Home Main Stories ভূৰাগাঁৱৰ অমানৱীয় হত্যাকাণ্ডৰ বুজ লয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ▪️ অলপ...

ভূৰাগাঁৱৰ অমানৱীয় হত্যাকাণ্ডৰ বুজ লয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ▪️ অলপ দিন সময় দিয়ক আমি ইয়াৰ বিৰুদ্ধে কটকটীয়া ব্যৱস্থা লমঃ মুখ্যমন্ত্ৰী

85
0

ছাদ্দাম হুছেইন, ভূৰাগাঁও, ২৫ জুন : মৰিগাঁৱৰ ভূৰাগাঁৱত সংঘটিত হোৱা মানৱ সমাজক লজ্জানত কৰা শিহৰণকাৰী অমানৱীয় নৃশংস হত্যাকাণ্ডৰ আজি বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াৰ লগতে স্থানীয় বিধায়ক ডাঃ আছিফ নাজাৰ, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। উল্লেখ্য যে মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত বালিডোংগা গাঁৱৰ পথাৰৰ মৰাপাট খেতিত উদ্ধাৰ হৈছিল এটি ৯ বছৰীয়া ফুলকুমলীয়া শিশুকন্যাৰ মৃতদেহ। যোৱা ২০ জুন দেওবাৰে পুৱা শিশুটি ঘৰৰ ওচৰতে জামু বুটলিবলৈ যোৱাৰ সময়তে কোনো দুৰ্বৃত্তই প্ৰথমে ধৰ্ষণ কৰি মৰাপাট খেতিত নৃশংসভাৱে হত্যা কৰি পেলাই থৈ গৈছিল। আজি শিশুটিৰ পৰিয়ালৰ কাষত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত। মুখ্যমন্ত্ৰীগৰাকী আজি পুৱা ১০.৩০ বজাত ভূৰাগাঁও আৰক্ষী থানাত উপস্থিত হৈ অমানৱীয় হত্যাকাণ্ডৰ বলি হোৱা ফুলকুমলীয়া শিশুটিৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি ঘটনা সন্দৰ্ভত বুজ লয়। লগতে শোকসন্তপ্ত দুৰ্ভগীয়া পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰে। অসম আৰক্ষীয়ে হত্যাকাণ্ডটোৰ তদন্ত অব্যাহত ৰাখিছে, অতি কম সময়ৰ ভিতৰতে অপৰাধী আৰক্ষীৰ জালত পৰিব। ভূৰাগাঁৱত সংঘটিত অমানৱীয় ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ ল’বলৈ ভূৰাগাঁৱলৈ অহা মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অতি কম দিনৰ ভিতৰতে দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে। লগতে ভূৰাগাঁৱৰ লগতে কোকৰাঝাৰৰ দুগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে দোষীক গ্ৰেপ্তাৰ কৰি যদি আইনগতভাৱে উপযুক্ত শাস্তি দিয়া হয়, তেন্তে বেলেগে এনে কাম কৰিবলৈ ভয় পাব। গতিকে অলপ দিন সময় দিয়ক, আমি ইয়াৰ বিৰুদ্ধে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিম। লগতে অসম আৰক্ষীৰ ড্ৰাগ্‌ছবিৰোধী সফল অভিযান সম্পৰ্কে সাংবাদিকে প্ৰশ্ন কৰাত এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে ভূৰাগাঁৱৰ এই নৃশংস, অমানৱীয় হত্যাকাণ্ডটোৱে আজি ছয় দিন অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও ঘটনাটোৰ লগত জড়িত কোনো এজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাটোৰ বুজ লোৱাৰ পাছত আৰক্ষীয়ে তদন্তৰ অভিযান অধিক তীব্ৰ গতিৰে আগুৱাই অতি সোনকালে অপৰাধীক কৰায়ত্ত কৰিব পাৰিবনে? সেয়া সময়তহে লক্ষণীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here