Home অসম চৰকাৰ প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি অবৈধ গোশালাৰে গো-ধনৰ ৰমৰমীয়া ব্যৱসায়: নগাঁৱত গো-মাফিয়া...

চৰকাৰ প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি অবৈধ গোশালাৰে গো-ধনৰ ৰমৰমীয়া ব্যৱসায়: নগাঁৱত গো-মাফিয়া চক্ৰৰ নতুন কৌশল

201
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২০ অক্টোবৰ ঃ শেহতীয়াকৈ গো সৰবৰাহৰ কৰিড’ৰৰূপে পৰিগণিত হৈছে নগাঁও৷ গো-সুৰক্ষাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও গো-মাফিয়া চক্ৰই চৰকাৰ-প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি চৰকাৰ প্ৰশাসনক অংগুষ্ঠ ন ন কৌশল অৱলম্বন কৰি ট্ৰাকে ট্ৰাকে মেঘালয়লৈ সৰবৰাহ কৰি আহিছে গো-ধন৷ উত্থাপিত অভিযোগ অনুসৰি ছফিকুল নামৰ গো-মাফিয়াটোৰ নেতৃত্বত এটা গো-মাফিয়া চক্ৰই দীৰ্ঘদিনে মধ্য অসম তথা নগাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা ট্ৰাকে ট্ৰাকে গো-ধন বহিঃৰাজ্য মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে৷ তেওঁৰ নেতৃত্বত চলা গো-সৰবৰাহ চক্ৰটোৰ বহুকেইজন লোকক নগাঁৱৰ বিশেষকৈ বৰঘাট আৰক্ষীয়ে ইতিমধ্যে আটক কৰি জব্দ কৰিছে গো-ধনভৰ্তি ট্ৰাক৷ উল্লেখ্য, আৰক্ষীয়ে জব্দ কৰা গো-ধনসমূহ ৰখা হয় নগাঁও জিলা প্ৰশাসনৰ অধীনত থকা একাংশ গোশালাত৷ সেই গোধনসমূহত চোৱাচিতাৰ বাবদ দিব লগা হয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বুজন পৰিমাণৰ ধন৷ বিভাগীয় এক সূত্ৰে জনা মতে, জিলাখনত চাৰিখন অনুজ্ঞা-পত্ৰ থকা গোশালা আছে৷ সেইসমূহ হ’ল মাজৰাটিস্থ গোপাল গোশালা, বেঙেনাআটিস্থ জ্যোতি এণ্টাৰপ্ৰাইজ গো-শালা, শেনছোৱাস্থিত গোপেশ্বৰ গোশালা আৰু ছোটহয়বৰস্থ শ্ৰীকৃষ্ণ গোশালা৷ আৰক্ষীয়ে জব্দ কৰা গো-ধনসমূহ উল্লিখিত গোশালাসমূহত ৰাখিব লাগে৷ কিন্তু নগাঁৱৰ বৰঘাট আৰক্ষীয়ে অলপতে গো মাফিয়া ছফিকুলৰ ট্ৰাকৰ পৰা জব্দ কৰা গো-ধনসমূহ ৰাখিছে ছফিকুলৰ মালিকানাধীন নগাঁও চহৰৰ বাইপাছৰ সমীপৱৰ্তী অঞ্চল বেঙেনাআটি কলং পাৰত থকা অবৈধ গোশালাত৷ ছফিকুলে পৰৱৰ্তী সময়ত কোনো বেপাৰীক জব্দকৃত গো-ধনসমূহ বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ উল্লেখ্য যে ছফিকুলৰ বিৰুদ্ধে পূৰ্বেও কাজিৰঙাত তেল চুৰি আৰু গো-সৰবৰাহৰ বিষয়ে সবিস্তাৰে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হৈছে৷ আনকি, কিছুদিন পূৰ্বে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ছফিকুলে জামিনত মুক্ত লাভ কৰি পুনৰ আৰম্ভ কৰিছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়৷ এই কাৰ্য সম্পাদন কৰে গো-মাফিয়া চক্ৰৰ আন এক সদস্য ফৰিদুল ইছলামে৷ ফৰিদুলে বিভিন্ন থানাৰ একাংশ আৰক্ষীক মেনেজ কৰি কৌশলেৰে এই কাণ্ড সংঘটিত কৰি আহিছে৷ মনকৰিবলগীয়া যে গো-মাফিয়া ছফিকুলৰ মালিকানাধীন গো-শালাৰ কোনো বিভাগীয় অনুজ্ঞা-পত্ৰ নথকাৰ পাছতো কেনেদৰে গো-শালা চলাই আছে সেইটো এক ৰহস্যৰ বিষয়৷ অকল তেৱেঁই নহয় বেঙেনাআটি অঞ্চলতে ইছলাম উপাধিৰ আন এজন যুৱকৰ নেতৃত্বত চলিছে অবৈধ গো-শালা৷ এই গো-শালাটোৰ নামত আৰক্ষীৰ চকুৰ আগতেই চলাই গৈছে গৰুৰ অবৈধ বেহা৷ উত্থাপিত অভিযোগ অনুসৰি ইছলামে চলাই থকা গো-শালাটোৰ নাই কোনো চৰকাৰী অনুজ্ঞা-পত্ৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here