Home অসম কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ: ৰাজ্যপাল জগদীশ মুখী,...

কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ: ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্তৰ বিশ্ব শৰ্মা অংশগ্ৰহণ

72
0


গণ বাৰ্তা বিশেষ, ডিফু, ২০ জুন ঃ কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ ত্ৰয়োদশ নিৰ্বাচনত বিজয়ী হোৱা নিৰ্বাচিত সদস্যসকলৰ আজি ডিফুস্থিত তাৰালাংছ’ প্ৰেক্ষাগৃহত শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হৈ যায়৷ পূব কাৰ্বি আংলং জিলাৰ ১৭টা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ জ্ঝটা পৰিষদীয় সমষ্টিৰ মুঠ চ্ছ গৰাকী নিৰ্বাচিত সদস্যই ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শপত গ্ৰহণ কৰে৷ উল্লেখ্য যে ৰনং দুৱাৰ আমলা সমষ্টিৰ প্ৰভাত চন্দ্ৰ তাৰ’, ২নং আমৰি সমষ্টিৰ ডি উফিং মাছলাই, ৩নং চিন্‌ঠং সমষ্টিৰ অভিজিৎ ক্ৰ, চ্ছ্ৰ নং চ’চেং সমষ্টিৰ হেদছিং ৰংফাৰ, প্তনং ৰংখাং সমষ্টিৰ লংবিচন বে’, ৬নং বিথুং ৰেংথামা সমষ্টিৰ ড॰ তুলিৰাম ৰংহাং, জ্জনং কপিলী সমষ্টিৰ পৱন কুমাৰ ৰায়, জ্জ্বনং হামৰেণ সমষ্টিৰ মঙ্গলছিং তিমুং, জ্ঝনং আমৰেং সমষ্টিৰ ৰীণা তেৰাংপি, ১০নং হাওৰাঘাট সমষ্টিৰ অজিত কুমাৰ দে’, ১১নং লাংফেৰ সমষ্টিৰ মধুৰাম লেকথে, ১২নং ফুলনি সমষ্টিৰ কাংবুৰা কিলিং, ১৩ নং লাংহিন সমষ্টিৰ বিলিমহন খাকলাৰী, ১৪নং কৰকাণ্ঠি সমষ্টিৰ ৰাজু তিছ’, ১৫নং মহামায়া সমষ্টিৰ লংছিং টেৰণ, ১৬নং নমাটি সমষ্টিৰ ৰিতেশ ইংহি, ১৭নং চ’ছেং-ধেKI×া সমষ্টিৰ কাছে ৰংপিপী, ১৮নং লুম্বাজং সমষ্টিৰ জনী টিমুং, ১৯ নং ধনশিৰি সমষ্টিৰ তিলোত্তমা হাচনু, ২০নং সিংহাসন সমষ্টিৰ অমৰ টিচ’, ২১নং বৰজান সমষ্টিৰ সূৰ্য ৰংফাৰ, ২২নং সৰুপথাৰ সমষ্টিৰ কাদম টেৰাংপী, ২৩নং বোকাজান সমষ্টিৰ মাধুৰ্য ঢেকীয়াল ফুকন, ২৪নং দেওপানী সমষ্টিৰ শ্ৰৱণ কুমাৰ টেলেংগা, ২৫নং নিলিপ পৱিত্ৰ ৰংপি আৰু চ্ছনং দুৱাৰ বাগৰি সমষ্টিৰ ৰিছাৰ্ড টকবি ত্ৰয়োদশ নিৰ্বাচনত বিজয়ী হৈছিল৷ আজিৰ উক্ত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত পৱন কুমাৰ আৰু অজিত কুমাৰ দে’ই কাৰ্বি ভাষাত শপতবাক্য পাঠ কৰাৰ উপৰি বাকী নিৰ্বাচিত সদস্যসকলে নিজ ভাষাত শপতবাক্য পাঠ কৰে৷ উক্ত অনুষ্ঠানৰ আৰম্ভণিতে ৬নং বিথুং ৰেংথামা পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত সদস্য তথা কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড॰ তুলিৰাম ৰংহাঙে শপত গ্ৰহণ কৰে৷ উক্ত অনুষ্ঠানত কাৰ্বি ৰজা ৰামছিং ৰংহাঙৰ উপৰি কাৰ্বি ৰাজদৰবাৰৰ বিষয়ববীয়াসকল,পদ্মশ্ৰী ৰংবং তেৰাং, পদ্মশ্ৰী ধনেশ্বৰ ইংতি, কাৰ্বি কালচাৰেল ছ’চাইটীৰ সভাপতি চন্দ্ৰ ছিং ক্ৰৰ উপৰি কাৰ্বি সমাজৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ শপত গ্ৰহণ অনুষ্ঠানৰ শেষত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্যপালৰ সন্মুখত নৱনিৰ্বাচিত পৰিষদখনে শপতবাক্য পাঠ কৰিছে৷ কাৰ্বি আংলঙে ৰাজনৈতিক, সামাজিক আৰু ভৌগলিক দিশৰ পৰা নতুন