Home Main Stories ধুবুৰীত পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধনখৰ

ধুবুৰীত পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধনখৰ

64
0

ৰাজনৈতিক হিংসাৰ বাবে অসমত আশ্ৰয় লোৱা সকলক স্বগৃহলৈ উভটিবলৈ আহ্বান

চৈয়দ নুৰুল আমিন, ধুবুৰী, ১৪ মে’ : পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধনখৰে আজি ৰাজ্য খনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে সংঘটিত ৰাজনৈতিক হিংসাৰ বলি হৈ অসমলৈ পলাই আহি ধুবুৰী জিলাৰ আগমণি ৰাজহ চক্ৰৰ অধীনস্থ ৰণপাগলীত আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলৰ কাষত উপস্থিত হৈ তেওঁলোকৰ অৱস্থাৰ বুজ লয়৷ পুৱা ৯.১৫ বজাত কোচবিহাৰৰ পৰা আহি ৰণপাগলী এম ভি স্কুলত উপস্থিত হোৱা পশ্চিমবংগৰ ৰাজ্যপাল গৰাকীয়ে অসম আৰক্ষীৰ গাৰ্ড অব অনাৰ গ্ৰহণ কৰে৷ তেওঁক ধুবুৰী জিলাৰ উপায়ুক্ত দেৱ কুমাৰ কলিতা আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই আদৰণি জনায়৷ শিশু মহিলাকে ধৰি ডেৰ শতাধিক লোকে আশ্ৰয় গ্ৰহণ কৰি থকা ৰণপাগলী এম ভি স্কুলৰ শিবিৰত ৰাজ্যপালগৰাকী উপস্থিত হোৱাৰ লগে লগে কান্দোনত ভাঙি পৰে নিজ গৃহ ত্যাগ কৰি প্ৰাণৰ মমতাত অসমত আশ্ৰয় গ্ৰহণ কৰি থকা পশ্চিমবংগৰ লোকসকলে৷ ৰাজ্যপালগৰাকীয়ে শিবিৰটোত আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলক স্বগৃহলৈ ওভটি যাব পৰাকৈ পৰিবেশ সৃষ্টি কৰাৰ আশ্বাস দিয়ে৷ ৰাজ্যপালগৰাকীক সংগ দিয়ে কোচবিহাৰৰ বিজেপি সাংসদ নিশিথ প্ৰামাণিক আৰু তুফানগঞ্জ সমষ্টিৰ বিজেপি বিধায়িকা মালতী ৰাভা ৰয়ে৷ শিবিৰ পৰিদৰ্শনৰ পিছতে ৰাজ্যপালগৰাকী ধুবুৰী জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়া আৰু জিলাখনৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক আলোচনাত মিলিত হয়৷ ইয়াৰ পিছতে সাংবাদিকৰ সৈতে মতবিনিময় কৰে ৰাজ্যপাল জয়দ্বীপ ধনখৰে৷ ৰাজ্যপালগৰাকীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ চৰকাৰক কঠোৰ সমালোচনা কৰে৷ পশ্চিমবংগত সংঘটিত নিৰ্বাচনোত্তোৰ হিংসা সন্দৰ্ভত মানৱ অধিকাৰ সংগঠন, এন জি অ’ আৰু সংবাদ মাধ্যমৰ নিৰৱতাক লৈও প্ৰশ্ন কৰে ৰাজ্যপাল জগদ্বীপ ধনখৰে৷ নিজ গৃহৰ পৰা পলায়ন কৰি অসমত আশ্ৰয় গ্ৰহণ কৰা লোকসকলক সাহস দিবলৈ আৰু তেওঁলোকৰ নিৰাপত্তা যে নিশ্চিত কৰা হ’ব সেই কথা জনাবলৈকে আজি ৰণপাগলীৰ আশ্ৰয় শিবিৰলৈ অহা বুলি কয় ৰাজ্যপালগৰাকীয়ে৷ তেওঁ অসমত আশ্ৰয় লৈ থকা লোকসকলক স্বগৃহলৈ উভটি যাবলৈ আহ্বান জনায়৷ পশ্চিমবংগৰ পৰা পলায়ন কৰা লোকসকলক আশ্ৰয় দিয়াৰ লগতে খোৱা- বোৱাকে ধৰি সকলোধৰণৰ আতিথ্য আগবঢ়োৱা বাবে তেওঁ অসম চৰকাৰক প্ৰশংসা কৰে৷ প্ৰায় ডেৰ ঘন্টা সময় ৰণপাগলীত থাকি হেলিকপ্টাৰেৰে কোচবিহাৰলৈ ওভটি যায় ৰাজ্যপাল জগদ্বীপ ধনখৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here