Home অসম আড়ম্বৰপূৰ্ণ আয়োজনেৰে আৰম্ভ জগজ্জননী জগদম্বাৰূপী দেৱী দুৰ্গাপূজা : আজি বেলবৰণ বেদীত বিল্ববোধনেৰে...

আড়ম্বৰপূৰ্ণ আয়োজনেৰে আৰম্ভ জগজ্জননী জগদম্বাৰূপী দেৱী দুৰ্গাপূজা : আজি বেলবৰণ বেদীত বিল্ববোধনেৰে প্ৰাণ প্ৰতিষ্ঠা হ’ব দেৱী দুৰ্গাৰ

240
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ ছেপ্টেম্বৰ: দুগুণ নহয়, চাৰি-পাঁচগুণ উৎসাহ-উদ্দীপনা, লাখ লাখ টকা ব্যয়ৰে আটকধুনীয়াকৈ সজা পূজা মণ্ডপৰ লগতে কলকাতা, দিল্লী আদিৰ পৰা আমদানি কৰা আলোকসজ্জাৰ মাজত মহা আড়ম্বৰ আৰু আয়োজনেৰে আৰম্ভ হ’ল শাৰদী ৰাণী বা জগজ্জননী জগদম্বাৰূপী দেৱী দুৰ্গাৰ পূজা৷ পঞ্চমীত দেৱী দুৰ্গাৰ স্কন্দমাতা ৰূপত পূজা কৰাৰ পিছত কাইলৈ শনিবাৰে মহা ষষ্ঠীত দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব৷ বি{¤ বোধনেৰে দশভূজা দেৱী দুৰ্গাৰ বেদীৰ প্ৰাণ প্ৰিস্থাৰ লগে লগেই কাৰ্যতঃ সৰ্বত্ৰ শাৰদ পূজা আৰম্ভ হৈ পৰিছে৷ ইতিমধ্যে চাৰিওফালে এই শাৰদ পূজাক কেন্দ্ৰ কৰি, দেৱী দুৰ্গাৰ অৰ্চনাৰ বাবে আনন্দমুখৰ পৰিবেশ বিৰাজ কৰাই নহয় দশোদিশ আধ্যত্মিক পৰিৱেশেও মন-প্ৰাণ হৰি নিছে৷ এইবাৰ দেৱী দুৰ্গা গজে আগমন হোৱাৰ বিপৰীতে নৌকাই গমন কৰিব৷ বিশ্বাস অনুসৰি, দেৱীৰ গজে আগমন; ফল শস্যাপূৰ্ণা বসুন্ধৰা আৰু দেৱীৰ নৌকায় গমন হ’লে ফল শস্য আৰু জলবৃদ্ধি ৷ সেয়া যি নহওক, এই শাৰদৰাণীৰ পৰশত ধৰাৰ বুকু ক্ৰমশঃ পৰিচ্চন্ন হৈ পৰিছে৷ নিৰ্মল হৈ পৰিছে নদ-নদীৰ বুকু৷ নিৰ্মল আকাশৰ বুকুত এতিয়া নানাৰঙী মেঘৰ মায়াময় খেলা৷ মানৱী জীৱনৰ আবেলিটো কিমান ৰঙীন তাক লৈ বহুতৰ মাজত মত-বিৰোধ আছে যদিও সাম্প্ৰতিক শাৰদীয় আবেলিৰ আকাশত অস্ত যাৰ ধৰা বেলিক লৈ যি বৰণীয়া মেঘৰ খেলা সেয়া অবিস্মৰণীয় নৈ পাৰটো এখন বগা চাদৰ হৈ কঁহুৱাই সৃষ্টি কৰিছে নতুন পৃথিবীৰ পুৱা গধূলি শাৰদী ফুলৰ সুবাসত আমোলমোল মায়াময় পৰিৱেশ৷ ইয়াৰ মাজতেই পৱিত্ৰ আৱাহনী মন্ত্ৰ উচ্ছাৰণৰ মাজেৰে মহালয়াৰ ঊষা আলোকত ধৰাৰ বুকুত ভগৱতী, দশভুজা, সৰ্বমংগলা, মহিষাসুৰমৰ্দিনীৰূপী দেৱী দুৰ্গাৰ আগমনৰ পিছতেই মতত সোমবাৰৰে পৰা আৰম্ভ হৈছে মহা নৱৰাত্ৰি ব্ৰত৷ প্ৰতিপদাদি কল্পাৰম্ভৰে সিদিনাৰ পৰা অসমতো নদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই নৱৰাত্ৰিৰ ব্ৰতাৰম্ভ৷ ইফালে, বুধবাৰে দেৱী দুৰ্গাৰ নৱৰাত্ৰিৰ ৰূপত পূজাৰ অংশ হিচাপে অৰ্থাৎ তৃতীয়া বিহিত পূজাত দেৱী দুৰ্গাক চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হয়৷ ইয়াৰ পিছত বৃহস্পতিবাৰে দেৱীৰ চতুৰ্থী বিহিত পূজা হিচাপে কুশমাণ্ডা ৰূপত পূজিত হয়৷ শুকুৰবাৰে অৰ্থাৎ পঞ্চমীত পূজিত হয় দেৱী দুৰ্গাৰ পঞ্চমটো ৰূপ স্কন্দমাতা৷ ইয়াৰ পিছতেই শনিবাৰে শ্ৰীশ্ৰী দুৰ্গা ষষ্ঠী আৰু ষষ্ঠী বিহিত পূজা৷ এই মহা ষষ্ঠীৰ দিনাই বেদীত দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব৷ কাৰ্যতঃ ইয়াৰ পিছতেই আৰম্ভ হৈ পৰিব দেৱী দুৰ্গাৰ পূজা৷ চাৰিওফালে এতিয়া মাথোঁ শাৰদ পূজাৰ আনন্দ-উলাহৰ পৰিৱেশ৷ দোকান-পোহাৰৰ পৰা আৰম্ভ কৰি শ্বপিং মলসমূহতো অভাৱনীয় ভিৰ দেখা গৈছে৷ সামগ্ৰীৰ জুই-ছাই দামৰ মাজতো দুৰ্গা পূজা বুলি সকলোৱে এযোৰ হ’লেও নতুন কাপোৰ আপোনজনৰ বাবে ক্ৰয় কৰি উপহাৰ আগবঢ়াইছে৷ চাৰিওফালে ব্যয়বহুল পূজা মণ্ডপ৷ চকু ছাট মাৰি ধৰা আলোকসজ্জা৷ মুঠতে চাৰিওফালে শাৰদ পূজাৰ ব্যাপক আয়োজন ৷ বিগত দুটা বছৰ মহামাৰী ক’ভিডৰ বাবে পুজা মেলাৰ পৰা জনতা আঁতৰত থাকিবলগা হোৱা বাবে এইবাৰ যেন শাৰদপূজাৰ উৎসাহ দুগুণ ৰূপত দেখা গৈছে৷ উল্লেখ্য যে আদিভূতা, বিশ্বেশ্বৰীৰূপী দেৱী দুৰ্গাৰ নৱৰাত্ৰিৰ উপলক্ষে বিশ্বৰ অন্যতম জাগ্ৰত শক্তিপীঠ গুৱাহাটী মহানগৰীৰ নীলাচল পাহাৰৰ পাদদেশত অৱস্থিত কামাখ্যা মন্দিৰত প্ৰতিদিনে শ শ ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়৷ নৱৰাত্ৰিৰ উপলক্ষে দেৱী দুৰ্গাৰ আশিস বিচাৰি ৰাজ্যৰ বিভিন্ন মন্দিৰটো ভক্তৰ ব্যাপক সমাগম ঘটিছে৷ অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে ৷ নৱৰাত্ৰিৰ লগত সংগতি ৰাখি কামাখ্যা মন্দিৰতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে নৱমীলৈকে এইবাৰ কামাখ্যা মন্দিৰত মুঠ ৪৫গৰাকী কুমাৰীক দেৱীৰ জ্ঝটা ৰূপত পূজা কৰা হ’ব৷ উল্লেখ্য যে কামাখ্যা মন্দিৰত এই পৰম্পৰা বহু বছৰ ধৰি চলি আহিছে ৷ মন্দিৰত কৃষ্ণ নৱমীৰ পৰা শুক্লা নৱমীলৈকে ১৫ দিন দুৰ্গা পূজা উদ্‌যাপন কৰা হয়৷ শাৰদীয় নৱৰাত্ৰি দেৱী দুৰ্গা