উচ্ছতাত আৰোহণ কৰিবলৈ সক্ষম হৈছে বুলি কয়৷ পৰিষদীয় নিৰ্বাচনত যেনেদৰে বিজেপি সদস্যসকলক নিৰ্বাচিত কৰি পৰিষদলৈ পঠইছে, তেনেদৰে বিজেপি দলেও নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাৰ বাবে দায়বদ্ধ থাকিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ আজিৰ শপত গ্ৰহণৰ পৰৱৰ্তী বৈঠকত মুখ্য কাৰ্যবাহী সদস্য নিৰ্বাচিত কৰা হ’ব আৰু তাৰ পিছতে মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ অনুমোদনমৰ্মে বাকী কাৰ্যবাহী সদস্যসকলক দায়িত্ব অৰ্পণ কৰা হ’ব বুলি কয়৷ বানপানীৰ সমস্যাৰ ওপৰত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেৱল কাৰ্বি আংলঙৰ বাহিৰে বাকী সকলোকেইখন জিলা বানত আক্ৰান্ত হৈ আছে৷ ৰাজ্যখন বানত জুৰুলা হৈছে৷ বৰাক, ব্ৰহ্মপুত্ৰৰ সংযোগ একপ্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে৷ নগাঁও, মৰিগাঁৱকে ধৰি নামনি অসমৰ কে’বাসহস্ৰাধিক গাঁও বৰ্তমান জলমগ্ন হৈ আছে৷ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থা, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ লগতে বায়ুসেনা, এনডিআৰএফ আৰু এছডি আৰএফে যৎপৰোনাস্তি সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷ ভাৰতীয় বায়ু সেনাই এক লাখ লিটাৰ ডিজেল-পেট্ৰ’ল লৈ শিলচৰত বিশেষ বিমান চলাব আৰু ইয়াৰ পূৰ্বে অসমত ইয়াৰ দৰে বৃহৎ এয়াৰ ড্ৰ’পিং হোৱা নাছিল বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ এন এফ ৰে’লৱেও সাহায্য আৰু উদ্ধাৰ অভিযান চলোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে৷ উপায়ুক্তসকলে এনএএফ ৰে’লৱেকো ব্যৱহাৰ কৰিব পাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷ আনহাতে, কালি কামপুৰত এক উদ্ধাৰ অভিযান চলাবলৈ গৈ কামপুৰ থানাৰ অ’চি সমুজ্জ্বল কাকতি আৰু এজন কনিষ্টবলৰ সলিল সমাধিক লৈ আক্ষেপ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োগৰাকী আৰক্ষীৰ বিষয়া আৰু জোৱানক সম্পূৰ্ণ মৰ্যাদাসহকাৰে বিদায় জনেৱাৰ ব্যৱস্থা কৰাৰ লগতে আৰক্ষী দুগৰাকীৰ পৰিয়ালৰ লোকক চৰকাৰীভাৱে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা হ’ব৷ আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক ইতিমধ্যে টেৰিটৰিয়েল কাউন্সিল বুলি ক’ব পাৰি বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ দুখন জিলা থকাৰ বাবে বড়োলেণ্ডৰ দৰে টেৰিটৰিয়েল বুলি পাৰি কাৰ্বি আংলঙক৷ কিন্তু নাম সলনি কৰিলে সংবিধান সংশোধনৰ প্ৰয়োজন৷ সংশোধনৰ বিশেষ সংশোধনীৰ বিবেচনা সংসদৰ বিবেচনাধীন৷ ই সম্পূৰ্ণ হ’লেই বিচৰাধৰণে নাম সলনি কৰিব পাৰিব বুলি কয়৷ ইয়াৰোপৰি ডিফু চিকিৎসা মহাবিদ্যালয়ত কাৰ্ডিয়লজী খুলিবলৈ এতিয়াও এক যুগৰ প্ৰয়োজন বুলি কয়, কাৰণ প্ৰথম এমবিবিএছৰ প্ৰথমটো বেটচ ওলোৱাৰ পিছত প’ষ্ট গ্ৰেজুৱেট ওলাব তাৰ পিছত হ’ব ছুপাৰ স্পেচিয়েলিটী তাৰ পিছতহে কাৰ্ডিয়লজী সম্ভৱ বুলি কয় মুখ্যমন্ত্ৰীয়ে কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here