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে লিডু এক্সপ্ৰেছ ৰে’লখন চাপৰমুখ ৰে’লৱে জংচনত ৰখোৱাৰ পিছতে এই অভিযান চলায়৷ অভিযানৰ সময়ত আৰক্ষীয়ে ১০টা চাবোনৰ বাকচত ১২০ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে হেৰ’ইন সৰবৰাহকাৰী দলৰ পৰা ১১,০০০ টকা জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে আন কেতবোৰ সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে এই সন্দৰ্ভত জিলাখনৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত ভেৰভেৰীৰ চিতাৰা বেগম [৪০], মাইনুল হক [৩২], ধনিয়াভেটিৰ ৰছিদুল হক [২৫] আৰু কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত লংজাপ পদুমণিৰ ৱাদিকুল হক [৩২]ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে হেৰ’ইন সৰবৰাহকাৰী এই চাৰিজন লোকক জেৰা অব্যাহত ৰাখিছে৷ নগাঁও আৰক্ষী সূত্ৰই জনোৱা মতে, ধৃত এই লোককেইজনে ডিমাপুৰৰ পৰা এই হেৰ’ইনসমূহ ৰে’লখনত গুৱাহাটীত বিক্ৰী কৰিবৰ বাবে আনিছিল৷ এই হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৮৫ লাখ টকা হ’ব৷ উল্লেখ্য যে ইয়াৰে মাইনুল হক এজন পলাতক আচামী বুলি জানিব পৰা গৈছে৷ এই ড্ৰাগ্‌ছ সৰবৰাহকাৰী দলটোৱে দীৰ্ঘদিন ধৰি ডিমাপুৰ আদিৰ পৰা হেৰইনকে ধৰি বিভিন্ন নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰি আহিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here