ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২ জানুৱাৰী : বিগত বৰ্ষৰ দৰে ইংৰাজী নতুন বৰ্ষতো নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ লক্ষ্যৰে বছৰটোৰ পহিলা দিনটোত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁও চহৰৰ সমীপৰ কদমতলত নগাঁও সদৰ থানাৰ আৰক্ষীয়ে এণ্টিনাৰ্কটিক স্কোৱাডৰ সহযোগত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই। চাৰিজন ড্ৰাগছ সৰবৰাহকৰীয়ে ড্ৰাগছ বিক্ৰী কৰাৰ বাবে যো-জা চলাই থকাৰ সময়তেই আৰক্ষীয়ে অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকৰীক হিৰইন সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আন দুজন কলং নৈত জাপ দি পলাবলৈ চেষ্টা কৰে। পিছত আৰক্ষীয়ে এই দুইজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে এক জাই গুলী চালনা কৰে যদিও কোনো লোক আঘাত প্ৰাপ্ত হোৱা নাই। এই সন্দৰ্ভত আৰক্ষীয়ে টক্ৰিমুল ইছলাম(৩১), গুলজাৰ হুছেইন(২৭), চাহিদ আলী (২৭) তুষাৰ পাটোৱাৰী (২৫)ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকৰী কেইজনৰ পৰা হিৰইন আৰু নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নগাঁও আৰক্ষীয়ে জানিবলৈ দিয়ে যে বিগত বৰ্ষৰ দৰে ২০২২ বৰ্ষতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব।