Home নগাঁও নগাঁৱত কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা, ‘বিজেপি চৰকাৰে অহংকাৰী ৰজাৰ দৰে আচৰণ কৰিছে’: গৌৰৱ...

নগাঁৱত কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা, ‘বিজেপি চৰকাৰে অহংকাৰী ৰজাৰ দৰে আচৰণ কৰিছে’: গৌৰৱ গগৈ

53
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৯ নৱেম্বৰ : অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত নগাঁও জিলা কংগ্ৰেছে আজি জনজাগৰণ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে৷ নগাঁও জিলা কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ পৰা নগাঁও চহৰৰ বিভিন্ন স্থানত কংগ্ৰেছৰ কে’বাশতাধিক নেতা-কৰ্মীয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰি সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থত অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায়৷ জনজাগৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা কংগ্ৰেছৰ নেতা-কৰ্মীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ ওলাই আহক, বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ, মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলিছে, চলিবই আদি বিভিন্ন ধবনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা নগাঁৱৰ সাংসদ প্ৰদু্যৎ বৰদলৈয়ে কয়-মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তুলিছে৷ মূল্যবৃদ্ধি আৰু চৰকাৰৰ জনবিৰোধী নীতিয়ে সাধাৰণ মানুহৰ জীৱন যাত্ৰাত বাধাৰ সৃষ্টি হৈছে৷ সেয়েহে কংগ্ৰেছে সমগ্ৰ দেশতে মূল্যবৃদ্ধি আৰু চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত জনজাগৰণ কাৰ্যসূচী ৰূপায়ণ কৰিছে৷ ৰাইজ ৰাজপথলৈ ওলাই আহিব লাগে, আন্দোলন কৰিব লাগে৷ বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে কংগ্ৰেছে জনজাগৰণ যাত্ৰা কৰিছে বুলি মন্তব্য কৰি বৰদলৈয়ে কয়- বিজেপি চৰকাৰে কৃষকৰ স্বাৰ্থৰ পৰিপন্থী কাম কৰি আহিছে৷ সংখ্যাগৰিষ্ঠৰ জোৰত কেন্দ্ৰৰ বিজেপি চৰকাৰে কৃষকবিৰোধী তিনিখন আইন বলৱৎ কৰিছে৷ আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ৷ কৃষকসকলেও দীৰ্ঘদিন ধৰি এই আইনকেইখনৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে৷ অহংকাৰত ওফন্দি থকা বিজেপি চৰকাৰে এতিয়া সেও মানিবলৈ বাধ্য হৈছে৷ সংবাদ মাধ্যমৰ আগত সাংসদ গৌৰৱ গগৈয়ে কয়-কংগ্ৰেছ দলে দেশৰ লগতে অসমৰ মূল সমস্যাসমূহ শক্তিশালী ৰূ¸পত ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছে৷ বিজেপি নেতৃত্বাধীন চৰকাৰক কঠোৰ সমালোচনা কৰি গগৈয়ে কয়- বৰ্তমানৰ অসমৰ বিজেপি চৰকাৰখনে অহংকাৰী ৰজাৰ দৰে আচৰণ কৰিছে৷ সাধাৰণ ৰাইজৰ সমস্যা তেওঁলোকে বুজি নাপায় আৰু সাধাৰণ ৰাইজৰ সমস্যা সমাধান কৰিব পৰা নাই৷ তেওঁ লগতে কয় বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে কেৱল মাত্ৰ হোটেল, ৰিজ’ৰ্ট, বাগিচা খুলি ব্যক্তিগত সম্পত্তি কেনেদৰে বৃদ্ধি কৰিব পাৰি তাৰ বাবেহে চেষ্টা কৰি আহিছে৷ বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়কে কিমান মাটি বেদখল কৰিলে তাৰো এখন তালিকা প্ৰকাশ কৰিব লাগে বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে কয়- বিজেপি মন্ত্ৰী-বিধায়কসকলে কিমান মাটি কিনিছে সেয়া শীঘ্ৰে ফাদিল হোৱা উচিত৷ তেওঁ লগতে কয়- ইউপিএ চৰকাৰৰ দিনত কৃষকসকল উপকৃত হৈছিল৷ এতিয়া বিজেপি চৰকাৰৰ দিনত কৃষকসকল ক্ষতিৰ সন্মুখীন হৈছে৷ পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় দামবৃদ্ধিৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কৃষকৰ বাবে দিয়া দুহেজাৰ টকাৰ সাহায্যৰ কোনো মূল্য নাই বুলি সাংসদ গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ ইপিনে, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপি চৰকাৰক সমালোচনা কৰি কয়- বিজেপি চৰকাৰৰ দিনত ভোকত সাধাৰণ ৰাইজ কলমলাই আছে৷ তাৰ পিছতো বিজেপি চৰকাৰে সাধাৰণ ৰাইজৰ কথা চিন্তা নকৰি এটাৰ পিছত আন এটাকৈ জনবিৰোধী কাম কৰি গৈছে৷ তেওঁ লগতে কয়-আহি থকা পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপি ধৰাশায়ী হ’ব৷ কেন্দ্ৰটো বিজেপিৰ পতন হ’ব৷ এতিয়া অসমৰ বিজেপি চৰকাৰে বিধায়ক চুৰি কৰাত ব্যস্ত হৈ পৰিছে৷ সৰ্বসাধাৰণ ৰাইজৰ সমস্যাৰ প্ৰতি তেওঁলোকৰ কাণষাৰ নাই৷ কাৰ্যসূচীত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা, বিধায়কদ্বয় শশীকান্ত দাস, শিৱামণি বৰা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাকে ধৰি ভালেসংখ্যক কংগ্ৰেছ নেতা-কৰ্মী উপস্থিত থাকে

LEAVE A REPLY

Please enter your comment!
Please enter your name here