Home অসম এন আৰ চিৰ বাবে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত ২৭ লাখ লোক :...

এন আৰ চিৰ বাবে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত ২৭ লাখ লোক : সৰ্বোচ্ছ ন্যায়ালয়ত আবেদন জনাব চৰকাৰে

226
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ মাৰ্চ: ৰাজ্যত এন আৰ চি উন্নীতকৰণৰ কাম চলি থকা সময়ত আধাৰ কাৰ্ড লাভৰ পৰা বঞ্চিত হৈছিল ২৭ লাখ লোক৷ উচ্ছতম ন্যায়ালয়ৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত এন আৰ চি প্ৰস্তুতৰ কাম সম্পূৰ্ণ হ’ল৷ নিৰ্ধাৰিত সময়ত এন আৰ চি প্ৰকাশ কৰা হ’ল৷ কিন্তু এন আৰ চিৰ বাবে ৰাজ্যত ২৭ লাখ আধাৰৰ পৰা বঞ্চিত লোকৰ সমস্যা সমস্যা হৈয়েই থাকিল৷ উল্লেখ্য যে এন আৰ চিৰ খচৰা তালিকাৰ পৰা বাদ পৰা চল্লিশ লাখ লোকৰ ভিতৰত ২৭ লাখ লোকে পুনৰ আবেদন কৰাৰ সময়ত বায়’মেট্ৰিক তথ্য প্ৰদান কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ সময়ত এই ২৭ লাখ লোক ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল৷ এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰাৰ বাবে এই ২৭ লাখ লোকৰ বায়’মেট্ৰিক তথ্য ব্লক কৰি ৰখা হৈছিল৷ এনে অৱস্থাত আধাৰ কাৰ্ডৰ পৰা বঞ্চিত ৰাজ্যৰ ২৭ লাখ লোকে গুৱাহাটী উচ্ছ ন্যায়ালয়ত আবেদন জনাইছিল৷ উক্ত সমস্যা সমাধান কৰাৰ বাবে ৰাজ্য চৰকাৰে উদ্যোগ গ্ৰহণ কৰি সৰ্বোচ্ছ আদালতত ২৭ লাখ আধাৰ কাৰ্ড প্ৰদান কৰাৰ বাবে বন্ধ কৰি ৰখা বায়’মেট্ৰিক তথ্য খুলি দিবলৈ আবেদন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আজি সৰ্বোচ্ছ ন্যায়ালয়ত আবেদন কৰাৰ পূৰ্বে ৰাজ্যৰ ২৭টাকৈ জাতীয় সংগঠনৰ সৈতে আলোচনাত মিলিত হয় ৰাজ্য চৰকাৰ৷ আজি খানাপাৰাস্থিত অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে আদি কৰি ২৭টা জাতীয় সংগঠনৰ সৈতে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা, জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকা, ৰাজহ মন্ত্ৰী যোগেন মহনে আলোচনাত অংশগ্ৰহণ কৰে৷ আলোচনাৰ সময়ত খচৰা তালিকাৰ পৰা বাদ পৰাৰ পিছত আবেদন কৰা ২৭ লাখ লোকৰ আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত সহমতত উপনীত হয়৷ সেই অনুসৰি আধাৰ বঞ্চিত এই লোকসকলক আধাৰ কাৰ্ড প্ৰদান কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ব্লক কৰি ৰখা বায়’মেট্ৰিক ডাটা মুকলি কৰি দিয়াৰ বাবে উচ্ছতম ন্যায়ালয়ত আবেদন জনাব ৰাজ্য চৰকাৰে৷ আলোচনাৰ অন্তত মন্ত্ৰী পীয়ূষ হাজৰিকাই এই সন্দৰ্ভত কয় যে আধাৰ পোৱা মানেই নাগৰিকত্ব পোৱা নুবুজায়৷ কোনোৱে আধাৰ পালেও ভাৰতীয় হিচাপে দাবী কৰিব নোৱাৰে৷ আনহাতে, আলোচনাত উপস্থিত থকা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে আধাৰ বঞ্চিত এইসকল লোকক আধাৰ দিয়াটো এ জে ৱাই চি পিয়ে কামনা কৰে যদিও যিকোনো সন্দেহযুক্ত লোকক আধাৰ কাৰ্ড দিয়াৰ বিৰোধিতা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here