Home স্থানীয় কাৰাগাড়ী আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদৰ উদ্যোগত বিনামূলীয়া চিকিৎসা সেৱা

কাৰাগাড়ী আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদৰ উদ্যোগত বিনামূলীয়া চিকিৎসা সেৱা

430
0

গণবাৰ্তা,কয়াকুছি ৬এপ্ৰিল: বৰপেটা জিলাৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত কাৰাগাড়ীস্থিত কাৰ্যালয়ৰে পৰিচালিত ‘ কাৰাগাড়ী আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদ’ৰ উদ্যোগত দুদিনীয়াকৈ ট্ৰাক ড্ৰাইভাৰৰ চকু পৰীক্ষা কৰি চছমা প্ৰদান কৰা স্বাস্থ্য পৰীক্ষা শিবিৰ অলপতে সম্পন্ন হয়। ভাৰত চৰকাৰৰ ৰোড ট্ৰেঞ্চপোৰ্ট আৰু হাইৱে মন্ত্ৰণালয়ৰ অৰ্থ সাহায্যত অনুষ্ঠিত চকু পৰীক্ষা আৰু চছমা প্ৰদান শিবিৰ অনুষ্ঠিত হয় পাটাছাৰকুছি এইচ আৰ পেট্ৰ’ল পাম্পৰ কাষত আৰু কোৰোবাহা ৩১ নং ঘাইপথৰ কাষত থকা প্ৰিঞ্চ হোটেলৰ ওচৰত । পাটাছাৰকুছিৰ চকু পৰীক্ষা  শিবিৰটো উদ্বোধন কৰে বৰপেটা জিলাৰ এমভিআই পংকজ কুমাৰ দাসে আৰু আমন্ত্ৰিত অতিথি হিচাপে  উপস্থিত থাকে  পাটাছাৰকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু বজালী জিলাৰ বজালীৰ সহকাৰী চক্ৰ বিষয়া  দিবাস বৰদলৈ। আনহাতে দ্বিতীয় দিনৰ কোৰোবাহা চিকিৎসা শিবিৰ খন  উদ্বোধন কৰে বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে আৰু ৰিছোৰ্চ ব্যক্তি হিচাপে উপস্থিত থাকে বৰপেটা জিলাৰ  সহকাৰী ইনফোৰ্চমেন্ট পৰিদৰ্শক বিশ্বেশ্বৰ ৰয় ।  চিকিৎসক হিচাপে উপস্থিত থাকে ভৱানীপুৰ হস্পিতালৰ সহকাৰী চকু চিকিৎসক ডা০ ৰুদ্ৰ বৰ্মণে। দুয়োটা চিকিৎসা  শিবিৰত প্ৰায়  চাৰিশ গৰাকী ব্যক্তিক চকু পৰীক্ষা কৰি দুই শতাধিক  ড্ৰাইভাৰক  বিনামূলীয়াকৈ চছমা প্ৰদান কৰে পৰিষদে। চিকিৎসা শিবিৰ পৰিচালনা কৰে পৰিষদৰ সম্পাদক গোলাপ হুছেইনৰ লগতে পৰিষদৰ  সহকাৰী বিষয়া-বৰ্গই। স্থানীয় ৰাইজে কাৰাগাড়ী আঞ্চলিক  গ্ৰাম উন্নয়ন পৰিষদৰ এনে কামক ভূয়সী প্ৰশংসা কৰিছে। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here