Home Main Stories ড্ৰাগচ্‌-অপৰাধৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীল নীতি : আৰক্ষীক গুলীয়ালে গুলীৰ প্ৰত্যুত্তৰ পাবই...

ড্ৰাগচ্‌-অপৰাধৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীল নীতি : আৰক্ষীক গুলীয়ালে গুলীৰ প্ৰত্যুত্তৰ পাবই ; সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ

56
0

ৰাজ্যত অব্যাহত আছে ৪০০ কোটিৰ ড্ৰাগচৰ কলাবজাৰ
“যেতিয়ালৈকে চকীখনত মই বহি থাকো কোনো কাৰণতে মই কম্প্ৰ’মাইজ নকৰো, দৰকাৰ হ’লে ভগৱানৰে দৰেই মই বিষপান কৰিম”

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ জুলাই ঃ ৰাজ্যত ড্ৰাগ্‌ছৰ চলি থকা বৃহৎ চক্ৰৰ বিৰুদ্ধে আৰক্ষী বিভাগে যি উদ্যোগ লৈছে তাক প্ৰশংসা কৰি ৰাজ্যৰ আৰক্ষী বিভাগে যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ স্বাৰ্থত সকলো ব্যৱস্থা গঢ়ি তুলিবলৈ প্ৰস্তুত বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি সদনৰ শূন্যকালীন ঘণ্টাত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই ড্ৰাগ্‌ছৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰা অভিযান সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিগত সময়ছোৱাত ৰাজ্যৰ আৰক্ষী বিভাগে যিমানখিনি ড্ৰাগ্‌ছ জব্দ কৰিবলৈ সক্ষম হৈছিল তাৰ বিপৰীতে দুটা মাহত নতুন চৰকাৰখনৰ নিৰ্দেশত ইয়াৰ ২০ শতাংশ ড্ৰাগ্‌ছ জব্দ কৰিবলৈ সক্ষম হৈছে। এতিয়ালৈকে অসম আৰক্ষীয়ে ২৭ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰিছে। ৰাজ্যত প্ৰায় ৪০০ কোটি টকাৰ এখন বৃহৎ ড্ৰাগ্‌ছৰ বজাৰ গঢ়ি উঠিছে, যাক উৎখাত নকৰিলে অসমত ভৱিষ্যৎ প্ৰজন্ম পংগু হৈ পৰিব। বহু পিতৃ-মাতৃয়ে পুত্ৰই ড্ৰাগ্‌ছ লোৱাৰ কথা ৰাজহুৱা কৰিবলৈ লাজ পায়। বিশেষকৈ আঢ্যৱন্ত পৰিয়ালৰ বহুতো ল’ৰা-ছোৱালীয়ে ড্ৰাগ্‌ছ আসক্ত হৈছে। ড্ৰাগ্‌ছৰ ফলত ৰাজ্যত অপৰাধৰ সংখ্যা বৃদ্ধি পোৱা বুলিও উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। বহুক্ষেত্ৰত ড্ৰাগ্‌ছৰ বিৰুদ্ধে চলা আৰক্ষীৰ অভিযানক অপবাদ দিয়া বা অন্যফালে ঢাল খুৱাবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হয়। কিন্তু অসম আৰক্ষীয়ে এইবেলি এই সকলো প্ৰতিৰোধ নেওচি ড্ৰাগ্‌ছৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিব আৰু এনেকৈ চলিলে দুই-তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ চক্ৰ উৎখাত কৰিব পৰা যাব আৰু ৰাজ্যৰ পৰা ড্ৰাগ্‌ছ নোহোৱা কৰিব পৰা যাব। বহুতো উগ্ৰপন্থী সংগঠনে ম্যানমাৰৰ পৰা ড্ৰাগ্‌ছ সৰবৰাহত সহায় কৰি আহিছে। অৱশ্যে এই উগ্ৰপন্থী সংগঠনসমূহৰ ভিতৰত আলফা স্বাধীন নাই বুলি উল্লেখ কৰি তেওঁ কয় যে বহু সময়ত আলফা স্বাধীনে এনে ড্ৰাগ্‌ছ সৰবৰাহ ধৰা পেলোৱাৰ বাবে আৰক্ষীক সহায় কৰিছে। ম্যানমাৰৰ পৰা কোন উগ্ৰপন্থী সদস্যই ড্ৰাগ্‌ছ লৈ কোন পথেৰে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিব তাৰ তথ্য আৰক্ষীক জনাই অসমৰ যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ বাবে সহায় কৰা বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আনহাতে ৰাজ্যৰ পৰা অপৰাধ দূৰ কৰাৰ বাবে আৰক্ষীয়ে যিয়ে ব্যৱস্থা লৈছে তাৰ শলাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আৰক্ষীক তথ্য যোগানৰ উৎসসমূহ বৃদ্ধি কৰাৰ বাবে কোৱা হৈছে আৰু এই উৎসমূহ যাতে কোনো কাৰণতে ৰাজহুৱা নহয় তাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হ’ব। আনহাতে ড্ৰাগ্‌ছৰ বিৰুদ্ধে সফল অভিযান সম্পন্ন কৰা আৰক্ষীক পুৰস্কৃত কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইপিনে ড্ৰাগ্‌ছ তথা অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা ব্যৱস্থাৰ প্ৰসংগ উল্লেখ কৰি কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে এনকাউণ্টাৰৰ প্ৰসংগ উত্থাপন কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বতে অপৰাধীসকলে আইনী সুৰুঙা লৈ ওলাই গৈছিল আৰু পুনৰ অপৰাধ সংঘটিত কৰিছিল। আৰক্ষীক মাৰধৰ কৰিছিল। কিন্তু এতিয়া আৰক্ষীক আক্ৰমণ কৰিলে আৰক্ষীও ক্ষান্ত নাথাকে। আৰক্ষীক গুলীয়ালে গুলীৰ প্ৰত্যুত্তৰ পাবই। অপৰাধীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ শূন্য সহনশীল। তেওঁ আৰু উল্লেখ কৰে— ‘যেতিয়ালৈকে চকীখনত মই বহি থাকো কোনো কাৰণতে মই কম্প্ৰ’মাইজ নকৰো, দৰকাৰ হ’লে ভগৱানৰ দৰেই মই বিষ পান কৰিম।’

LEAVE A REPLY

Please enter your comment!
Please enter your name here