Home নগাঁও মদিনাৰ ইমামৰ নাম লৈ অবাধে ধন সংগ্ৰহঃ উদ্যোক্তা সমিতিৰ ষড়যন্ত্ৰ ফাদিল, এজন...

মদিনাৰ ইমামৰ নাম লৈ অবাধে ধন সংগ্ৰহঃ উদ্যোক্তা সমিতিৰ ষড়যন্ত্ৰ ফাদিল, এজন আটক

195
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৬ ফেব্ৰুৱাৰী ঃ বিশ্ব শান্তিৰ নামত কালি নগাঁও জিলাৰ জুৰীয়াত আয়োজন কৰা শুকুৰবৰীয়া জুম্মাৰ নামাজত অসমৰ লাখ লাখ লোকক আমন্ত্ৰণ কৰি অৱশেষত মদিনাৰ ইমামগৰাকী উপস্থিত নথকাক লৈ সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে ঘটনাৰ আঁৰৰ কেতবোৰ ৰহস্য পোহৰলৈ আহিছে। যিগৰাকী ইমাম ছৌদি আৰবৰ মদিনাৰ পৰা অহা বুলি আয়োজক সমিতিয়ে প্ৰচাৰ চলাইছিল, সেইগৰাকী প্ৰকৃততে মদিনাৰ ইমাম নাছিল বুলি জানিব পৰা গৈছে। এই কথা ইতিমধ্যে বহু লোকে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে। ইপিনে, কালি জুৰীয়া বজাৰৰ সমীপৰ বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা জুম্মাৰ নামাজ আৰু বিশ্ব শান্তিৰ বাবে আয়োজন কৰা প্ৰাৰ্থনা সভাত সময়মতে উপস্থিত নথকা ইমামগৰাকীয়ে সন্ধ্যা স্থানীয় ধিং গাঁও জামে মছজিদত ইশ্বাৰ নামাজত অংশগ্ৰহণ কৰে। উক্ত নামাজ তেওঁ অতি বিসংগতিপূৰ্ণভাৱে আদায় কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। কাৰণ ধৰ্মীয় নীতি অনুসৰি, এগৰাকী দূৰণিবটীয়া ভ্ৰমণকাৰীয়ে নিশাৰ ইশ্বাৰ নামাজ দুই ৰাকাত পঢ়িব লাগে যদিও বিতৰ্কিত ইমামগৰাকীয়ে চাৰি ৰাকাত সম্পন্ন কৰে। তদুপৰি তেওঁ নামাজৰ পূৰ্বে কৰা অজুও আছিল বিসংগতিপূৰ্ণ। এই খবৰ বিয়পি পৰাৰ পিছত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইতিমধ্যে সংশ্লি­ষ্ট মছজিদ কমিটীক ৰাজ্যৰ আগশাৰীৰ ধৰ্মীয় শিক্ষানুষ্ঠান পৰমাইভেটি দাৰুল হাদিছ ইছলামীয়া মাদ্ৰাছাই এনে বিতৰ্কিত নামাজৰ বাবে কৈফিয়ত তলৱ কৰি দুদিনৰ ভিতৰত ইয়াৰ উত্তৰ দিবলৈ লিখিত পত্ৰ প্ৰেৰণ কৰিছে। আজি সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে মুফতি ফকৰুল ইছলামে। আনহাতে, অতি আশ্চৰ্যজনক বিষয় এই যে কালি তেওঁক এজন সাংবাদিকে কিয় জুৰীয়াত অনুষ্ঠিত জুম্মাৰ নামাজত উপস্থিত নহ’ল বুলি সোধাত মই একো নাজানো (I don’t know) বুলি কৈ দায়সৰা মন্তব্য প্ৰকাশ কৰে। এই কথাবোৰে এটা কথা স্পষ্ট কৰিছে যে ইমামগৰাকী প্ৰকৃততে ভুৱা ইমাম আছিল। তেওঁ মদিনাৰ ইমাম হয়নে নহয়, তাক লৈ ৰাইজে কৰা সন্দেহ সত্য ৰূপে পৰিগণিত হৈছে। লোকজন পশ্চিমবংগৰ এগৰাকী মৌলবী বুলি অঞ্চলজুৰি সৰৱ চৰ্চা চলিছে। ইপিনে, জুম্মাৰ নামাজত মদিনাৰ ইমামগৰাকী উপস্থিত নথকাৰ ফলত সৃষ্টি হোৱা ৰাইজৰ ক্ষোভ আজিও অব্যাহত আছে। যাৰ বাবে আয়োজক সমিতিয়ে ৰাইজক প্ৰতাৰণা কৰাৰ বাবে গ্ৰেপ্তাৰৰ ভয়ত আয়োজন কৰিছে ইটোৰ পিছত সিটো সংবাদমেল। সংবাদমেলত বিভিন্ন দায়সৰা মন্তব্যৰে নিজকে ধোৱা-তুলসীৰ পাত সজাবলৈ উঠিপৰি লাগিছে।

