Home স্থানীয় সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যলৈ পুনৰ শেনচকু দুষ্কৃতিকাৰীৰ: অভয়াৰণ্যৰ ভূমিত শাক-পাচলি খেতিৰে দখলৰ অপচেষ্টা

সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যলৈ পুনৰ শেনচকু দুষ্কৃতিকাৰীৰ: অভয়াৰণ্যৰ ভূমিত শাক-পাচলি খেতিৰে দখলৰ অপচেষ্টা

520
0


সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা হৰেন ভূমিজ, ২৮ ডিচেম্বৰ: অস্তিত্বৰ সংকটত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য৷ জৈৱ্য বৈচিত্ৰ্যৰে ভৰপূৰ শোণিতপুৰৰ মিছামাৰীৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনলৈ পুনৰ সেন চকু পৰিছে একাংশ দুষ্কৃতিকাৰীৰ৷ অভয়াৰণ্যখনৰ ভূমি বেদখলৰ বাবে একাংশই অহৰহ অপচেষ্টা অব্যাহত ৰাখিছে৷ অভয়াৰণ্যখনৰ বন সুৰক্ষা বাহিনীয়ে দিনে-নিশাই কটকটীয়া পহৰা দি থকাৰ পিছতো সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ২৪ বন শিবিৰ এলেকাৰ কলামাটি-অৰুণাচল সংযোগী পথৰ সমীপত একাংশ দুষ্কৃতিকাৰীয়ে অভয়াৰণ্যখনৰ ভূমিত হাবি চাফা কৰি শাক-পাচলিৰ খেতি কৰি ভূমি বেদখলত নামিছে৷ এখন বন্যপ্ৰাণী অভয়াৰণ্যৰ ভূমিত তিনিটা স্থানত ভূমি বেদখলৰ ষড.যন্ত্ৰৰে একাংশ দুষ্কৃতিকাৰীয়ে শাক-পাচলিৰ খেতি কৰিছিল৷ এই বিষয়ে জানিব পাৰি সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া বিভূতি মজুমদাৰৰ নেতৃত্বত যোৱা বন সুৰক্ষা বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বেদখলৰ অপচেষ্টা বিফল কৰে৷ ২৪ বন শিবিৰৰ তিনিটা স্থানত কৰা বেদখলকাৰীৰ খেতি ধবংস কৰে বন সুৰক্ষা বাহিনীয়ে৷ উল্লেখ্য যে সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মীয়ে নিয়মীয়া টহল দিয়াৰ সময়তেই তিনিটা স্থানত শাক- পাচলিৰ খেতি কৰা প্ৰত্যক্ষ কৰাত এফালৰ পৰা ধবংস কৰে খেতিসমূহ৷ একাংশ দুষ্কৃতিকাৰীয়ে অভয়াৰণ্যৰ ভূমি বেদখলৰ উদ্দেশ্য এই কাৰ্য সংঘটিত কৰিছিল৷ তাৎপৰ্যপূৰ্ণ বিষয় যে ২২০ বৰ্গ কিলোমিটাৰৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখন সম্প্ৰতি ১১০ বৰ্গকিলোমিটাৰহে আছে৷ বাকী অংশ বেদখলকাৰীৰ কবলত আছে৷ বাকী থকা প্ৰায় ১১০ বৰ্গকিলোমিটাৰ অংশ বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে সংৰক্ষিত৷ কিন্তু শেহতীয়াকৈ বাকী থকা সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখন একাংশৰ সেন চকু পৰিছে৷ অহৰহ বেদখলৰ অপচেষ্টা চলিছে ইয়াত৷ যাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে স্থানীয় প্ৰকৃতিপ্ৰেমীসকল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here