ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ মে’ঃ মূল্য বৃদ্ধিৰ বিৰুদ্ধে যুঁজি থকা দেশবাসীক আন এক মাধমাৰ শোধালে কেন্দ্ৰীয় চৰকাৰে। একসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰলৈ ৰন্ধন গেছৰ মূল্য বৃদ্ধি ঘটাই সৰ্বসাধাৰণ জনতাৰ মূৰত ৰামটাঙোন শোধালে। যি সময়ত খাদ্য-সামগ্ৰীকে ধৰি আন সামগ্ৰী সমূহৰ মূল্য আকাশলংঘী হৈছে। তেনে সময়ত কেন্দ্ৰীয় চৰকাৰে সৰ্বসাধাৰণ জনতাক সকাহ দিয়াৰ পৰিৱৰ্তে একসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰলৈ ৰন্ধন গেছৰ মূল্য বৃদ্ধি ঘটাই জনতাক আন এক অনিশ্চয়তাৰ দিশলৈ ঠেলি দিছে। আজি কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ মূল্য ৫০ টকা বৃদ্ধি কৰে। ফলত ৰাজধানী দিল্লীত এতিয়া ঘৰুৱা ৰন্ধন গেছৰ মূল্য ৯৯৯.৫০ টকালৈ বৃদ্ধি পাইছে। একেদৰে বিহাৰত প্ৰতিটো ৰন্ধন গেছৰ মূল্য ১১০০ টকালৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে চৰকাৰে বাণিজ্যিক ৰন্ধন গেছৰ ১০২ টকা বৃদ্ধি কৰিছিল। ১ মে’ত বাণিজ্যিক ৰন্ধন গেছৰ মূল্য ১০২ টকা বৃদ্ধি কৰাৰ পিছত আজি ঘৰুৱা ৰন্ধন গেছত ৫০ টকা কৰিছে। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ মাৰ্চত ঘৰুৱা ৰন্ধন গেছত ৫০ টকা বৃদ্ধি পায়। বাণিজ্যিক ৰন্ধন গেছৰ মূল্য পূৰ্বৰ দৰে বৰ্তি আছে। উল্লেখ্য যে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য অভাৱনীয় হাৰত দেশত বৃদ্ধি পাবলৈ ধৰিছে। যাৰ ফলত সৰ্বসাধাৰণ লোকে এতিয়া ত্ৰাহি মধুসূদন সঁুৱৰিব লগা হৈছে।