Home অসম নগাঁৱত হেৰ’ইনসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নগাঁৱত হেৰ’ইনসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

224
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৭ মে’ ঃ নগাঁৱৰ আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্ৰাগ্‌ছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে এই সন্দৰ্ভত ইতিমধ্যে বহুকেইজন ড্ৰাগ্‌ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও ড্ৰাগ্‌ছ সৰবৰাহকাৰী আৰু ড্ৰাগ্‌ছ ব্যবসায়ীসকলে নিত্য-নতুন কৌশল অৱলম্বন কৰি ড্ৰাগ্‌ছৰ সৰবৰাহ অব্যাহত ৰাখিছে৷ নগাঁৱক ড্ৰাগ্‌ছমুক্ত জিলা হিচাপে গঢ়ি তোলাৰ অংশ হিচাপে নগাঁও আৰক্ষীয়ে প্ৰতিদিনে ড্ৰাগ্‌ছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ যোৱানিশাও নগাঁৱত হয়বৰগাঁও আৰক্ষীয়ে অভিযান চলাই চাৰিজন ড্ৰাগ্‌ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ নগাঁও চহৰৰ ৰনং মোলাপট্টিত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা চাৰিজন ড্ৰাগ্‌ছ সৰবৰাহকাৰী হ’ল ৰনং মোলাপট্টিৰ ৰাতুল হুছেইন [৩১], ফাৰুক ইছলাম [২১], ৰমিজুল ইছলাম [২৯] আৰু জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত দ গাঁৱৰ গদাইমাৰীৰ নাছিৰ উদ্দিন [১৯]৷ সম্প্ৰতি নাছিৰে ৰনং মোলাপট্টিৰ ভাৰাঘৰত থাকি ড্ৰাগ্‌ছৰ ৰমৰমীয়া ব্যবসায় চলাই আহিছে৷ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে, ৰাতুল হুছেইন এগৰাকী ড্ৰাগ্‌ছ সৰবৰাহৰ মূল হোতা৷ ৰাতুলৰ নেতৃত্বত নগাঁৱত ড্ৰাগ্‌ছ সৰবৰাহৰ এটা নতুন ঘাটি গঢ় লৈ উঠিছে৷ যোৱানিশা ৰাতুলৰ ঘৰতে এই চাৰিজন সৰবৰাহকাৰী মিলিত হৈ বিভিন্ন স্থানত ড্ৰাগ্‌ছ সৰবৰাহৰ বাবে প্ৰস্তুতি চলাইছিল৷ আৰক্ষীয়ে গোপন সূত্ৰে এই খবৰ লাভ কৰি যোৱানিশা ৰাতুলৰ ঘৰত অভিযান চলাই এই সফলতা লাভ কৰে৷ আৰক্ষীয়ে ড্ৰাগ্‌ছ সৰবৰাহকাৰীকেইটাৰ পৰা ৮০টা হেৰ’ইনভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here