Home Main Stories ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ট্ৰাক হাইজেক কৰা গেং নলবাৰীৰ আৰক্ষীৰ জালত

ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ট্ৰাক হাইজেক কৰা গেং নলবাৰীৰ আৰক্ষীৰ জালত

166
0

এম মহিবৰ ৰহমান, নলবাৰী, ৩ জুনঃ নলবাৰী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বানেকুছিৰ পৰা ট্ৰাক হাইজেক কৰা দুৰ্বৃত্তৰ দল এটা আজি নলবাৰী আৰক্ষীৰ জালত পৰে।এই হাইজেক কাণ্ডৰ লগত জড়িত আৰক্ষীৰ গৃহৰক্ষী বাহিনীৰ এজন জোৱানো পৰে আৰক্ষীৰ জালত। উল্লেখ্য যে,যোৱা ২৪ মে’ত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ নলবাৰীৰ বানেকুছিৰ পৰা হাইজেক কৰা হৈছিল এখন চাহপাত ভৰ্তি ট্ৰাক। দুৰ্বৃত্তৰ দল এটাই ট্ৰাকচালক গৰাকীক প্ৰথমতে আৰক্ষীৰ লোক বুলি চিনাকি দি ধমক দি ট্ৰাকখন ৰখায়। তাৰ পিছত চালকক ট্ৰাকৰ পৰা নমাই দুৰ্বৃত্তই ডব্লিউ বি ২৫ চি ৩৩৫৪ নম্বৰৰ ট্ৰাকখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাইজেক কৰে। ইয়াৰ পিছতেই ট্ৰাকচালকজনক কিছু নিলগত ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থৈ উধাও হয় দলটো। পিছত ট্ৰাকচালকজনৰ খবৰৰ ভিত্তিত নলবাৰী আৰক্ষীয়ে ২৯২/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰে তদন্ত। নলবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলে উক্ত কাণ্ডৰ অভিযান। সেই মৰ্মে, বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পৰা উক্ত হাইজেক হোৱা ট্ৰাকখন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও সেই সময়ত ট্ৰাকখনৰ পৰা প্ৰায় ৬৯ লাখ টকা মূল্যৰ চাহপাত নোহোৱা হৈ পৰে। অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ জোৰ তদন্তৰ অন্তত ইতিমধ্যে অন্তৰ্ধান হোৱা চাহপাতখিনিও উদ্ধাৰ কৰা হয়। আনহাতে, এই ট্ৰাক হাইজেক কাণ্ডৰ মূল অভিযুক্ত মিন্টু আলী আৰু ইমৰাণ আলীক ৰঙিয়াৰ ডবকাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তদুপৰি বিশ্বজিত ঘোষ আৰু আব্দুল আহাব আলী নামৰ দুৰ্ধষ ডকাইত দুটাকো আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ লক্ষণীয়ভাবে ইয়াৰে আটকাধীন মিন্টু আলী হৈছে আৰক্ষীৰ গৃহৰক্ষী জোৱান। ইফালে, ট্ৰাক হাইজেক কৰাত ব্যৱহাৰ কৰা এএছ ০১ ডিএম ৩৫৫৭ নম্বৰৰ আই ২০ গাড়ীখনো জব্দ কৰে আৰক্ষীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here