Home স্থানীয় দৃষ্টিহীন হৈয়ো জীৱন সংগ্ৰামত ব্যস্ত : চাৰিদুৱাৰ দুই ভাতৃ-ভগ্নীক চৰকাৰী সাহায্যৰ দাবী

দৃষ্টিহীন হৈয়ো জীৱন সংগ্ৰামত ব্যস্ত : চাৰিদুৱাৰ দুই ভাতৃ-ভগ্নীক চৰকাৰী সাহায্যৰ দাবী

226
0

গণ বাৰ্তা, ইটাখোলা ৩১ মাৰ্চঃ দৃষ্টিহীন হৈয়ো জীৱন সংগ্ৰামত ব্ৰতী হৈছে দুগৰাকী অন্ধ ভাতৃ-ভগ্নী৷ শোণিতপুৰ জিলাৰ চতিয়া সমষ্টি অন্তৰ্গত চাৰিদুৱাৰৰ ঢাৰিকাটিৰ পালেং গাওঁৰ এটি দৰিদ্ৰ পৰিয়ালত জন্ম লাভ কৰা কৃষ্টিনা পাহাডী আৰু কুমন পাহাডী সম্প্ৰতি ব্যস্ত জীৱন সংগ্ৰামত৷ কৃষক জিৎ কুমাৰ পাহাডী আৰু মৰমী পাহাডীৰ দুই জন্মান্ধ সন্তানে সৰুৰে পৰাই পিতৃ-মাতৃক কৰি আহিছে সকলো প্ৰকাৰৰ সহায়৷ ঘৰৰ তাঁতশালত কাপোৰ বৈ, সেই কাপোৰ বিক্ৰী কৰি পঢ়াৰ খৰছ উলিওৱা কৃষ্টিনা বৰ্তমান ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৷ সুন্দৰ গীত আৰু নৃত্য পৰিৱেশন কৰিও বিভিন্ন ঠাইত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে দৃষ্টিহীনা কৃষ্টিনাই৷ আনহাতে, একমাত্ৰ ককায়েক কমন পাহাডীয়ে সুন্দৰ ঢোল বাদনৰে ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷ দুয়োগৰাকী জন্নান্ধক লৈ চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ৷ দুয়োটি সন্তানৰ কাৰণে ৰাজ্য  চৰকাৰৰ পৰা সহায়ৰ আহ্বান জনাইছে পিতৃ-মাতৃয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here