Home স্থানীয় ভেকচিন নল’লে নাপাব বিনামূলীয়া চাউল, চৰকাৰী আঁচনিৰ সুবিধা : প্ৰতিষেধক ল’বলৈ ঘৰে-ঘৰে...

ভেকচিন নল’লে নাপাব বিনামূলীয়া চাউল, চৰকাৰী আঁচনিৰ সুবিধা : প্ৰতিষেধক ল’বলৈ ঘৰে-ঘৰে গৈ বুজালে বৰপেটা উপায়ুক্ত‌ই

105
0

বুলবুল হুছেইন,গৰেমাৰী, ১০ অক্টোবৰ: কোভিড প্ৰতিষেধক গ্ৰহণৰ বাবে ৰাইজক সজাগ কৰিবলৈ বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালে ঘৰে ঘৰে অভিযান আৰম্ভ কৰিছে। কালি উপায়ুক্ত গৰাকীয়ে বৰপেটা ৰোড চহৰৰ উপৰি খৈৰাবাৰী, ডুমণীচকী আদি অঞ্চল ভ্ৰমণ কৰি বহু পৰিয়ালৰ পদূলীয়ে পদূলীয়ে গৈ কোভিড প্ৰতিষেধক লোৱাৰ বাবে বুজনি দিয়ে। উপায়ুক্ত গৰাকীয়ে কয় যে এই ভেকচিন লোৱাৰ পৰা একো ক্ষতি নহয়, বৰঞ্চ উপকাৰহে হ’ব। তদুপৰি টীকা নোলোৱা সকলে অন্ত্যোদয়া অন্ন যোজনা বা বিশেষ অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল আচনি, প্ৰধান মন্ত্ৰী আৱাস যোজনা আৰু এনৰেগাৰ উপৰি অন্যান্য চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ’ব বুলিও তেওঁ সকলোকে জানিবলৈ দিয়ে। উপায়ুক্ত গৰাকীৰ এই অভিযানত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালক কৃষ্ণ মণি দাস আৰু পৰিদৰ্শক সুনীল দাসেও সঙ্গ দিয়ে।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, উপায়ুক্ত গৰাকীয়ে বৰপেটা ৰোডৰ দুখনমান ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ দোকানলৈ গৈ দোকানৰ গৰাকীক কোভিড প্ৰতিষেধক গ্ৰহণ নকৰা লোকক বিনামূলীয়া চাউলৰ বিতৰণ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি তেওঁ প্ৰতিখন দোকানত এই সম্পৰ্কত এখন সুকীয়া পঞ্জীয়ন বহী ৰাখি তথ্য নথিভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ মাজতে ভূষালে কেবাটাও কোভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়। ইয়াৰ পূৰ্বে উপায়ুক্ত গৰাকীয়ে বৰপেটা ৰোডৰ পৰ্যটন বিভাগৰ অতিথি শালাত বৰপেটা ৰোড ব্যৱসায়ী সন্থা আৰু পাইকাৰী বিক্ৰেতা সকলৰ সৈতে এখন বৈঠকত মিলিত হয়।  উক্ত সভাত উপায়ুক্ত্ই  আগন্তুক দুৰ্গোৎসৱৰ সময়ত  ব্যৱসায়ী সকলক কভিড বিধিৰ সকলো নিয়ম কঠোৰ ভাবে পালন কৰিবলৈ, উৎকৃষ্ট মানদন্দ্বৰ খদ্য সামগ্ৰী বিক্ৰী কৰিবলৈ, সকলো দোকানী আৰু কৰ্মচাৰীৰ লগতে গ্ৰাহক সকলৰ দুয়োপালী কভিড টিকাকৰন নিশ্চত কৰিবলৈ, চাফ চিকুনতা বৰ্তাই ৰাখিবলৈ, পলিথিনৰ ব্যৱহাৰ বৰ্জন কৰিবলৈ, সামগীৰ উচিত মূল্যহে লবলৈ আৰু গ্ৰাহকৰ বাবে দোখানৰ সন্মুখত চেনিটাইজাৰ চাবোন পানী আদি মজুত  ৰাখিবৈল নিৰ্দেশ দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here