আৰু তেওঁৰ নটা অৱতাৰত উৎসৰ্গিত নৱৰাত্ৰিৰ প্ৰথম দিনটো ঘট স্থাপনা হিচাপে পালন কৰা হয় নদিনীয়া নৱৰাতি দুৰ্গাৰ জ্ঝটা অৱতাৰক উপাসনা কৰা হয় ৷ নৱৰাত্ৰিৰ প্ৰতিটো দিনত দেৱী দুৰ্গাৰ এটা স্বৰূপক উপাসনা কৰা হয় এই ন দিনত ভক্তসকলে সকলো আচাৰ-অনুষ্ঠান ৰক্ষা কৰে, প্ৰতিগৰাকী দেৱীৰ প্ৰতি সমৰ্পিত েাক আবৃত্তি কৰে, নতুন পোছাক পিন্ধে, ভোগ আগবঢ়ায় আৰু তেওঁলোকৰ ঘৰ পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখা দেখা যায়৷ উত্তৰ ভাৰতত নৱৰাত্ৰিৰ সময়ত, বিশেষকৈ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, হাৰিয়ানা, গুজৰাট আৰু মধ্য প্ৰদেশত ৰামলীলাৰ ব্যাপক আয়োজন কৰা হয়৷ ৰামলীলাৰ সময়ত ৰাৱণৰ ওপৰত ভগৱান ৰামৰ বিজয়ৰ কাহিনী নাট মঞ্চস্থ কৰা হয়৷ অশুভ শক্তিক নাশ কৰি শাস্তিৰ হকে দশেৰাত ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়৷ নৱৰাত্ৰিৰ দশম দিনা, যাক বিজয়া দশমী বুলিও কোৱা হয়৷ সেইদিনা এক বৃহৎ শোভাযাত্ৰা আয়োজন কৰি ‘মা দুৰ্গাৰ প্ৰতিমা’ নদী তথা সাগৰত বিসৰ্জন দিয়া হয়৷ এই প্ৰথা প্ৰধানতঃ পশ্চিম বংগ, ওড়িশা, অসম আৰু বিহাৰত পালন কৰা হয় ৷ মা দুৰ্গাৰ উপাসনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটো দুৰ্গা বিসৰ্জনৰ দিনটোক গণ্য কৰা হয়৷ হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায় বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ৷ দুৰ্গা পূজাক সাধাৰণতে নৱৰাত্ৰি বুলিও জনা যায়৷ নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিসৰ্জন হয়৷ জ্ঝ দিনত ভাগৱতী দুৰ্গা দেৱীৰ জ্ঝটা অৱতাৰৰ পূজা কৰা হয়৷ আৰু চণ্ডী পাঠ কৰা হয়৷ নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিভিন্ন পূজা বিধি মাৰ্কণ্ডেয় পুৰাণ, ব্ৰহ্মবৈৱৰ্ত পূৰাণ, দেৱী ভাগৱত, কালিকা পুৰাণ আদি প্ৰাচীন পুথিত পোৱা যায়৷ ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে৷ বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও দেবী দুৰ্গা মাৰ পূজা কৰা দেখা যায়৷ পূজাৰ এই পৰিত্ৰ অনুষ্ঠানত ধূপ-ধূনা আৰু হোমৰ গোন্ধ, ডবা, কাঁহ, শংখ, ঘণ্টাৰ সন্মিলিত সময়ে মানুহৰ অন্তৰে