Home অসম বিশিষ্ট গীতিকাৰ প্ৰয়াত নুৰুল হকৰ সহধৰ্মিনী নজমা হকৰ দেহাৱসান : যোৰহাট কবৰস্থানত...

বিশিষ্ট গীতিকাৰ প্ৰয়াত নুৰুল হকৰ সহধৰ্মিনী নজমা হকৰ দেহাৱসান : যোৰহাট কবৰস্থানত জানাজা সম্পন্ন

90
0


ষ্টাফ ৰিপ’ৰ্টাৰ, যোৰহাট, ১৩ মে’ ঃ অসমৰ বিশিষ্ট গীতিকাৰ প্ৰয়াত নুৰুল হকৰ সহধৰ্মিণী নজমা হকৰ আজি পুৱা ৯.৪০মান বজাত যোৰহাটৰ মিছন হাস্পতালত ইহলীলা সম্বৰণ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭৩ বছৰ৷ উল্লেখ্য যে নজমা হক কিছুদিনৰ পৰা অসুস্থ হৈ আছিল৷ কালি স্বাস্থ্য অধিক অৱনতি হোৱাত তেওঁক মিছন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও আজি চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁ কন্যা-জোঁৱাই, একমাত্ৰ পুত্ৰ-বোৱাৰী, নাতিকে আদি কৰি পৰিয়ালৰ বহুতকে ইহঃ সংসাৰত এৰি যায়৷ তেওঁৰ জানাজা আজি নিশা যোৰহাট কবৰস্থানত সম্পন্ন হয়৷ উল্লেখ্য যে প্ৰয়াত নজমা হকৰ মৃত্যুত যোৰহাটৰ গণতান্ত্ৰিক ফ’ৰাম, শিল্পী সমাজ, কবৰস্থান কমিটী, ঈদগাহ সমিতি, সন্মিলিত মহিলা সমিতি, যোৰহাট চেণ্ট্ৰেল ক্লাবকে আদি কৰি বহু অনুষ্ঠানে শোক প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here