Home Main Stories গ্ৰেনেড বিস্ফোৰণ নিহত দুই পৰিয়ালক পাঁচ লাখকৈ চেক প্ৰদান

গ্ৰেনেড বিস্ফোৰণ নিহত দুই পৰিয়ালক পাঁচ লাখকৈ চেক প্ৰদান

142
0

সন্তোষ ফুকন, তিনিচুকীয়া, ১৬ মে : উল্লেখ্য যে,যোৱা ১৪ মে’ তাৰিখে ডিগবৈ টিংৰাই বজাৰত সংঘটিত গেনেড বিষ্ফোৰণত নিহত হৈছিল সঞ্জীৱ সিং আৰু সুৰজিত তালুকদাৰ।যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ তেওঁলোকৰ মনৰ বুজ লৈছিল আৰু তেওঁলোকৰ পৰিয়াললৈ ৫ লাখ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিষান,ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন আৰু ৭নং চামডাং জিলা পৰিষদৰ সদস্যা মল্লিকা ফুকনৰ উপস্থিতিত দুই মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে। ডিগবৈ টিংৰাইত গ্ৰেনেড বিস্ফোৰণত নিহত হোৱা সঞ্জীৱ সিং আৰু সুৰজিত তালুকদাৰৰ পৰিয়ালক অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে অসম চৰকাৰ আৰু জিলা উপায়ুক্তৰ সহযোগিতাত ৫ লাখ টকাৰ আৰ্থিক সাহায্যৰ চেক প্ৰদান।

LEAVE A REPLY

Please enter your comment!
Please enter your name here