Home Main Stories ৰৌতাত’ আক্ৰাছু’ৰ ৩১ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপনৰ সভাত ...

ৰৌতাত’ আক্ৰাছু’ৰ ৩১ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপনৰ সভাত চৰকাৰক হুংকাৰ

146
0

বলোৰাম পাঠক , ৰৌতাচাৰিআলি, ২৯ জুলাই : ৰাজ্যখনত ৰাজ্য চৰকাৰে চাৰিবাৰকৈ অধ্যাদেশ জাৰি কৰাৰ পাছতো কুচক্ৰান্ত ৰচনা কৰি চৰকাৰে কোচ- ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান নকৰি ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি আছে । অথচ কোচ ৰাজবংশী সকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠী অৰ্থাৎ প্ৰকৃত আদিবাসী লোক । কোচ ৰাজবংশীয় ৰজাই ৰাজত্ব চলোৱা বিজনী, চিদলি ,দৰং , খাচপুৰ , বেলতলা ইত্যাদিৰ কথা আজি কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰখনৰ সকলোৱে জানে । তথাপি চৰকাৰৰ অৱহেলাৰ বাবে এই জনগোষ্ঠীটো আজি সকলো দিশতে সৰ্বশ্ৰেষ্ঠ ভাৱে লাঞ্চিত, বঞ্চিত, নিস্পেষিত আৰু লুন্ঠিত হৈ থাকিবলগীয়া হৈছে বুলি আক্ৰাছুৰ ৩১ সংখ্যাক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰৌতা চাৰিআলিত দিয়া ভাষণত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মনে আজি এনেদৰে কয় । তেওঁ আৰু কয় যে – ভাৰতীয় জনতা পাৰ্টীৰ দলে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰত ইস্তাহাৰ যোগে কৰা প্ৰতিশ্ৰুতিবোৰ বৰ্তমান বিজেপিৰ চৰকাৰখনে পালন কৰা নাই । গতিকে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ সন্মান সহকাৰে ৰক্ষা কৰি অতিশীঘ্ৰে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান কৰিবলৈ দাবী জনায় । অন্যথায় জনজাতি কৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অতি কম দিনৰ ভিতৰতে জংগী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বুলি সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে হুংকাৰ দিয়ে । ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ ৰৌতাচাৰিআলিত থকা মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচী পালন কৰা প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে আজি পুৱা ৮ বজাত ছাত্ৰ সংগঠনটোৰ পতাকা উত্তোলনৰ পাছত দিনৰ ১১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হৈ যায় ।এই সভাখনত সভাপতিত্ব কৰে ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ভাস্কৰ সিংহই । সভাখনত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভূপেন যায় , কেন্দ্ৰীয় মহিলা সমিতিৰ সভানেত্ৰী মণিকা ৰায়, উপ সভানেত্ৰী ভাগ্যজ্যোতি সিংহ , সম্পাদিকা দীপামণি ৰাজবংশী , ওদালগুৰি জিলা সমিতিৰ সভাপতি শ্ৰী বাস সিংহ , চিৰাং জিলা সমিতিৰ সভাপতি মদন বৰ্মন , সম্পাদক গোবিন্দ বৰ্মন প্ৰমুখ্যে ছাত্ৰ সন্থাটোৰ কেন্দ্ৰীয়, জিলাৰ বিষয় ববীয়াসকলৰ লগতে বহুতো ৰাইজ উপস্থিত আছিল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here