Home স্থানীয় বজালীৰ গোবিন্দপুৰ সত্ৰত, গো-ধনৰ ফেশ্যন শ্বো

বজালীৰ গোবিন্দপুৰ সত্ৰত, গো-ধনৰ ফেশ্যন শ্বো

332
0

গণ বাৰ্তা, পাঠশালা, ১৭ এপ্ৰিল : সাধাৰণতে নিজা সাজোন-কাচোনেৰে সুন্দৰীসকল সৌন্দৰ্য প্ৰতিযোগিতালৈ আহে৷ পিছে এইবাৰ ৰেম্পত আৰ্কষণীয় বেশভূষাৰে সজাই-পৰাই অনা হ’ল চহা ৰাইজৰ বুকুৰ আপোন গো-ধনক৷ কৃষক আৰু গো-পালকে নিজেই ৰেম্পলৈ লৈ আনিলে গো-ধনক৷ এই ব্যতিক্ৰমী গৰুৰ ফেশ্বন শ্ব’ অনুষ্ঠিত হৈছে বজালীত৷ গৰুবিহুৰ দিনাই বজালীৰ ঐতিহাসিক গোবিন্দপুৰ সত্ৰ চৌহদ কৃষক ৰাইজ আৰু তেওঁলোকৰ সুসজ্জিত গো-ধনেৰে মুখৰিত হৈ পৰিল৷ অসমীয়া চহা জীৱনৰ পৰম্পৰাগত সম্পদ নাঙল, জাপি, যুৱলি, খৰাহী, পাচি, কোৰ, যঁতৰ, তাঁতশাল, জাল, পল, গামোচা আদিৰে সজোৱা ৰেম্পত উঠে গো-ধন৷ নানাৰঙী বেশভূষাৰে নাচনীজনী কৰি সজোৱা হ’ল গে-ধনক, বিহুৱা ডেকা যেন হৈ পৰিল হালৰ হালুৱা৷ বিহুগীতৰ তালে তালে ৰেম্পলৈ আদৰি অনা হ’ল গো-ধনক৷ উল্লেখ্য যে ৰাজ্যৰ ভিতৰতে এইখনেই একমাত্ৰ গো-ধনক ৰেম্পত আনি পতা গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা৷ ঐতিহ্যপূৰ্ণ গোবিন্দপুৰ সত্ৰৰ চৌহদত অনুষ্ঠিত কৰি অহা ১৭সংখ্যক গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতাখনৰ পুৱাতে মাহ-হালধিৰে নোৱাই-ধোৱাই লোৱা গো-ধনক বিহুৱান, লাও-বেঙেনাৰে তথা পৰম্পৰাগত অসমীয়া সম্পদৰে সজাই-পৰাই অনা হয় ৰেম্পলৈ৷ ৰাজ্যৰ ভিতৰত প্ৰথমখন গৰুৰ ফেশ্বন শ্ব’ বুলি পৰিচিত অনুষ্ঠানটিত অঞ্চলটোৰ ৰাইজৰ লগতে দূৰ-দূৰণিৰ ৰাইজে ভিৰ কৰে৷ বিহু নাচি নাচি গো-ধনক আদৰি অনা হয়৷ কে’বাগৰাকী পুৰুষ-মহিলাই নিজ নিজ গো-ধন লৈ ৰেম্পত অৱতৰণ কৰা এই প্ৰতিযেগিতা উদ্বোধন কৰে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ বজালী জিলাৰ উপায়ুক্ত কাবেৰী বি শৰ্মা, আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাস, ভৱানীপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ড॰ মনোৰঞ্জন দাসে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটো আঁত ধৰে মনোৰঞ্জন গোস্বামীয়ে৷ প্ৰণৱ কুমাৰ গোস্বামীয়ে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত পতাকা উত্তোলন কৰে গোবিন্দপুৰ ৰঙালী বিহু সন্মিলনীৰ সভাপতি যতীন গোস্বামীয়ে৷ ছহীদ তৰ্পণ কৰে বিশ্বজিৎ কলিতাই৷ গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত থাকে পশু চিকিৎসক ডাঃ হিতেশ পাঠক, ডাঃ হিদুল দাস আৰু ভাৰত কলিতা৷ প্ৰতিযোগিতাখনিত ভাস্কৰ দাসৰ গাইগৰুই প্ৰথম, সত্য দাসৰ বলধ হালে দ্বিতীয় আৰু ৰমনী কলিতাৰ বলধ হালে তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷ প্ৰয়াত জয়ন্ত গোস্বামীৰ ৰচনা আৰু ৰাজেন গোস্বামীৰ পৰিচালনাৰে সমৱেত সংগীত পৰিৱেশন কৰা অনুষ্ঠানটোত ৰাইজলৈ কৃতজ্ঞতা প্ৰকাশ কৰে সম্পাদক হিমান দাসে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here