Home অসম আইপিএল জুৱাৰ মাষ্টাৰমাইণ্ডক বিচাৰি ক্ৰাইম ব্ৰান্সৰ অভিযান : অজয় আগৰৱালাৰ ছত্ৰছায়াত উত্তৰ-পূৰ্বাঞ্চলত...

আইপিএল জুৱাৰ মাষ্টাৰমাইণ্ডক বিচাৰি ক্ৰাইম ব্ৰান্সৰ অভিযান : অজয় আগৰৱালাৰ ছত্ৰছায়াত উত্তৰ-পূৰ্বাঞ্চলত জুৱাৰ নেটৱৰ্ক

155
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ অক্টোবৰ: প্ৰতিবছৰে আইপিএল খেলৰ নামত ৰাজ্যজুৰি ব্যাপক জুৱাৰ বজাৰ বহে৷ অসমৰ গাঁৱে-ভূঞে শিপাইছে আইপিএলৰ জুৱাই৷ উল্লেখ্য যে আইপিএলৰ খেল চলি থকাৰ সময়ছোৱাতে খেলৰ ওপৰত বিশেষ বিশেষ জুৱা নিৰ্ধাৰণ কৰা হয়৷ বিশেষকৈ প্ৰথমে বেটিং কৰা দলটোৱে কিমান ৰান কৰিব তথা অন্তিম সংখ্যাটো কিমান হ’ব তাক লৈ জুৱা চলে ৰাজ্যজুৰি৷ তদুপৰি পাৱাৰ প্লেৰ সময়ত কিমান ৰান কৰিব সেয়াও জুৱাৰ আওতাত পৰে৷ উল্লেখ্য যে আঢ্যৱন্ত পৰিয়ালৰ পৰা আৰম্ভ কৰি গাঁৱৰ খাটি খোৱা লোকলৈকে এতিয়া আইপিএলৰ জুৱাই চানি ধৰিছে৷ আইপিএল সমাপ্ত হ’ল, কিন্তু এতিয়াহে যেন সাৰ পাইছে আৰক্ষীয়ে৷ উল্লেখ্য যে শনিবাৰে মাজনিশা আইপিএলৰ জুৱাৰ মুখ্য অভিযুক্তক বিচাৰি আৰক্ষীৰ অপৰাধ শাখাই বিশেষ অভিযান চলায়৷ কিছুদিন পূৰ্বে কুমাৰপাৰা, ধীৰেনপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা তিনিজন জুৱাৰীৰ তথ্যৰ ভিত্তিতেই উত্তৰ-পূৰ্বাঞ্চলত আইপিএলৰ জুৱাৰ বৃহৎ নেটৱৰ্ক গঢ়ি তোলা অজয় আগৰৱালাৰ বিৰুদ্ধে অপৰাধ অনুসন্ধান শাখাই অভিযান চলায়৷ নৱগ্ৰহস্থিত মেগন এপাৰ্টমেণ্টত চতুৰ্থ মহলাত অভিযান চলাই যদিও অজয় আগৰৱালাক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয় অপৰাধ অনুসন্ধান শাখা৷ অভিযান শাখাই ৩.৬৬ লাখ টকা জব্দ কৰাৰ উপৰি কে’বাটাও ম’বাইল আৰু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে৷ উল্লেখ্য যে আইপিএল সমাপ্ত হোৱাৰ পিছত জুৱাৰ বিৰুদ্ধে অপৰাধ অনুসন্ধান শাখাই তদন্ত আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷ কিন্তু সৰ্বত্ৰ এক অভিযোগ আছে যে ৰাজ্যৰ মফচলীয় চহৰৰ লগতে গাঁৱে-ভূঞে যি আইপিএলৰ জুৱা বিয়পি পৰিছে সেইক্ষেত্ৰত কিন্তু একাংশ দুৰ্নীতিপৰায়ণ আৰক্ষীৰো অৱদান নথকা নহয়৷ প্ৰথমে বেটিং কৰা দলটোৱে মুঠ ৰানৰ অন্তিমটো সংখ্যা কিমান হ’ব তাক লৈ সৰু সৰু চহৰ আৰু গাঁও অঞ্চলত চলে আইপিএলৰ জুৱা৷ অভিযোগ অনুসৰি বহুতো সৰু-সুৰা জুৱাৰীয়ে আৰক্ষীক মেনেজ কৰি এনেবোৰ অঞ্চলত এই জুৱাৰ বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছে৷ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিখন জিলাৰ প্ৰতিটো মহকুমাৰ প্ৰতিখন আৰক্ষী থানাৰ লগতে আৰক্ষী চকীসমূহৰ অন্তৰ্গত সকলো অঞ্চলতে এই জুৱা বিদ্যমান যদিও কেৱল নাক বচাবলৈ মাজে-সময়ে দুই-চাৰিটা জুৱাৰীক আটক কৰাহে পৰিলক্ষিত হয়৷ ইয়াৰ বিপৰীতে কিন্তু ৰাজ্যত হাজাৰ হাজাৰ এনে জুৱাৰীয়ে গাঁৱে-ভূঞে জুৱাৰ পোহাৰ মেলা পৰিলক্ষিত হৈছে৷ কিন্তু এই সমগ্ৰ দিশ এতিয়া তদন্তৰ আওতাত আহিব নে সেয়াহে লক্ষ্যণীয় হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here