উল্লেখ্য যে ৰহস্যজনক কাৰণত মদিনাৰ ইমাম আনি শুকুৰবৰীয়া নামাজ অনুষ্ঠিত কৰিবলৈ জুৰীয়াৰ ধিং তালিমুল ক্কোৰাআন হাফিজীয়া ও ক্বাৰীয়ানা ইছলামীয়া মিছন মাদ্ৰাছা নামৰ এটা অখ্যাত অনুষ্ঠানে প্ৰথমে স্থানীয় দগাঁও খেলপথাৰত স্থান নিৰ্ধাৰণ কৰিছিল যদিও স্থানীয় ৰাইজে বাধা প্ৰদান কৰাত জুৰীয়াৰ একাংশ নেতাৰ শৰণাপন্ন হৈ জুৰীয়াত অনুষ্ঠানটো আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল। মূল উদ্যোক্তা অনুষ্ঠান মিছন মাদ্ৰাছা সমিতিৰ নেতৃত্ব লোৱা আঁৰৰ ব্যক্তিসকল আছিল ফকৰ উদ্দিন, আশ্বাদ আলী, ফজল আলী, আনজাৰ, মোফাজ্জল। একেটা পৰিয়ালৰ এই লোককেইজনে জুৰীয়াৰ এটা চক্ৰৰ সৈতে জড়িত হৈ জুম্মাৰ নামাজত মদিনাৰ ইমামে অংশগ্ৰহণ কৰিব বুলি ভুৱা প্ৰচাৰ চলাই লাখ লাখ টকা সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। ইতিমধ্যে, উদ্যোক্তা সমিতিৰ অন্যতম সদস্য ফকৰ উদ্দিনক আৰক্ষীয়ে আটক কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে। ইপিনে, জুম্মাৰ নামাজ অনুষ্ঠান আয়োজন কৰাৰ বাবে উদ্যোক্তা সমিতিয়ে প্ৰকাশ কৰা আমন্ত্ৰণী পত্ৰত ধিঙৰ বিধায়ক আমিনুল ইছলামৰ নাম পৃষ্ঠপোষকৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে তেওঁ জুৰীয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে উদ্যোক্তা সমিতিৰ বিৰুদ্ধে। বিধায়কগৰাকীক নজেনাৱাকৈয়ে তেওঁৰ নাম আমন্ত্ৰণী পত্ৰত পৃষ্ঠপোষক হিচাপে অন্তৰ্ভুক্ত কৰাৰ অভিযোগ কৰিছে। ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি সৰ্বসাধাৰণ ৰাইজক জুম্মাৰ নামাজৰ নামত প্ৰতাৰণা কৰাৰ চক্ৰটোক গ্ৰেপ্তাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে। অচিৰেই এই সমগ্ৰ বিষয়টোৰ লগত জড়িত এজন অগপ নেতা, এজন প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি আৰু এগৰাকী সংবাদিকসহ কে’বাজনো লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here