Home Main Stories বন্ধত স্তব্ধ নগালেণ্ডৰ মন জিলাৰ জনজীৱন, শোকাকুল পৰিৱেশত একেলগে ১৪ জনৰ সমাধি

বন্ধত স্তব্ধ নগালেণ্ডৰ মন জিলাৰ জনজীৱন, শোকাকুল পৰিৱেশত একেলগে ১৪ জনৰ সমাধি

579
0


নাগালেণ্ডৰ অ’টিংবস্তিৰ পৰা অভিজিৎ ভূঞা, ৮ ডিচেম্বৰ
: এক শোকাকুল পৰিৱেশত একেলগে চৈধ্যজন লোকৰ অন্তে্যষ্টিক্ৰিয়া সম্পন্ন হ’ল নাগালেণ্ডৰ অ’টিংবস্তিত৷ চুবুৰীয়া ৰাজ্যখনৰ মন জিলাৰ অ’টিংবস্তিত ৰাজহুৱাভাৱে একেলগে অন্তে্যষ্টিক্ৰিয়া সম্পন্ন কৰিলে সেনাৰ গুলীত নিহত চৈধ্যজন লোকৰ৷ শনিবাৰে নিশা ২১নং পেৰা মিলিটাৰীৰ গুলীত প্ৰাণ গৈছিল এইসকল নিৰীহ লোকৰ৷ মিলিটাৰীৰ গুলীত প্ৰাণ যোৱা লোককেইজনৰ মৃতদেহ দেওবাৰে মন জিলাৰ সদৰলৈ নিয়াৰ পাছত সোমবাৰে মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৰ উপস্থিতিত ৰাজহুৱাকৈ শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল৷ ইয়াৰ পাছতে মন টাউনৰ পৰা অ’টিংবস্তিলৈ প্ৰায় চাৰে তিনিঘণ্টাজোৰা পথ শ্মশান যাত্ৰা কৰি লৈ অহা হয় নিহত লোককেইজনৰ মৃতদেহ৷ আনহাতে, যাত্ৰাপথত বিভিন্ন ঠাইত শেষ শ্ৰদ্ধা জনায় নগা লোকসকলে৷ সোমবাৰে সন্ধিয়া নিহত লোককেইজনৰ মৃতদেহ অ’টিংবস্তিত উপস্থিত হোৱাৰ পাছত কান্দোনৰ ৰোল উঠে গাঁওখনত৷ ইফালে, নিশাই আটাইকেইজন লোকৰ অন্তে্যষ্টিক্ৰিয়া সম্পন্ন কৰে ৰাজহুৱাকৈ৷ মন কৰিবলগীয়া যে অসমীয়া জাতিৰ স্বাভিমান গামোচা প্ৰদানেৰে নিহত লোককেইজনলৈ শেষ শ্ৰদ্ধা জনাই অসমীয়া আৰু নগাৰ মাজত থকা সম্প্ৰীতি তথা ভাতৃত্ববোধৰ বান্ধোন পুনৰ উজলাই তোলা পৰিলক্ষিত হয় অ’টিংবস্তিত৷ ইপিনে, অন্তে্যষ্টিক্ৰিয়া সম্পন্ন কৰা সময়ত নিহত লোকসকলৰ পৰিয়ালৰ হিয়াভগা কান্দোনে পৰিৱেশ অধিক শোকাকুল কৰি তোলাৰ লগতে এগৰাকী মহিলাই স্বামীক হেৰুৱাই আঠমহীয়া সন্তানক কফিনত বহুৱাই কান্দোনত ভাগি পৰা দৃশ্য অতি মৰ্মান্তিক আছিল৷ ইফালে চাৰি ডিচেম্বৰত সংঘটিত ঘটনাৰ উত্তেজনা আজিও মাৰ যোৱা নাই পাহাৰীয়া ৰাজ্যখনত৷ চুবুৰীয়া ৰাজ্যখনৰ মন জিলাত আজি এই নাৰকীয় ঘটনাৰ উচিত তদন্তৰ দাবীত কন্যাক ইউনিয়নে সম্পূৰ্ণ বন্ধ ঘোষণা কৰাত জনজীৱন স্তব্ধ হৈ পৰে৷ এই বন্ধৰ ফলত চৰাইদেউ জিলাৰ লগত সংযোগ বিচ্চিন্ন হৈ পৰিছে নগালেণ্ডৰ৷ ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সংগঠনে উক্ত ঘটনাৰ নিন্দা কৰাৰ লগতে দোষীক কঠোৰতম শাস্তিৰ দাবী উত্থাপন কৰা লগতে অহা ১৩ ডিচেম্বৰলৈকে শোক সপ্তাহ পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইপিনে, অসমৰ নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদেও নাগালেণ্ডৰ এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়া লগতে আজি ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে৷ অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মাণিক গগৈ আৰু সাধাৰণ সম্পাদক বিপুল ফুকন স্বাক্ষৰিত স্মাৰক-পত্ৰৰ জৰিয়তে সমগ্ৰ ঘটনাৰ উচিত নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন কৰিছে৷ আনহাতে, সামৰিক বাহিনী বিশেষ সশস্ত্ৰ আইনখন নাগালেণ্ডৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই বাতিল কৰিবলৈ দাবী জনাই এই আইনৰ জৰিয়তে বহু নিৰীহ লোক সেনাবাহিনীৰ হাতত অপদস্থ হোৱাৰ লগতে প্ৰাণ হেৰুৱাব লগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্মাৰক-পত্ৰখনৰ জৰিয়তে৷ আনহাতে, চুবুৰীয়া ৰাজ্যখনত চাৰি ডিচেম্বৰত সংঘটিত নাৰকীয় কাণ্ডত নিহতসকলৰ পৰিয়াললৈ এক কোটি টকা সাহায্য প্ৰদানৰো দাবী সজোৰে উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here