Home স্বাস্থ্য চাকৰিমুখী ডিপ্ল’মা পাঠ্যক্ৰম প্ৰদান কৰিবলৈ গুৱাহাটীত গ্ল’বেল স্কুল অৱ হেয়াৰ এণ্ড বিউটী...

চাকৰিমুখী ডিপ্ল’মা পাঠ্যক্ৰম প্ৰদান কৰিবলৈ গুৱাহাটীত গ্ল’বেল স্কুল অৱ হেয়াৰ এণ্ড বিউটী মুকলি

234
0

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী ঃ হেয়াৰ ষ্টাইলিং, মেকআপ, সৌন্দৰ্য আৰু নেইল আৰ্টৰ বাবে অঞ্চলটোৰ প্ৰথম প্ৰকাৰৰ পেছাদাৰী প্ৰতিষ্ঠান-গ্ল’বেল স্কুল অফ হেয়াৰ এণ্ড বিউটি আজি গুৱাহাটীত মুকলি কৰা হয়৷ প্ৰতিষ্ঠানটো উদ্বোধন কৰে প্ৰসিদ্ধ মহিলা ব্যৱসায়ী আৰু প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক ৰিনিকি ভূঞা শৰ্মাই৷ গুৱাহাটীৰ জিএছ ৰোডৰ অনিল প্লাজা-২ ভৱনৰ পঞ্চম মহলাত অৱস্থিত এই প্ৰতিষ্ঠানটোৱে বিভিন্ন চুলি আৰু সৌন্দৰ্য সমাধানৰ ওপৰত বিশেষ চাকৰিমুখী প্ৰশিক্ষণ প্ৰদান কৰিব৷ প্ৰতিষ্ঠানটোৱে পাঠ্যক্ৰমবোৰৰ বাবে প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ শ্বাৰ্জকফ, গ্ল’ৱেল কেৰাটিন [জিকে], আইকনিক, মেকআপ ©ু†ডিঅ’ এমষ্টাৰডাম, ডেভিনছ, চিষ্টেইন আৰু বায়োছফ্‌টৰ দৰে শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ সৈতে সহযোগিতা কৰিছে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক ৰিনিকি ভূঞা শৰ্মাই কয়, ‘আজি গ্ল’বেল স্কুল অৱ হেয়াৰ এণ্ড বিউটি উদ্বোধন কৰি মই আনন্দিত হৈছো৷ প্ৰতিষ্ঠানটোৱে কেৱল আমাৰ লোকসকলক চাকৰিমুখী প্ৰশিক্ষণপ্ৰাপ্ত কৰাত সহায় নকৰে, লগতে তেওঁলোকক অঞ্চলটোত আৰু তাৰ বাহিৰত কাম কৰা শীৰ্ষ ব্ৰেণ্ডবোৰৰ সৈতে কাম কৰিবলৈ সক্ষম কৰিব৷ এই প্ৰতিষ্ঠানে আমাৰ যুৱক-যুৱতীসকলক উন্নত প্ৰশিক্ষণপ্ৰাপ্ত কৰাত সহায় কৰিব আৰু এনেদৰে বিভিন্ন ধৰণৰ নিযুক্তিৰ সুযোগো মুকলি কৰিব৷’ গ্ল’ৱেল স্কুল অফ হেয়াৰ এণ্ড বিউটি হৈছে চুলি আৰু সৌন্দৰ্য সমাধানৰ ওপৰত চাকৰিমুখী, তাত্ত্বিক আৰু ব্যৱহাৰিক ডিপ্লমা পাঠ্যক্ৰমৰ এক প্ৰতিষ্ঠান৷ আমি আমাৰ শিক্ষাৰ্থীসকলক ১০০ শতাংশ প্লেচমেণ্ট সাহায্য আগবঢ়োৱাৰ উপৰিও উদ্যোগ-মানক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে শীৰ্ষ সৌন্দৰ্য আৰু চেলুন ব্ৰেণ্ডৰ সৈতেও চুক্তিবদ্ধ হৈছো, গ্ল’বেল স্কুল অফ হেয়াৰ এণ্ড বিউটিৰ স্বত্বাধিকাৰী ৰিতুশ্ৰী জাজোদিয়াই কয়৷ প্ৰতিষ্ঠানটোৱে মুখ্যতঃ চাৰিটা মডিউলৰ পাঠ্যক্ৰম আগবঢ়ায়৷ জিএছএইচবি হেয়াৰড্ৰেচাৰ, জিএছএইচবি মেকআপ আৰ্টিষ্ট্ৰী, জিএছএইচবি বিউটিফিকেচন আৰু জিএছএইচবি নেইল টেকনিচিয়ান৷ হেয়াৰড্ৰেচাৰ পাঠ্যক্ৰম হৈছে এক ১০ সপ্তাহৰ পাঠ্যক্ৰম, যি শিক্ষাৰ্থীসকলক চুলি কাটিবলৈ আৰু চুলি ৰঙ কৰাৰ কৌশল, ৰিবণ্ডিং আৰু স্মুদেনিং, আৰু চিষ্টিন কেৰাটিন চিকিৎসাৰ বাবে প্ৰশিক্ষণ দিয়ে৷ ইয়াত এক সপ্তাহৰ ব্যৱহাৰিক প্ৰশিক্ষণো অন্তৰ্ভুক্ত আছে৷ মেকআপ আৰ্টিষ্ট্ৰী পাঠ্যক্ৰম চাৰিটা শাখাত প্ৰশিক্ষণ প্ৰদান কৰা হয় – বেচিক, এদ্ভান্স্‌ড, ব্ৰাইডেল আৰু চেল্‌ফ মেকআপ পাঠ্যক্ৰম৷ ৩ সপ্তাহৰ বেচিক পাঠ্যক্ৰমৰ ভিতৰত আছে মেকআপ, ব্যক্তিগত পৰিচ্ছন্নতা, ছালৰ বিশ্লেষণ, ৰঙৰ তত্ত্ব মুখৰ গাঁথনি, কনচীলিং, কণ্টৌৰিং আৰু হাইলাইটিং কৌশল৷ ইয়াত ফাউণ্ডেচন, চকুৰ আকৃতি আৰু আইশ্বেডো প্ৰয়োগ কৌশল, ভ্ৰূ আকৃতি আৰু বৰ্ধিত, বিভিন্ন প্ৰকাৰৰ মেকআপ আৰু চুলিৰ ষ্টাইল আদিৰ বিৱৰণো অন্তৰ্ভুক্ত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here