Home অসম দিছপুৰ কলেজৰ একাউণ্টৰ পৰা হৰলুকি ৭৬ লাখ টকা, পশ্চিমবংগৰ এটা এন জি...

দিছপুৰ কলেজৰ একাউণ্টৰ পৰা হৰলুকি ৭৬ লাখ টকা, পশ্চিমবংগৰ এটা এন জি অ’ত সোমাল ধন

334
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী,৫ মে’ ঃ
মহানগৰীৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান দিছপুৰ মহাবিদ্যালয়ৰ সকলো ধনৰ লেনদেন হৈছিল দিছপুৰস্থিত বেংক অৱ বৰোডা শাখাত৷ যোৱা ২০ এপ্ৰিলৰ দিনা মহাবিদ্যালয়খনৰ অধ্যক্ষই কলকাতাৰ ‘জাতীয় কম্পিউটাৰ স্বাক্ষৰতা মিছন’ নামৰ এটা বেচৰকাৰী সংস্থাৰ নামত ৭৬ লাখ টকাৰ ধন আৰ টি জি এছ কৰিবৰ বাবে অনুমতি বিচাৰি এটা মেইল লাভ কৰিছিল৷ কিন্তু অধ্যক্ষগৰাকীয়ে মেইলটোৰ উত্তৰ প্ৰেৰণ কৰাৰ পূৰ্বেই মহাবিদ্যালয়খনৰ একাউণ্টৰ পৰা ৭৬ লাখ টকা ট্ৰেন্সফাৰ কৰি লয় কলকাতাৰ ‘জাতীয় কম্পিউটাৰ স্বাক্ষৰতা মিছন’ নামৰ বেচৰকাৰী সংস্থাটোৱে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে ধন হৰলুকী হোৱাৰ কথা গম পোৱাৰ লগে লগে বেংক কতৃৰ্পক্ষক অৱগত কৰাৰ সমান্তৰালকৈ দিছপুৰ থানাত এক অভিযোগ দাখিল কৰে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষৰ অভিযোগ– বেংকটোৰ একাংশ কৰ্মচাৰীৰ ছত্ৰছায়াত কলকাতাৰ বেচৰকাৰী সংস্থাটোৰ একাউণ্টত ভৰোৱা হ’ল ধনৰাশি৷ কাৰণ পূৰ্বে বেংকটোৱে মহাবিদ্যালয়খনৰ একাউণ্টৰ পৰা ২ হাজাৰ টকা দিবলৈ হ’লেও মেইলৰ লগতে ফোনযোগে অনুমতি লয় মহাবিদ্যালয়খনৰ অধ্যক্ষৰ৷ কিন্তু ইমান এটা বৃহৎ ধনৰাশি বহিৰাগত এটা ব্যক্তিগত সংস্থাৰ একাউণ্টালৈ ভৰাই দিয়াৰ আগমুহূৰ্তত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ অনুমতি নলৈ এটা ভুৱা মেইলৰ ভিত্তিত ধনৰাশি মোকলাই দিয়া কাৰ্যক সহজভাৱে ল’ব পৰা নাই মহাবিদ্যালয়খনৰ অধ্যক্ষই৷ অধ্যক্ষগৰাকীৰ স্পষ্ট কথা– আৰক্ষীয়ে সঠিক তদন্ত কৰিলেই জালত পৰিব পাৰে বেংকটোৰ একাংশ কমচাৰী৷ ইপিনে, বেংক কৰ্তৃপক্ষৰ মতে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ মোবাইল হেক কৰি হেকাৰে লুটি নিছে সমুদায় ধন৷ এইক্ষেত্ৰত জগৰীয়া নহয় বেংক কতৃৰ্পক্ষ৷ দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে মহাবিদ্যালয়খনৰ একাউণ্টৰ পৰা ধন সোমোৱা বেচৰকাৰী সংস্থাটোৰ একাউণ্ট বন্ধ কৰিব বাবে যোগাযোগ কৰিছে বেংক কতৃৰ্পক্ষৰে৷ কিন্তু কেনেদৰে মহাবিদ্যালয়খনৰ একাউণ্টৰ পৰা ইমান বৃহৎ ধনৰাশি হৰলুকী হ’বলৈ পালে বহিঃৰাজ্যৰ এটা বেচৰকাৰী সংস্থাৰ একাউণ্টলৈ৷ তাকে লৈ এতিয়া বিমোৰত পৰিছে আৰক্ষীও৷



LEAVE A REPLY

Please enter your comment!
Please enter your name here