Home Main Stories সান্ধ্য আইনৰ মাজতে অঘটন মৰিয়নিত জ্বলিল ৰখাই থোৱা মালবোজাই ট্ৰাক

সান্ধ্য আইনৰ মাজতে অঘটন মৰিয়নিত জ্বলিল ৰখাই থোৱা মালবোজাই ট্ৰাক

63
0

দিব্যজ্যোতি শইকীয়া, মৰিয়নি, ১০ জুনঃ মৰিয়নি নগৰৰ মাজ মজিয়াত ৰখাই থোৱা এখন মালবোজাই ট্ৰাক দপদপাই জ্বলি উঠা ঘটনাই মৰিয়নিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ঘটনাৰ সম্পৰ্কে জানিব পৰা মতে, মৰিয়নি নগৰৰ মৰিয়নি কলেজৰ কমাৰ্চ ভৱনৰ সন্মুখত মৰিয়নি আমগুৰি ধোদৰ আলিৰ কাষত ৰখাই থোৱা এখন ৭০৯ মালবোজাই ট্ৰাক কালি ৰাতি হঠাতে জ্বলি উঠে । সান্ধ্য আইনৰ মাজতে ৰাতি প্ৰায় ৯ মান বজাত পথৰ দাঁ‌তিত ৰখাই থোৱা ট্ৰাকখনত দপদপাই জুই জ্বলি থকা দেখি স্থানীয় লোক ওলাই আহে । ততাতৈয়াকৈ মৰিয়নিৰ অগ্নি আৰু আপাতকালীন বিভাগক খবৰ দিয়া হয় । কিন্তু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰথমখন বাহনৰ যান্ত্ৰিক বিজুতিৰ ফলত জুই নিয়ন্ত্ৰণ কৰিব নোৱাৰে । পিছত অন্য এখন বাহন আহিহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডৰ ফলত ট্ৰাকখনত থকা লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যোৱাৰ লগতে ট্ৰাকখনৰো আংশিক ক্ষতি হয় । সেই সময়ত ট্ৰাকখনত কোনো লোক নাছিল । উল্লেখ্য, মৰিয়নি নগৰৰ ২ নং ৱাৰ্ডৰ ইছলামুদ্দিন নামৰ এজন লোকৰ এ এছ ২৩- বি চি – ১৭৮৯ নম্বৰৰ ট্ৰাকখনে মৰিয়নিৰ পৰা নগালেণ্ডৰ টুৱেনচাঙলৈ সামগ্ৰী কঢ়িয়াইছিল । মৰিয়নি কলেজৰ কমাৰ্চ ভৱনৰ সন্মুখত আনদিনাৰ দৰে কালিও ট্ৰাকখন ৰখাই চালক হেণ্ডিমেনে ভাত খাবলৈ গৈছিল । কিন্তু হঠাতে ট্ৰাকখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । কি পৰিস্থিতিত ৰখাই থোৱা ট্ৰাকখনত জুই লাগিবলৈ পালে সেয়া ৰহস্যজনক । মৰিয়নিত পূৰ্বতে এনে ঘটনা সংঘটিত হোৱাৰ নজিৰ নাই । মৰিয়নিৰ আৰক্ষীক ট্ৰাক মালিকসকলে এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । ঘটনাটোৱে স্বাভাৱিকতে মৰিয়নি নগৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here