Home Uncategorized যোৰহাটৰ নিমাতীঘাট পৰিদৰ্শন মন্ত্ৰী পিয়ুষ হাজৰিকাৰ : বানপানী নিয়ন্ত্ৰনলৈ আনিবলৈ সক্ষম হ’ব...

যোৰহাটৰ নিমাতীঘাট পৰিদৰ্শন মন্ত্ৰী পিয়ুষ হাজৰিকাৰ : বানপানী নিয়ন্ত্ৰনলৈ আনিবলৈ সক্ষম হ’ব চৰকাৰ

377
0

গণ বাৰ্তা, যোৰহাট,২০ ফেব্ৰুৱাৰী:- অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি যোৰহাটৰ নিমাতীঘাটত উপস্থিত হৈ মথাউৰিৰ চলি থকা কাম কাজ সমূহৰ বুজ লয়৷মাজুলীৰ পৰা পোনে পোনে আহি নিমাতী ঘাটত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে শৈলস্পাৰ জিঅ’ বেগৰ কামৰ পৰিদৰ্শন কৰা লগতে কাম উন্নত মানৰ আৰু খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে বিভাগৰ বিষয়া অভিযন্তাৰ লগতে ঠিকাদাৰ সকলক |মন্ত্ৰীগৰাকীয়ে আগন্তুক বানপানীৰ পৰা সাম্ভাব্য  খহনীয়া ৰোধৰ ক্ষেত্ৰত ল’ব পৰা ব্যৱস্থাৱলীৰ সম্পৰ্কত বিভাগীয় বিষয়াসকলৰ লগত  আলোচনা কৰে ৷ নিমাতীঘাটত বৰ্তমান ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে ৰ্জিঅ’ বেগ, পাৰ্কুপাইন আৰু বুল হেডৰ কাম চলি আছে৷ এইক্ষেত্ৰত পাৰ্কুপাইনৰ বানপানি ৰোধৰ ক্ষমতা বেছি হোৱা বাবে মন্ত্ৰীগৰাকীয়ে  জিঅ’বেগতকৈ পাৰ্কুপাইনৰ ব্যৱহাৰ আগলৈ অধিক কৰা হ’ব বুলি মন্তব্য কৰি কয় যে জিঅ’ বেগৰ সন্মূখ ভাগত পাৰ্কুপাইন দিলে জিঅ’বেগ সমূহত পানীৰ জোৰ কমকৈ পৰিব আৰু তাৰ বাবে পৰীক্ষামুলক ভাৱে এই পদ্ধতি  আৰম্ভ কৰা হ’ব| আনহাতে পূৰ্বৰ তুলনাত মথাউৰি কম কৈ ভাঙিছে বুলি মন্তব্য কৰি কয় যে, বিগত বৰ্ষত বৰষুন কম হৈছিল বাবে আগন্তুক বাৰিষা কালচোৱা বিভাগটোৰ বাবে প্ৰকৃতাৰ্থত চেলেঞ্জ হৈ পৰিব| তেওঁ লগতে কয় যে, ৰাজ্যত মথাউৰি সমূহ নিৰ্মান সঠিক হ’লে ৭০ শতাংশ বান নিয়ন্ত্ৰন কৰিব পৰা যাব ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, বাৰিষাৰ আগতে মথাউৰিৰ চলি থকা কাম কাজ সমূহ শেষ হ’ব আৰু আগন্তুক বান নিয়ন্ত্ৰনৰ ক্ষেত্ৰত জলসম্পদ বিভাগ সম্পূৰ্ণভাৱে সাজু ৷ উল্লেখযোগ্য যে, নিমাতী ঘাটৰ ১ নং আৰু ২ নং বুলহেডত প্ৰায় ৩০ কোটি টকাৰ কাম চলি আছে | মন্ত্ৰী গৰাকীৰ লগত বিভাগীয় আভিযন্তা আৰু ঠিকাদাৰসকল উপস্থিত আছিল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here