Home Main Stories গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ চাৰিটা শিশু

গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ চাৰিটা শিশু

278
0

গণ বাৰ্তা , গৌৰীপুৰ , ৯ নৱেম্বৰ: ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানা তথা আশাৰিকান্দি গাঁৱ পঞ্চায়তৰ অন্তৰ্গত দলশিঙেৰ আলগা গাঁৱত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।গাওখনৰ বাসিন্দা তহৰ আলীৰ ঘৰত বৈদ্যুতিক বিজুতি ঘটি নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।যোৱা নিশা প্ৰায় ৮.০০ বজাত তহৰ আলীৰ ঘৰখন হঠাতে দাউ দাউকৈ জ্বলি উঠাত চুবুৰীয়া লোকে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই আৰু অৱশেষত  জুই নিৰ্বাপিত হয়।সেই সময়ত তহৰ আলীৰ চাৰিটা শিশু ঘৰত নিদ্ৰামগ্ন হৈ আছিল।পিছে শিশু কেইটাক উদ্ধাৰ কৰা হয় যদিও শিশু কেইটা আংশিক ভাবে অগ্নিদগ্ধ হয় বুলি জনা গৈছে।পিছে নিশাই অগ্নিদগ্ধ শিশু কেইটাক ধুবুৰী অসামৰিক চিকিৎসা লয়ত ভৰ্ত্তি কৰোৱা হয়। নিশাৰ অগ্নিকাণ্ডত আলীৰ ঘৰত থকা সকলো ধৰণৰ  নথি পত্ৰৰ লগতে ঘৰখনত থকা বস্ত্ৰ,বিছনা, খাদ্য সামগ্ৰীৰ লগতে নগদ ৬০ হেজাৰ  টকা জুইত  ভস্মিভূত হয় বুলি জনা গৈছে।উল্লেখ্য যে,দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি অহা তহৰ আলীয়ে  বহু কষ্টৰে জমা ৰাখিছিল উক্ত ৬০হেজাৰ টকা।অগ্নিকাণ্ডত সৰ্বস্ব হেৰাই দৰিদ্ৰ পৰিয়ালটোৱে আনৰ ঘৰত আশ্ৰয় লবলগীয়া হৈছে,যদিও শীত নিয়ন্ত্ৰণৰ বাবে নাই এটাও বস্ত্ৰ ।দৰিদ্ৰ পৰিয়ালটোক সহায় সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্থানীয় ৰাইজে অনুৰোধ জনাইছে।ইয়াৰ লগতে গৃহহাৰা দৰিদ্ৰ পৰিয়ালটোক এটা চৰকাৰী আবাস গৃহ আৱন্টন দিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here