Home অসম আজিৰে পৰা ৰাজ্যৰ বিদ্যালয়ত জ্ঞানৰ জ্যোতি প্ৰথম শ্ৰেণীৰ পৰা স্নাতকোত্তৰলৈ সকলো শ্ৰেণীৰ...

আজিৰে পৰা ৰাজ্যৰ বিদ্যালয়ত জ্ঞানৰ জ্যোতি প্ৰথম শ্ৰেণীৰ পৰা স্নাতকোত্তৰলৈ সকলো শ্ৰেণীৰ পাঠদান আৰম্ভ

159
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৮ অক্টোবৰ : দীৰ্ঘদিন ধৰি প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ হৈ আছিল। দেশত ক’ভিডৰ প্ৰথম ঢৌ আৰম্ভ হোৱাৰ পিছতে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছিল। ৰাজ্যত সম্প্ৰতি ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ পিছতে কাইলৈৰ পৰা সকলো শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব। ইতিমধ্যে শিক্ষা বিভাগে এই সন্দৰ্ভত এছ অ’ পি জাৰি কৰিছে। কাইলৈৰ পৰা শিক্ষা বিভাগে প্ৰাক্‌ প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ পুনৰ খুলি দিয়া হ’ব। প্ৰাক্‌ প্ৰাথমিকৰ ক্ষেত্ৰত কাইলৈৰ পৰা শ্ৰেণীকোঠাসমূহ মুকলি কৰা হ’ব। প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান সপ্তাহত কেৱল তিনিটা দিনত হ’ব। বাকী তিনিটা দিনত চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান অনুষ্ঠিত হ’ব। সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান হোৱাৰ বিপৰীতে মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান হ’ব। বিদ্যালয়ৰ প্ৰধান শিক্ষকে সময়মতে পাঠদান, মধ্যাহ্ন ভোজন প্ৰদান আৰু ক’ভিড-১৯ৰ সকলো সুৰক্ষাত্মক নীতি কাৰ্যকৰী কৰাৰ দায়িত্বত থাকিব লাগিব। অৱশ্যে প্ৰাক্‌-প্ৰাথমিক শ্ৰেণীৰ সৈতে জড়িত কোনো আৱাসিক হোষ্টেল মুকলি কৰিব নোৱাৰিব। পাঠদানৰ লগতে প্ৰয়োজন অনুসাৰে অনলাইন ক্লাছ অব্যাহত ৰাখিব পাৰিব। এই সময়ছোৱাত বিদ্যালয়ত কোনো আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সভা শিক্ষামূলক প্ৰশিক্ষণ অনুষ্ঠিত কৰিব নোৱাৰিব। এটা শ্ৰেণীকোঠাত ত্ৰিশজনতকৈ অধিক ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব নোৱাৰিব। একেদৰে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে ষষ্ঠ শ্ৰেণীৰ পাঠদান হ’ব। আনহাতে, মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে সপ্তম শ্ৰেণীৰ পাঠদান হ’ব। ইপিনে, বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে অষ্টম শ্ৰেণীৰ পাঠদান হ’ব। ইপিনে, কাইলৈৰ পৰা নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান সপ্তাহৰ ছটা দিনেই অনুষ্ঠিত হ’ব। উচ্চ, উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত হোষ্টেলসমূহত চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী অৰ্থাৎ দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়েহে থাকিব পাৰিব। ইয়াৰ বিপৰীতে একাদশ আৰু নৱম শ্ৰেণীৰ বাবে হোষ্টেলসমূহ বন্ধ থাকিব। উল্লেখ্য যে মহাবিদ্যালয় আৰু স্নাতকোত্তৰ বৰ্ষৰ পাঠদান যোৱা এক ছেপ্টেম্বৰৰ পৰাই আৰম্ভ হৈছে। আনহাতে, স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেল মুকলি কৰি দিয়া হৈছে। ইপিনে, পাঠদান অনুষ্ঠিত কৰাৰ বাবে বিশেষ নীতি নিৰ্ধাৰণ কৰিছে স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগে। পাঠদানৰ সময়ত ছাত্ৰ, শিক্ষক, কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ’ব। বিদ্যালয় আৰু কলেজৰ কেম্পাছকে আদি কৰি প্ৰসাধনগাৰ, কেণ্টিন, লাইব্ৰেৰী, লেবৰেটৰীকে আদি কৰি পাঠদানৰ সৈতে জড়িত অঞ্চলসমূহ চাফ-চিকুণ কৰি ৰাখিব লাগিব। তদুপৰি থাৰ্মোমিটাৰ, বিজাণুনাশক চাবোন আদি উপলব্ধ কৰিব লাগিব। পাঠদানৰ ক্ষেত্ৰত ছয় ফুটৰ সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here