Home স্থানীয় উন্নয়নৰ মুখ নেদেখা ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ এখন গাঁও

উন্নয়নৰ মুখ নেদেখা ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ এখন গাঁও

298
0

গণ বাৰ্তা, গোলকগঞ্জ, ৯ এপ্ৰিল ঃ গোলকগঞ্জ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ ৫০নং গেটেৰে সোমাই প্ৰায় ২ কিঃমিঃ গ’লেই পোৱা যায় এখন ভাৰতীয় গাঁও। গাঁওখনৰ নাম ভোগডাংগা ফাউসাৰকুটি। গাঁওখনৰ চাৰিওফালে বাংলাদেশৰ কাঁইটীয়া তাঁৰ। গাঁওখনত মুঠ ১৩৩ ঘৰ লোকে বসবাস কৰে। ইয়াৰে ৯ঘৰ মানুহ ইছলাম ধৰ্মাৱলম্বী লোক আৰু বাকীখিনি কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোক। ভোগডাংগা ফাউসাৰকুটি গাঁওখনত মুঠ ভোটাৰৰ সংখ্যা ৪১০জন। অত্যন্ত পিছপৰা গাঁওখনত আছে দুখনকৈ প্ৰাথমিক বিদ্যালয়, ভোগডাঙা ফাউসাৰকুটি সীমান্ত এল পি স্কুল আৰু ৭০৮নং ভোগডাঙাকুটি এল পি স্কুল। গাঁওখনৰ প্ৰায়সংখ্যক লোকেই কৃষিজীৱী। সীমান্তৰ সিপাৰৰ হোৱা বাবে গাঁওখনৰ জনসাধাৰণ চৰম অসুবিধাত দিন কটাব লগীয়া হৈছে। ইচ্ছা কৰিলেই কোনেও সেই গাঁওখনত যাব নোৱাৰে আৰু গাঁৱৰ জনসাধাৰণে ইচ্ছা কৰিলেই গে’ট পাৰ হব নোৱাৰে।

ইয়াৰ বাবে বিএছএফে সময় বান্ধি দিছে। ৰাতিপুৱা ৬ বজাৰ পৰা ৰাতি ৯ বজালৈ অহাযোৱা কৰিব পাৰে। তাৰ বাবে আপোনাৰ লাগিব পৰিচয়-পত্ৰ। গাঁওখনত আলহী আহিলেও বিএছএফৰ পৰা অনুমতি ল’ব লাগে। অৱশ্যে ৰাতি বেমাৰ-আজাৰ হ’লেও বিএছএফে সহায় কৰে। গাঁওখন গৌৰীপুৰ বিধানসভাৰ বেৰভাঙী গাঁও পঞ্চায়তৰ অন্তৰ্গত যদিও কেইবাবছৰ ধৰি কোনো উন্নয়নমূলক কাম হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। সীমান্তৰ পৰা গাঁওখনলৈ যোৱা ৰাস্তাত আছে দুখনকৈ কাঠৰ জৰাজীৰ্ণ দলং। গাঁওবাসীয়ে চৰকাৰক বহুত আবেদন-নিবেদন কৰাৰ পিছতো আজিলৈকে কাঠৰ দলংখন মেৰামতি কৰা নাই। যাৰ ফলত জৰাজীৰ্ণ কাঠৰ দলঙেৰে যাতায়াত কৰিব লগা হৈছে গাঁওখনৰ জনসাধাৰণে। গাঁওখনত নাই কোনোধৰণৰ চিকিৎসাৰ ব্যৱস্থা। সাধাৰণ পানীলগা জ্বৰ হ’লেও বিএছএফৰ অনুমতি লৈহে ওচৰৰ বেৰভাঙী ৰাজ্যিক চিকিৎসালয়লৈ যাব লগা হয়। এক কথাত গাঁওখন আৰু ইয়াৰ বাসিন্দাসকল ভাৰতীয় হ’লেও বিদেশীৰ দৰে থাকিব লগা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here