অন্তৰে স্বৰ্গীয় পবিত্ৰতা আৰু আধ্যাত্মিকতা আনি দিয়ে৷ হিংসা, দ্বেষ, কপটতা বিসৰ্জন দি ভক্তসকলে দেৱীৰ চৰণত মূৰ দোৱাই শক্তি, বিদ্যা বুদ্ধি, ঐশ্বৰ্যবিভূতিৰ কামনা কৰে৷ মানুহেৰে উদুলি-মুদুলি পূজা মণ্ডপ যেন বৈকুণ্ঠধামত পৰিণত হয় ৷ শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গা পূজা পালন কৰা হয় ৷ চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত ৷ সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমীপৰ্যন্ত থাকে এই দুৰ্গোৎসৰ৷ এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত৷ এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়৷ পূৰ্বৱৰ্তী অমাৱস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াকে মহালয়া বুলি কোৱা হয়৷ আৰু পূৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয় ৷ সপ্তমী, অষ্টমী আৰু নৱমী এই তিনিটা তিথিত দেৱীৰ ভক্তসকলে পুৰোহিতৰ পৰিচালনাত ষোড়ষোপচাৰেৰে দেৱীক পূজা কৰি ভক্তি অঞ্জলি প্ৰদান কৰে৷ অষ্টমী আৰু নৱমী তিথিৰ সন্ধিক্ষণত যি বিশেষ পূজা অনুষ্ঠিত হয়, তাক সন্ধি পূজা বোলা হয়৷ দশমী তিথিত দেবী বন্দনা আৰু আৰাধনাৰ সকলো কাম সমাপ্ত হয় আৰু দেৱীক বিসৰ্জন দিয়া হয়৷ নানা বাদ্য-ভক্তি সংগীতেৰে শোভাযাত্ৰা কৰি কোনো নদী বা জলাশয়ত প্ৰতিমা উটুৱাই দি ত্ৰিশূলধাৰিণীৰ পূজা সমাপন কৰা হয়৷ উল্লেখ্য যে এইবাৰৰ দুৰ্গা পূজাৰ মহা ষষ্ঠীৰ আৰম্ভণিৰ সময় ৩০ ছেপ্টেম্বৰ, শুকুৰবাৰ নিশা ১০ বাজি ৩৮ মিনিট জ্ঝ ছেকেণ্ডৰ পৰা আৰম্ভ কৰি প্ত অক্টোবৰ, বুধবাৰৰ পুৱা ১১ বাজি জ্ঝ মিনিট ৫২ ছেকেণ্ডত বিজয়া দশমী তিথিৰ অন্ত পৰিব৷ এইবাৰ দেৱী দুৰ্গা গজত ধৰাৰ বুকুত আগমন হোৱাৰ লগতে নৌকাত ধৰাৰ পৰা বিদায় ল’ব৷ একেদৰে দেৱীৰ নৌকাই গমনত ফল শস্য বা জল বৃদ্ধি বুলি বিশ্বাস কৰা হয়৷ প্ৰণিধানযোগ্য যে দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ স’তে থকা দেখা যায়৷ এই মূৰ্তিসমূহৰ মধ্য স্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ৷ আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক৷ প্ৰণিধানযোগ্য যে সোমবাৰৰ পৰা আৰম্ভ হোৱা শাৰদীয় নৱৰাত্ৰি দুৰ্গা মাৰ ৰটা ৰূপক জ্ঝ দিন পূজা কৰা হয়৷ প্ৰচলিত আখ্যান অনুসৰি, দুৰ্গা মাৰ এই পূজিত জ্ঝটা ৰূপৰ প্ৰথমটো ৰূপ শৈলপুত্ৰী৷ নৱৰাত্ৰিৰ প্ৰথমদিনৰ অৰ্থাৎ প্ৰতিপদত দুৰ্গা মাৰু শৈলপুত্ৰী ৰূপক পূজা কৰা হয়৷ পাৰ্বতীয়েই হৈছে শৈলপুত্ৰী৷ তেওঁ আছিল পৰ্বতৰাজ হিমৱান আৰু তেওঁৰ পত্নী মৈনিকা বা মেনাৱতীৰ জীয়ৰী৷ তেওঁক সতী, ভৱানী, পাৰ্বতী বা হেমৱৰ্তী নামেৰেও জনা যায়৷ আনহাতে, দুৰ্গা মান দ্বিতীয়টো ৰূপ হৈছে ব্ৰহ্মচাৰিণী৷ ব্ৰহ্মচাৰিণী অৰ্থাৎ যেতিয়া তেওঁ তপস্যাৰ জৰিয়তে শিৱক বিচাৰি পাইছিল৷ শিৱৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ একমাত্ৰ ইচ্ছা আছিল তেওঁৰ৷ তৃতীয়টো ৰূপ হৈছে চন্দ্ৰঘণ্টা৷ মূৰত চন্দ্ৰ আকৃতিৰ তিলক থকা বাবে দেৱী মাৰ তৃতীয়টো ৰূপক চন্দ্ৰঘণ্টা বুলি কোৱা হয়৷ আনহাতে, চতুৰ্থ ৰূপটো হ’ল কুশমাণ্ডা৷ বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ শক্তি অৰ্জন কৰাৰ বাবে তেওঁক কুশমান্তা বুলি কোৱা হৈছিল৷ প্ৰতিগৰাকী মহিলাই এগৰাকী জন্মদাতা মহিলা৷ প্ৰত্যেক মহিলাৰ পেটত বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰাৰ শক্তি আছে৷ সেইবাবে তেওঁৰ চতুৰ্থটো ৰূপক কুশমাণ্ডা বুলি কোৱা হয়৷ স্কন্দমাতা হৈছে দেৱী দুৰ্গাৰ পঞ্চমটো ৰূপ৷ মা পাৰ্বতীৰ পুত্ৰ কাৰ্তিকৰ অন্য এটি নাম হৈছে স্কন্দ৷ সেইবাবে তেওঁক স্কন্দাৰ মাতৃ বা স্কন্দমাতা বুলি কোৱা হয়৷ ষষ্ঠ ৰূপক কাতিয়ানী বুলি জনা যায়৷ ইয়াৰ কাৰণ হৈছে যজ্ঞৰ জুইত ভস্মীভূত হোৱাৰ পিছত মহৰ্ষি কাতানীৰ তপস্যাত বৰদানত তেওঁ কন্যা হিচাপে জন্মগ্ৰহণ কৰিছিল৷ যাৰ বাবে তেওঁক কাতিয়ানী বুলি কোৱা হয়৷ ইয়াৰ পাছতে আহিল দেৱীৰ সপ্তমটো ৰূপ৷ কালৰাত্ৰি হৈছে মা দুৰ্গাৰ সপ্তম ৰূপ৷ পৃথিৱীৰ সকলো সংকট বিনাশ কৰি সকলোকে ৰক্ষা কৰে মা পাৰ্বতীয়ে৷ সেয়েহে ইয়াক কালৰাত্ৰি বুলি কোৱা হয়৷ মহাগৌৰী হৈছে দেৱীৰ অষ্টমটো ৰূপ৷ কঠোৰ তপস্যাৰ ফলত দেৱীৰ বৰণ ক’লা হৈ পৰিছিল আৰু সেই তপস্যাৰ বাবে শিৱ সন্তুষ্টও হৈছিল৷ তপস্যা শেষ কৰি গংগাৰ পবিত্ৰ পানীৰে যেতিয়া নিজৰ শৰীৰ ধুইছিল তেতিয়া তেওঁ বিদু্যৎ প্ৰভাৰ দৰে উজ্জ্বল হৈ পৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here