Home অসম গোৱালপাৰাত আৰক্ষীৰ -ডকাইতৰ দলৰ মাজত মুখামুখি সংঘৰ্ষ আৰক্ষীৰ গুলিত থিতাতে নিহত ৩...

গোৱালপাৰাত আৰক্ষীৰ -ডকাইতৰ দলৰ মাজত মুখামুখি সংঘৰ্ষ আৰক্ষীৰ গুলিত থিতাতে নিহত ৩ দুধৰ্ষ ডকাইত

329
0


আনিছুল জামান, গোৱালপাৰা, কৃষ্ণাই, ১ এপ্ৰিল ঃ আজি সন্ধিয়া ন মান বজাত আগিয়া থানাৰ অন্তৰ্গত টুকুৰাত আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত সংঘটিত হৈছে এক মুখামুখি সংঘৰ্ষ৷ আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত সংঘটিত এই গুলীয়াগুলীত তিনিজনকৈ দুৰ্ধৰ্ষ ডকাইত আৰক্ষীৰ গুলীত থকাসৰকা হৈ নিহত হৈছে৷ নিহতসকলৰ এজনক গোৱালপাৰা চহৰৰ উপকণ্ঠ গোবিন্দপুৰ চালাৰ শ্বাহজাহান আলী বুলি চিনাক্ত হোৱাৰ বিপৰীতে আন দুগৰাকী গোৱালপাৰাৰ ধোপতোলাৰ নজৰুল হক আৰু চুজন আলী বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, নিহত ডকাইতৰ দলটোৱে এ এছ ১৮ এ চি ১১৮২ নম্বৰৰ এখন পিক আপ ভান এখনেৰে এ এছ ১৭ বি ৯০৪৭ নম্বৰৰ চুপাৰিভৰ্তি পিক আপ ভানখন সন্ধিয়া ডকাইতি কৰিবলৈ পৰিকল্পনা কৰি ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত অনুসৰণ কৰে৷ এই খবৰ লাভ কৰে আগিয়া আৰক্ষীয়ে৷ আৰক্ষীয়ে খবৰ পোৱাৰ পিছতে ডকাইতৰ দলৰ সন্ধানত নামি পৰে আৰক্ষীৰ এটি দল৷ এনেতে আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত কৃষ্ণাইৰ টুকুৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ডকাইতৰ দলৰ ভানখন সন্দেহজনক অৱস্থাত পথৰ দাঁতিত ৰৈ থকা প্ৰত্যক্ষ কৰে৷ আৰক্ষীৰ দলে সন্দেহজনক ভানখন পৰীক্ষা কৰিবলৈ লওঁতেই ডকাইতৰ দলটোৱে আৰক্ষীৰ দলক লক্ষ্য কৰি গুলী চলায়৷ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলী চলোৱাত দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয়৷ ফলত ভানখনত থকা তিনিজনকৈ দুৰ্ধৰ্ষ ডকাইত আৰক্ষীৰ গুলীত থকাসৰকা হয়৷ আৰক্ষীৰ গুলীত থকাসৰকা হোৱা তিনিজন ডকাইতক ততালিকে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ চিকিৎসকে তিনিওজনকে মৃত ঘোষণা কৰাত মৃতদেহকেইটা সম্প্ৰতি চিকিৎসালয়ৰ মৰ্গত ৰাখিছে৷ ডকাইতৰ দলটোৰ পৰা এটি পিষ্টল, তিনিটা ম’বাইল আৰু কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে৷ উল্লেখযোগ্য যে পৰহি গোৱালপাৰা আৰক্ষীৰ গুলীত আহত হৈছিল ৰিংকু নামৰ এটা ডকাইত৷ নিহত ডকাইতৰ দলটো এই একেটা ডকাইতৰ দলৰ বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই সদৰী কৰি কয়– নিহত ডকাইতৰ দলটো ডকাইতিকে ধৰি হত্যা, অপহৰণ, ধনদাবী আদিকে ধৰি বিভিন্ন অপৰাধৰ স’তে জড়িত আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here