Home Main Stories এতিয়াৰে পৰা যোৰহাটত গৃহ নিৰ্মাণ কৰিলে বৰষুণৰ পানী সংৰক্ষণ বাধ্যতামূলক হ’ব

এতিয়াৰে পৰা যোৰহাটত গৃহ নিৰ্মাণ কৰিলে বৰষুণৰ পানী সংৰক্ষণ বাধ্যতামূলক হ’ব

511
0

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২ ফেব্ৰুৱাৰী : যোৰহাটত এতিয়াৰ পৰা গৃহ নিৰ্মাণ কৰিলে বৰষুণৰ পানী সংৰক্ষণ কৰা থাকিব লাগিব এই নিয়ম বাধ্যতামূলক হ’ব। উল্লেখ্য যে ব্যক্তিগত বাসগৃহ বা ফ্লেট  যিয়েই নহওঁক গৃহৰ নক্সা কৰোঁতেই এই ব্যৱস্থা কৰিব লাগিব। আজি বিশ্ব আদ্ৰ দিৱস উপলক্ষে যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ উদ্যোগত কেন্দুগুৰিস্থিত প্ৰাধিকৰণৰ কাৰ্য্যালয়ৰ চৌহদত অনুষ্ঠিত হয় বৰষুণৰ পানী সংৰক্ষণ সম্পৰ্কীয় এক আলোচনা চক্ৰ। উক্ত আলোচনাচক্ৰত  সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চিভিল বিভাগৰ মুৰব্বী প্ৰসন্ন খাউণ্ডয়ে এই সন্দৰ্ভত বক্তব্য আগবঢ়ায়। যোৰহাটৰ জিলা উপায়ুক্তকে ধৰি যোৰহাটৰ গৃহ নিৰ্মাণৰ লগত জড়িত ব্যক্তি সকলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে এই আলোচনা চক্ৰৰ  অনুষ্ঠানটো সঞ্চালনা কৰে উন্নয়ন প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামীয়ে। আলোচনাচক্ৰত জিলা প্ৰশাসনৰ কেইবাজনো বিষয়া উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here